--°C
Loading...
Listen to Article
2 min read
80%

জনপ্ৰিয় গায়িকা নেহা কক্কৰৰ ‘নাৰাজগী...’ শীৰ্ষক মিউজিক ভিডিঅ’টো ইণ্টাৰনেটত মুক্তিলাভ কৰে৷ এই মিউজিক ভিডিঅ’টোৱে বিপদত পেলালে গায়িকাগৰাকীক৷

ডিজিটেল ডেস্ক : শেহতীয়াকৈ মুক্তিলাভ কৰা মিউজিক ভিডিঅ’ই বিপদত পেলাইছে জনপ্ৰিয় গায়িকা নেহা কক্কৰক৷ জানিব পৰা মতে, অলপতে মুক্তি লাভ কৰিছিল নেহা কক্কৰে কণ্ঠদান কৰা ‘নাৰাজগী...’ শীৰ্ষক মিজউক ভিডিঅ’টো৷ এই মিউজিক ভিডিঅ’টোৰ সন্দৰ্ভত ইনষ্টাগ্ৰামত কিছু কথা ব্যক্ত কৰি এটি পোষ্টো কৰিছিল তেওঁ। কিন্তু ভিডিঅ’টো মুক্তিলাভ কৰাৰ পাছতেই ইণ্টাৰনেটত সমালোচনাৰ সন্মুখীন হয় গায়িকাগৰাকী৷ আচলতে গীতটিত থকা এটি ৰিলিক্সে বিচলিত কৰি তুলিছিল তেওঁৰ অনুৰাগীসকলক৷ এই গীতটিৰ বাবে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছিল বহুজনে। নেহাৰ নতুন মিউজিক ভিডিঅ’টোৰ এটি লিৰিক্স অনুসৰি ' 'I feel so lonely, lonely without you baby!' ' গীতটোৰ সন্দৰ্ভত এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, 'ইমান জোৰদাৰ ভুৱা ইংৰাজী উচ্চাৰণ।' আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "অত্যধিক বিৰক্তিকৰ অটোটিউন অত্যধিক উচ্চ যেন লাগিছে৷' আনএজনৰ মতে, 'আপুনি আনকি হিন্দীতেই ভালকৈ গাবলৈ নোৱাৰে আৰু আপুনি এটা ইংৰাজী গান চেষ্টা কৰি আছে।' আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, 'দুৱা লিপা হ'বলৈ চেষ্টা কৰিছিল কিন্তু হ'লগৈ 'টনি কক্কৰ' ৷ মিউজিক ভিডিঅ'টো, নেহাই নিজে গীতটি দৰ্শকৰ বাবে প্ৰদৰ্শন কৰা দেখা যায়৷ এখন সুকোমল পালেঙত বহি গীতটে গাই আছিল। নেহাই ভিডিঅ'টোত এখন ৰঙা শাৰী পৰিধান কৰিছিল৷ এই শাৰীখনেৰে চালে চকুৰোৱা হৈ পৰিছিল গায়িকাগৰাকী। গানটোত অক্ষয় অবেৰয়ও অভিনয় কৰিছে। গীতটোৰ কথাবোৰ সোনল প্ৰধানে লিখিছে আৰু ৰচনা কৰিছে। নেহা আৰু অক্ষয়ে এজনী যুৱতীৰ কাহিনী উপস্থাপন কৰিছে যিয়ে ভিডিঅ’টোত তেওঁৰ প্ৰাক্তন প্ৰেমিকৰ সৈতে কথা পাতিবলৈ যথাসাধিকাৰ চেষ্টা কৰিছে। [caption id="attachment_134686" align="aligncenter" width="300"] ছ'চিয়েল মিডিয়াত ট্ৰ’ল[/caption] নেহাৰ স্বামী ৰোহনপ্ৰীত সিঙে তেওঁৰ লেডীলাভৰ নতুন গানটোৰ প্ৰশংসা কৰিছিল। তেওঁ ইনষ্টাগ্ৰামত মিউজিক ভিডিঅ'টোৰ এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছিল আৰু লিখিছিল, 'জাষ্ট ৱাও!! ❤মই তোমাৰ আৰু এই গানটোৰ প্ৰেমত আকৌ পৰিছোঁ!! ❤' গায়িকাগৰাকীৰ ভাতৃ টনি কক্কৰেও এনেদৰে মন্তব্য কৰিছিল, 'আনন্দ ❤'৷ কিন্তু নেহাক কৰা এই সমালোচনাক কেনেদৰে গ্ৰহণ কৰিব নেহাই৷ নে সকলো এৰাই চলি নিজৰ মাজতে বিলীন হ'ব নেহা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু