--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদ্বোধন হোৱাৰ দিনৰে পৰাই গৰু-ম’হ খুন্দিয়াই সংবাদ শিৰোনাম দখল কৰি অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ ৰে’ল বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দাত এইবাৰ নহত হ’ল এটি তিনি বছৰীয়া কন্যা শিশু৷ ঘটনাটো  পঞ্জাৱৰ ৰোপাৰ অঞ্চলৰ কিৰাটপুৰ চাহিবৰ ওচৰত সংঘটিত হৈছে।

ৰে'ল আৰক্ষীৰ   মতে বন্দে ভাৰত এক্সপ্ৰেছে হিমাচল প্ৰদেশৰ উনাৰ পৰা নতুন দিল্লীলৈ গৈ আছিল।ৰে’ল খনে পঞ্জাৱৰ ৰোপাৰ অঞ্চলেৰে  গৈ থকাৰ সময়তে  দুৰ্ঘটনাটো সংঘটিত হৈছিল। শিশুটিয়ে দেউতাকৰ সৈতে ৰে’লপথ পাৰ হৈ আছিল। কিন্তু দেউতাক পাৰ হোৱাৰ সময়তে  শিশুটি ৰে’ল পথত  পিছলি পৰি গৈছিল। সেই সময়তে  দ্ৰুত গতিত  অহা বন্দে ভাৰতএক্সপ্ৰেছৰ খুন্দাত নিহত হয় শিশুটি৷ উল্লেখ্য ইয়াৰ পূৰ্বে গৰু আৰু ম’হৰ জাকক খুন্দিয়াই অতি দ্ৰুতবেগী ৰে’ল খনৰ সন্মুখভাগৰ বিস্তৰ ক্ষতিসাধন হৈছিল৷

ৰে’ল খনে কেইবাবাৰো গৰু আৰু ম'হক খুন্দা মাৰিছে।৮ নৱেম্বৰত গান্ধীনগৰ ষ্টেচনৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত থকা আনন্দ ষ্টেচনৰ ওচৰত বন্দে ভাৰত এক্সপ্ৰেছৰ খুন্দাত  এগৰাকী মহিলাৰ মৃত্যু হৈছিল। বন্দে ভাৰত এক্সপ্ৰেছখনে প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ  বেগত চলিব পাৰে। 

পশ্চিম ৰে’লৱেৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰে’লখন আন ৰে’লতকৈ অধিক আৰামদায়ক। কিন্তু জনবসতিপূৰ্ণ অঞ্চলত এই উচ্চ গতিৰ ৰে’লখন চলোৱাটো বিপদজনক  হয় নে নহয় তাকে লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু