--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতত উৎপাদিত কফ চিৰাপ খাই বিশ্বৰ কেইবাখনো দেশত বহু শিশুৰ মৃত্যু ঘটাৰ ঘটনাই বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনে সময়তে শেহতীয়াকৈ উজবেকিস্তানত  নয়ডাস্থিত ফাৰ্মাচিউটিকেল কোম্পানী মেৰিয়ন বায়োটেক প্ৰাইভেট লিমিটেডে যোগান ধৰা কফ চিৰাপ খাই ১৮ টিকৈ শিশুৰ মৃত্যুৰ খবৰে সকলোকে জোকাৰি গৈছে। 

ঘটনাটোৰ বাবে ভাৰত চৰকাৰো  সমস্যাত পৰিছে।এনে সময়তে  দেশৰ সৰ্বোচ্চ ঔষধ ৰপ্তানি পৰিষদ ফাৰ্মেক্সিলে নয়ডাস্থিত ফাৰ্মাচিউটিকেল কোম্পানী মেৰিয়ন বায়োটেক প্ৰাইভেট লিমিটেড কোম্পানীটোৰ সদস্যপদ বাতিল কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ অধীনত অহা ফাৰ্মেক্সিলে  সংশ্লিষ্ট ফাৰ্মাচিউটিকেল কোম্পানীটোক কৈছে যে কোম্পানীটোৰ  বাবেই বিশ্বত ভাৰতৰ "বদনাম"  হৈছে। ইয়াৰ ফলত ভাৰতৰ ফাৰ্মাচিউটিকেল উদ্যোগ ক্ষতিগ্ৰস্ত হ'ব। ভৱিষ্যতে ঔষধ তৈয়াৰ কৰাত ভাৰতক আন কোনেও বিশ্বাসত নল’ব পাৰে।   সেয়েহে কোম্পানীটোৰ  সদস্যপদ বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ফলস্বৰূপে উক্ত কোম্পানীটোৱে  বিদেশত ঔষধ ৰপ্তানি কৰিবলৈ সক্ষম নহ'ব।

ইয়াৰ আগতে কেন্দ্ৰই মেৰিয়ন বায়োটেক প্ৰাইভেট লিমিটেডৰ সকলো ঔষধৰ উৎপাদন বন্ধ কৰি দিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই শুকুৰবাৰে টুইট কৰি কয় যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনৰ সংস্থা চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডাৰ্ড কণ্ট্ৰোল অৰ্গেনাইজেশ্যনে (চিডিএছচিঅ') ঔষধ প্স্তুতকাৰী কোম্পানীটোত  তালাচী অভিযান চলাইছিল। বৃহস্পতিবাৰেনিশা কোম্পানীৰ নয়ডা গোটত সকলো ঔষধৰ উৎপাদন বন্ধ কৰি দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক