--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে৷ পৰিয়ালৰ লোকে তেওঁক  ততাতৈয়াকৈ  চিকিৎসালয়ত ভৰ্তি কৰিছে। সূত্ৰ অনুসৰি তেওঁ বৃদ্ধ বয়সৰ সমস্যাত ভুগি আছে। মঙলবাৰে নিশা তেওঁৰ শাৰীৰিক অৱস্থাৰ হঠাতে অৱনতি ঘটিছিল। তেওঁক বুধবাৰে আহমেদাবাদৰ ইউ এন  মেহতা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে, শেহতীয়া প্ৰতিবেদন অনুসৰি, তেওঁৰ শাৰীৰিক অৱস্থা স্থিৰ। চিন্তাৰ কোনো কাৰণ নাই।


প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেন মোদীয়ে  এই বছৰ ১০০ বছৰ বয়স সম্পূৰ্ণ কৰিছে। স্বাভাৱিকতে তেওঁৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ ৰোগে বাহ বান্ধিছে । পৰিয়ালৰ সূত্ৰই প্ৰকাশ  কৰা অনুসৰি  হীৰাবেন মোদীৰ চিন্তাৰ কোনো কাৰণ নাই। আগতেও তেওঁক এনে ধৰণে  কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল।
 প্ৰধানমন্ত্ৰীৰ পৰিয়ালৰ বাবে হয়তো এতিয়াৰ সময়টো ভাল নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাতৃ প্ৰহ্লাদ মোদী আৰু তেওঁৰ গোটেই পৰিয়ালটো দুৰ্ঘটনাত পতিত হোৱাৰ পিছত তেওঁলোকক মঙলবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মঙলবাৰে আবেলি, প্ৰহ্লাদ মোদীয়ে  মাৰ্চিডিজ বেঞ্জ বাহনেৰে  পৰিয়ালৰ সৈতে বান্দিপুৰালৈ যাওঁতে দুৰ্ঘটনাত পতিত হয়।

এই দুৰ্ঘটনাত মোদীৰ ভাতৃ  আঘাতপ্ৰাপ্ত হৈছিল। ঘটনাটোৰ সময়ত তেওঁৰ পত্নী, পুত্ৰ, পুত্ৰৰ পত্নী আৰু নাতি গাড়ীখনতে আছিল। খবৰ অনুসৰি তেওঁলোক আটাইকেইজন আহত হৈছিল। দুৰ্ঘটনাটোৰ কেই ঘণ্টামানৰ পিছতে  প্ৰধানমন্ত্ৰীৰ মাতৃক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছে।

গুজৰাট বিধানসভাৰ  নিৰ্বাচনৰ সময়ত শেষবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মাতৃক লগ কৰিবলৈ গৈছিল । প্ৰধানমন্ত্ৰীয়ে ভোট দানৰ সময়ত তেওঁৰ মাতৃৰ সৈতে কিছু সময় অতিবাহিত কৰিছিল।  মোদীয়ে আজিয়েই তেওঁৰ অসুস্থ মাতৃক সাক্ষাৎ কৰিব নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement