--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ হীৰাবেন মোদী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে৷ পৰিয়ালৰ লোকে তেওঁক  ততাতৈয়াকৈ  চিকিৎসালয়ত ভৰ্তি কৰিছে। সূত্ৰ অনুসৰি তেওঁ বৃদ্ধ বয়সৰ সমস্যাত ভুগি আছে। মঙলবাৰে নিশা তেওঁৰ শাৰীৰিক অৱস্থাৰ হঠাতে অৱনতি ঘটিছিল। তেওঁক বুধবাৰে আহমেদাবাদৰ ইউ এন  মেহতা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে, শেহতীয়া প্ৰতিবেদন অনুসৰি, তেওঁৰ শাৰীৰিক অৱস্থা স্থিৰ। চিন্তাৰ কোনো কাৰণ নাই।


প্ৰধানমন্ত্ৰীৰ মাতৃ হীৰাবেন মোদীয়ে  এই বছৰ ১০০ বছৰ বয়স সম্পূৰ্ণ কৰিছে। স্বাভাৱিকতে তেওঁৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ ৰোগে বাহ বান্ধিছে । পৰিয়ালৰ সূত্ৰই প্ৰকাশ  কৰা অনুসৰি  হীৰাবেন মোদীৰ চিন্তাৰ কোনো কাৰণ নাই। আগতেও তেওঁক এনে ধৰণে  কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল।
 প্ৰধানমন্ত্ৰীৰ পৰিয়ালৰ বাবে হয়তো এতিয়াৰ সময়টো ভাল নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাতৃ প্ৰহ্লাদ মোদী আৰু তেওঁৰ গোটেই পৰিয়ালটো দুৰ্ঘটনাত পতিত হোৱাৰ পিছত তেওঁলোকক মঙলবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মঙলবাৰে আবেলি, প্ৰহ্লাদ মোদীয়ে  মাৰ্চিডিজ বেঞ্জ বাহনেৰে  পৰিয়ালৰ সৈতে বান্দিপুৰালৈ যাওঁতে দুৰ্ঘটনাত পতিত হয়।

এই দুৰ্ঘটনাত মোদীৰ ভাতৃ  আঘাতপ্ৰাপ্ত হৈছিল। ঘটনাটোৰ সময়ত তেওঁৰ পত্নী, পুত্ৰ, পুত্ৰৰ পত্নী আৰু নাতি গাড়ীখনতে আছিল। খবৰ অনুসৰি তেওঁলোক আটাইকেইজন আহত হৈছিল। দুৰ্ঘটনাটোৰ কেই ঘণ্টামানৰ পিছতে  প্ৰধানমন্ত্ৰীৰ মাতৃক চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছে।

গুজৰাট বিধানসভাৰ  নিৰ্বাচনৰ সময়ত শেষবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মাতৃক লগ কৰিবলৈ গৈছিল । প্ৰধানমন্ত্ৰীয়ে ভোট দানৰ সময়ত তেওঁৰ মাতৃৰ সৈতে কিছু সময় অতিবাহিত কৰিছিল।  মোদীয়ে আজিয়েই তেওঁৰ অসুস্থ মাতৃক সাক্ষাৎ কৰিব নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু