--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেওবাৰে গৃহৰাজ্য গুজৰাট ভ্ৰমণত আছে। আগন্তুক বিধানসভা নিৰ্বাচন উপলক্ষেই মোদীয়ে গৃহৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ বুজ লৈ আছে। প্ৰধানমন্ত্ৰী গুজৰাটত থকা অৱস্থাতে ৰাজ্যখনত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

ৰাজ্যখনৰ মোৰবি জিলাৰ মাচ্চু নদীত থকা এখন জুলনা দলং ভাঙি পৰাত মৃত্যু হৈছে প্ৰায় ৪০ গৰাকী লোকৰ। ইয়াৰ উপৰি গুৰুত্তৰভাৱে আঘাটপ্ৰাপ্ত অৱস্থাত বহু লোকক হস্পিতালত ভৰ্তি কৰোৱা হৈছে।

ইতিমধ্যে ভয়াৱহ দুৰ্ঘটনাটোৰ ভিডিঅ’সমূহ ভাইৰেল হৈ পৰিছে। দেখা গৈছে যে জুলনা দলং ভাঙি যোৱাত দলঙত থকা সকলো লোক নদীত পৰি যায়।

বহুতো লোকে নদীখন সাঁতুৰি পাৰলৈ অহাৰ চেষ্টা কৰে। কিছুৱে ভগ্ন দলঙৰ ৰেলিঙত ধৰি প্ৰাণ বচোৱাৰ চেষ্টা কৰে।

স্থানীয় বাসিন্দাসকলে প্ৰথমে উদ্ধাৰকাৰ্য চলোৱাৰ পাছতে দুৰ্যোগ ব্যৱস্থাপনা বাহিনী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। বৰ্তমানেও উদ্ধাৰকাৰ্য চলি আছে। ইতিমধ্যে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ স’তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোৰ সংক্ৰান্তত আলোচনা কৰিছে বুলি জানিব পৰা গৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু