--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউদৰ জনপ্ৰিয় অভিনেতা ৰণদ্বীপ হুদা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এখন চিনেমাৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি হয় ৰণদ্বীপ হুদা। বুধবাৰে অভিনেতাজনৰ আঠুৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হয়। ৪৫ বছৰীয়া ৰণদ্বীপ হুদাৰ নতুনকৈ আহিবলগীয়া ছবি ‘ইন্সপেক্টৰ অবিনাশ’ৰ শ্বুটিঙৰ সময়ত শ্বুটিংস্থলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল অভিনেতাগৰাকী। এক মাৰ-পিটৰ দৃশ্যত ভাগ লৈছিল অভিনেতাগৰাকীয়ে। ৰণদ্বীপক ততাতৈয়াকৈ মুম্বাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসকে তেওঁক পৰীক্ষা কৰি আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ কৰিব লাগিব বুলি কয়। পৰৱৰ্তী সময়ত চিকিৎসকে অভিনেতাগৰাকীৰ আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰে। উল্লেখযোগ্য যে ‘ইন্সপেক্টৰ অবিনাশ’ৰ শ্বুটিঙৰ সময়ত তেওঁ যিখন ভৰিত আঘাত পাইছিল সেই একেখন ভৰিতে ৰণদ্বীপে ‘ৰাধে’ নামৰ চলচ্চিত্ৰখনৰ শ্বুটিঙৰ সময়তো আঘাত পাইছিল। ৰণদ্বীপ হুদাক অতি সোনকালেই হাস্পতালৰ পৰা ৰিলিজ দিয়া হ’ব বুলি জনাইছে তেওঁৰ মেনেজাৰে। ২০০৮ চনতো তেওঁৰ ভৰিৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হৈছিল। সেইবাৰ তেওঁ প’ল’ গেম খেলি আছিল। আৰু পঢ়কঃ বাংলাদেশী জাহাজত ৰাছিয়াৰ মিছাইল আক্ৰমণ;এজন নাবিক নিহত

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু