--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউদৰ জনপ্ৰিয় অভিনেতা ৰণদ্বীপ হুদা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এখন চিনেমাৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি হয় ৰণদ্বীপ হুদা। বুধবাৰে অভিনেতাজনৰ আঠুৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হয়। ৪৫ বছৰীয়া ৰণদ্বীপ হুদাৰ নতুনকৈ আহিবলগীয়া ছবি ‘ইন্সপেক্টৰ অবিনাশ’ৰ শ্বুটিঙৰ সময়ত শ্বুটিংস্থলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল অভিনেতাগৰাকী। এক মাৰ-পিটৰ দৃশ্যত ভাগ লৈছিল অভিনেতাগৰাকীয়ে। ৰণদ্বীপক ততাতৈয়াকৈ মুম্বাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। চিকিৎসকে তেওঁক পৰীক্ষা কৰি আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ কৰিব লাগিব বুলি কয়। পৰৱৰ্তী সময়ত চিকিৎসকে অভিনেতাগৰাকীৰ আঁঠুৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰে। উল্লেখযোগ্য যে ‘ইন্সপেক্টৰ অবিনাশ’ৰ শ্বুটিঙৰ সময়ত তেওঁ যিখন ভৰিত আঘাত পাইছিল সেই একেখন ভৰিতে ৰণদ্বীপে ‘ৰাধে’ নামৰ চলচ্চিত্ৰখনৰ শ্বুটিঙৰ সময়তো আঘাত পাইছিল। ৰণদ্বীপ হুদাক অতি সোনকালেই হাস্পতালৰ পৰা ৰিলিজ দিয়া হ’ব বুলি জনাইছে তেওঁৰ মেনেজাৰে। ২০০৮ চনতো তেওঁৰ ভৰিৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হৈছিল। সেইবাৰ তেওঁ প’ল’ গেম খেলি আছিল। আৰু পঢ়কঃ বাংলাদেশী জাহাজত ৰাছিয়াৰ মিছাইল আক্ৰমণ;এজন নাবিক নিহত

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু