--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদ্বোধন হোৱাৰ দিনৰে পৰাই গৰু-ম’হ খুন্দিয়াই সংবাদ শিৰোনাম দখল কৰি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ৰে’ল বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দাত এইবাৰ নহত হ’ল এটি তিনি বছৰীয়া কন্যা শিশু৷ ঘটনাটো  পঞ্জাৱৰ ৰোপাৰ অঞ্চলৰ কিৰাটপুৰ চাহিবৰ ওচৰত সংঘটিত হৈছে।

ৰে'ল আৰক্ষীৰ   মতে বন্দে ভাৰত এক্সপ্ৰেছে হিমাচল প্ৰদেশৰ উনাৰ পৰা নতুন দিল্লীলৈ গৈ আছিল।ৰে’ল খনে পঞ্জাৱৰ ৰোপাৰ অঞ্চলেৰে  গৈ থকাৰ সময়তে  দুৰ্ঘটনাটো সংঘটিত হৈছিল। শিশুটিয়ে দেউতাকৰ সৈতে ৰে’লপথ পাৰ হৈ আছিল। কিন্তু দেউতাক পাৰ হোৱাৰ সময়তে  শিশুটি ৰে’ল পথত  পিছলি পৰি গৈছিল। সেই সময়তে  দ্ৰুত গতিত  অহা বন্দে ভাৰতএক্সপ্ৰেছৰ খুন্দাত নিহত হয় শিশুটি৷ উল্লেখ্য ইয়াৰ পূৰ্বে গৰু আৰু ম’হৰ জাকক খুন্দিয়াই অতি দ্ৰুতবেগী ৰে’ল খনৰ সন্মুখভাগৰ বিস্তৰ ক্ষতিসাধন হৈছিল৷

ৰে’ল খনে কেইবাবাৰো গৰু আৰু ম'হক খুন্দা মাৰিছে।৮ নৱেম্বৰত গান্ধীনগৰ ষ্টেচনৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত থকা আনন্দ ষ্টেচনৰ ওচৰত বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দাত  এগৰাকী মহিলাৰ মৃত্যু হৈছিল। বন্দে ভাৰত এক্সপ্ৰেছখনে প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ  বেগত চলিব পাৰে। 

পশ্চিম ৰে’লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰে’লখন আন ৰে’লতকৈ অধিক আৰামদায়ক। কিন্তু জনবসতিপূৰ্ণ অঞ্চলত এই উচ্চ গতিৰ ৰে’লখন চলোৱাটো বিপদজনক  হয় নে নহয় তাকে লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক