--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দুৰ্ঘটনাটোত তেওঁলোকৰ কিশোৰী কন্যা গুৰুতৰভাৱে আহত হৈছে। আহত কিশোৰীগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ডিজিটেল ডেস্কঃ ক্ষেত্ৰীৰ ৰাজপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। কিনিকিনিয়া বৰষুণৰ মাজতে অতি ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গ'ল ক্ষেত্ৰী। গুৱাহাটীৰ সমীপৰ ক্ষেত্ৰীত S-Cross বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাত এহাল পতি-পত্নীয়ে থিতাতে মৃত্যুক সাবটি লয়।  


দুৰ্ঘটনাটোত তেওঁলোকৰ কিশোৰী কন্যা গুৰুতৰভাৱে আহত হৈছে। আহত কিশোৰীগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।


দ্ৰুতবেগী S-Cross বাহনখনে  নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ ডিফাইডাৰত থকা গছত। ইয়াৰ ফলতে গাৰ নোম শিঁয়ৰি যোৱা দুৰ্ঘটনাটো সংঘটিত হয়। 


দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS 01 ET 2351 নম্বৰ বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী আছিল বাহনখন।  নিহত লোকজন ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা বুলি জানিব পৰা গৈছে। গজেন্দ্ৰ মোহন দেৱ শৰ্মাই চলাই গৈছিল বাহনখন, আনফালে সন্মুখৰ চীটত বহি আছিল তেওঁৰ পত্নী অৰ্চনা শৰ্মা।


দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে ক্ষেত্ৰী যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আহত ৮ বছৰীয়া কন্যাক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।


দুৰ্ঘটনা ইমানে ভয়ংকৰ আছিল যে গাড়ীখন সম্পূৰ্ণভাৱে চূৰ্ণ-বিচূৰ্ণ হৈ হৈছে। বিধ্বস্ত হৈ যোৱা বাহনৰ মাজতে আবদ্ধ হৈ আছিল দুয়ো পতি-পত্নীৰ মৃতদেহ। আনকি ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই মৃতদেহ।


জে চি বিয়ে তুলি নিছে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন। পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুৰ্ঘটনাত পতিত বাহনখন ক্ষেত্ৰী থানালৈ লৈ যায়। আৰু ক্ষেত্ৰী থানাত এতিয়া চলি আছে মৃতদেহ উদ্ধাৰ কৰাৰ অভিযান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান