--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আব্দুল হাফিজে প্ৰায়ে অত্যাচাৰ কৰে তেওঁৰ পত্নী সুমিতা বেগমক। নিশাও পত্নীক গুৰুতৰভাৱে প্ৰহাৰ কৰে আব্দুল হাফিজে।

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পাৰিবাৰিক সংঘাতৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।  নিশা মহানগৰীৰ ছুপাৰ মাৰ্কেটৰ সমীপত হয় চুৰিকাঘাটৰ ঘটনা।


পাৰিবাৰিক সংঘাতে লয় ভয়ংকৰ ৰূপ। ডেগাৰৰ আক্ৰমণত আহত তিনিগৰাকীকৈ লোক। 


নচিব আলী নামৰ এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছে। এখন ভৰি ভঙাৰ লগতে হাতত গুৰুতৰভাৱে আঘাত পাইছে লোকজনে। 


সম্প্ৰতি এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ ভৰ্তি হৈ আছে। 


অভিযোগ অনুসৰি আব্দুল হাফিজে প্ৰায়ে অত্যাচাৰ কৰে তেওঁৰ পত্নী সুমিতা বেগমক। নিশাও পত্নীক গুৰুতৰভাৱে প্ৰহাৰ কৰে আব্দুল হাফিজে।


৬বছৰৰ আগত বিবাহ পাশত আবদ্ধ হৈছিল দুয়ো। তেওঁলোকৰ আছে দুটাকৈ কন্যা সন্তান।


নিশা দুয়োৰে মাজত সৃষ্টি হৈছিল কাজিয়াৰ। তেনেতে ঘটনাস্থলীত উপস্থিত হয় পত্নী সুমিতা বেগমৰ পৰিয়ালৰ লোক।


সেই একে সময়ত আব্দুল হাফিজ আৰু তেওঁৰ ৩০/৪০ বন্ধুয়ে মিলি  সুমিতাৰ পৰিয়ালক মাৰধৰ কৰাৰ অভিযোগ উঠিছে।


পৰবৰ্তী সময়ত বন্ধুৰ সৈতে মিলি সুমিতা বেগমৰ পৰিয়ালৰ লোকক প্ৰহাৰ কৰাৰ লগতে ডেগাৰে আক্ৰমণ কৰাৰ অভিযোগ।


উল্লেখ্য যে সচিবালয়ৰ চৰকাৰী আৱাসগৃহত আব্দুল হাফিজে পৰিয়ালসহ দীৰ্ঘদিন ধৰি বসবাস কৰি আছিল।


আব্দুল হাফিজ এগৰাকী সচিবালয়ৰ বিষয়াৰ গাড়ী চালক। ঘটনা স্থলীত উপস্থিত হয় দিছপুৰ আৰক্ষী।


সুমিতা বেগমৰ পৰিয়ালক আক্ৰমণ কৰি পলায়ন কৰাৰ অভিযোগ।


আব্দুল হাফিজৰ ঘৰ হাজোত আৰু সুমিতা বেগমৰ ঘৰ বাইহাটা চাৰিআলিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন