ডিজিটেল ডেস্কঃ দখলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । পলাশবাৰী থানাৰ অন্তৰ্গত পলাশবাৰী নগৰ আৰক্ষী চকীত কৰ্মৰত তথা দখলা গাঁৱৰ নিবাসী নয়ন দাস নামৰ গৃহৰক্ষী জোৱানে একে গাঁৱৰে জিতুমণি দাস নামৰ প্ৰাক্তন গৃহৰক্ষী জোৱানজনক হত্যা কৰাৰ খবৰে সমগ্ৰ দক্ষিণ কামৰূপ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, টকাৰ লেনদেনৰ বাবে তীব্ৰ সংঘাতৰ সৃষ্টি হৈছিল দুয়োৰে মাজত। অৱশেষত চৰম পৰ্যায় পাইছিল গৈ এই সংঘাতে। মঙলবাৰে নিশা দুয়োৰে মাজত হৈছিল প্ৰচণ্ড মাৰপিট।
গুৰুতৰভাৱে আহত হৈছিল জিতুমণি। অৱশেষত বৃহস্পতিবাৰে চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক সাৱটি লয় জিতুমণি দাসে। ইফালে হত্যাকাৰী নয়ন দাসক গ্ৰেপ্তাৰ কৰিছে বিজয়নগৰ আৰক্ষীয়ে।
নয়ন দাসৰ ভাষ্য অনুসৰি দুয়োৰে মাজত আছিল ভাল বন্ধুত্ব।