--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দুৰ্ঘটনাটোত তেওঁলোকৰ কিশোৰী কন্যা গুৰুতৰভাৱে আহত হৈছে। আহত কিশোৰীগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ডিজিটেল ডেস্কঃ ক্ষেত্ৰীৰ ৰাজপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। কিনিকিনিয়া বৰষুণৰ মাজতে অতি ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই গ'ল ক্ষেত্ৰী। গুৱাহাটীৰ সমীপৰ ক্ষেত্ৰীত S-Cross বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গছত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই দুৰ্ঘটনাত এহাল পতি-পত্নীয়ে থিতাতে মৃত্যুক সাবটি লয়।  


দুৰ্ঘটনাটোত তেওঁলোকৰ কিশোৰী কন্যা গুৰুতৰভাৱে আহত হৈছে। আহত কিশোৰীগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।


দ্ৰুতবেগী S-Cross বাহনখনে  নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে পথৰ ডিফাইডাৰত থকা গছত। ইয়াৰ ফলতে গাৰ নোম শিঁয়ৰি যোৱা দুৰ্ঘটনাটো সংঘটিত হয়। 


দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AS 01 ET 2351 নম্বৰ বুলি জানিব পৰা গৈছে। গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী আছিল বাহনখন।  নিহত লোকজন ৰহা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ গজেন্দ্ৰ মোহন দেৱ শৰ্মা বুলি জানিব পৰা গৈছে। গজেন্দ্ৰ মোহন দেৱ শৰ্মাই চলাই গৈছিল বাহনখন, আনফালে সন্মুখৰ চীটত বহি আছিল তেওঁৰ পত্নী অৰ্চনা শৰ্মা।


দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে ক্ষেত্ৰী যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আহত ৮ বছৰীয়া কন্যাক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।


দুৰ্ঘটনা ইমানে ভয়ংকৰ আছিল যে গাড়ীখন সম্পূৰ্ণভাৱে চূৰ্ণ-বিচূৰ্ণ হৈ হৈছে। বিধ্বস্ত হৈ যোৱা বাহনৰ মাজতে আবদ্ধ হৈ আছিল দুয়ো পতি-পত্নীৰ মৃতদেহ। আনকি ঘটনাস্থলীত আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই মৃতদেহ।


জে চি বিয়ে তুলি নিছে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন। পৰৱৰ্তী সময়ত আৰক্ষীয়ে দুৰ্ঘটনাত পতিত বাহনখন ক্ষেত্ৰী থানালৈ লৈ যায়। আৰু ক্ষেত্ৰী থানাত এতিয়া চলি আছে মৃতদেহ উদ্ধাৰ কৰাৰ অভিযান।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
৭টা মূল দাবীৰ বাবে চৰকাৰক হেঁচা দিবলৈ ১০ আগষ্টৰ পৰা দেশজুৰি কৃষক আন্দোলন
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ