--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আব্দুল হাফিজে প্ৰায়ে অত্যাচাৰ কৰে তেওঁৰ পত্নী সুমিতা বেগমক। নিশাও পত্নীক গুৰুতৰভাৱে প্ৰহাৰ কৰে আব্দুল হাফিজে।

ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত পাৰিবাৰিক সংঘাতৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে।  নিশা মহানগৰীৰ ছুপাৰ মাৰ্কেটৰ সমীপত হয় চুৰিকাঘাটৰ ঘটনা।


পাৰিবাৰিক সংঘাতে লয় ভয়ংকৰ ৰূপ। ডেগাৰৰ আক্ৰমণত আহত তিনিগৰাকীকৈ লোক। 


নচিব আলী নামৰ এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছে। এখন ভৰি ভঙাৰ লগতে হাতত গুৰুতৰভাৱে আঘাত পাইছে লোকজনে। 


সম্প্ৰতি এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ ভৰ্তি হৈ আছে। 


অভিযোগ অনুসৰি আব্দুল হাফিজে প্ৰায়ে অত্যাচাৰ কৰে তেওঁৰ পত্নী সুমিতা বেগমক। নিশাও পত্নীক গুৰুতৰভাৱে প্ৰহাৰ কৰে আব্দুল হাফিজে।


৬বছৰৰ আগত বিবাহ পাশত আবদ্ধ হৈছিল দুয়ো। তেওঁলোকৰ আছে দুটাকৈ কন্যা সন্তান।


নিশা দুয়োৰে মাজত সৃষ্টি হৈছিল কাজিয়াৰ। তেনেতে ঘটনাস্থলীত উপস্থিত হয় পত্নী সুমিতা বেগমৰ পৰিয়ালৰ লোক।


সেই একে সময়ত আব্দুল হাফিজ আৰু তেওঁৰ ৩০/৪০ বন্ধুয়ে মিলি  সুমিতাৰ পৰিয়ালক মাৰধৰ কৰাৰ অভিযোগ উঠিছে।


পৰবৰ্তী সময়ত বন্ধুৰ সৈতে মিলি সুমিতা বেগমৰ পৰিয়ালৰ লোকক প্ৰহাৰ কৰাৰ লগতে ডেগাৰে আক্ৰমণ কৰাৰ অভিযোগ।


উল্লেখ্য যে সচিবালয়ৰ চৰকাৰী আৱাসগৃহত আব্দুল হাফিজে পৰিয়ালসহ দীৰ্ঘদিন ধৰি বসবাস কৰি আছিল।


আব্দুল হাফিজ এগৰাকী সচিবালয়ৰ বিষয়াৰ গাড়ী চালক। ঘটনা স্থলীত উপস্থিত হয় দিছপুৰ আৰক্ষী।


সুমিতা বেগমৰ পৰিয়ালক আক্ৰমণ কৰি পলায়ন কৰাৰ অভিযোগ।


আব্দুল হাফিজৰ ঘৰ হাজোত আৰু সুমিতা বেগমৰ ঘৰ বাইহাটা চাৰিআলিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ