--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতত উৎপাদিত কফ চিৰাপ খাই বিশ্বৰ কেইবাখনো দেশত বহু শিশুৰ মৃত্যু ঘটাৰ ঘটনাই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে সময়তে শেহতীয়াকৈ উজবেকিস্তানত  নয়ডাস্থিত ফাৰ্মাচিউটিকেল কোম্পানী মেৰিয়ন বায়োটেক প্ৰাইভেট লিমিটেডে যোগান ধৰা কফ চিৰাপ খাই ১৮ টিকৈ শিশুৰ মৃত্যুৰ খবৰে সকলোকে জোকাৰি গৈছে। 

ঘটনাটোৰ বাবে ভাৰত চৰকাৰো  সমস্যাত পৰিছে।এনে সময়তে  দেশৰ সৰ্বোচ্চ ঔষধ ৰপ্তানি পৰিষদ ফাৰ্মেক্সিলে নয়ডাস্থিত ফাৰ্মাচিউটিকেল কোম্পানী মেৰিয়ন বায়োটেক প্ৰাইভেট লিমিটেড কোম্পানীটোৰ সদস্যপদ বাতিল কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ অধীনত অহা ফাৰ্মেক্সিলে  সংশ্লিষ্ট ফাৰ্মাচিউটিকেল কোম্পানীটোক কৈছে যে কোম্পানীটোৰ  বাবেই বিশ্বত ভাৰতৰ "বদনাম"  হৈছে। ইয়াৰ ফলত ভাৰতৰ ফাৰ্মাচিউটিকেল উদ্যোগ ক্ষতিগ্ৰস্ত হ'ব। ভৱিষ্যতে ঔষধ তৈয়াৰ কৰাত ভাৰতক আন কোনেও বিশ্বাসত নল’ব পাৰে।   সেয়েহে কোম্পানীটোৰ  সদস্যপদ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ফলস্বৰূপে উক্ত কোম্পানীটোৱে  বিদেশত ঔষধ ৰপ্তানি কৰিবলৈ সক্ষম নহ'ব।

ইয়াৰ আগতে কেন্দ্ৰই মেৰিয়ন বায়োটেক প্ৰাইভেট লিমিটেডৰ সকলো ঔষধৰ উৎপাদন বন্ধ কৰি দিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই শুকুৰবাৰে টুইট কৰি কয় যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনৰ সংস্থা চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰোল অৰ্গেনাইজেশ্যনে (চিডিএছচিঅ') ঔষধ প্স্তুতকাৰী কোম্পানীটোত  তালাচী অভিযান চলাইছিল। বৃহস্পতিবাৰেনিশা কোম্পানীৰ নয়ডা গোটত সকলো ঔষধৰ উৎপাদন বন্ধ কৰি দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু