--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অম্বুবাচী মহাযোগ-২০২৫ উপলক্ষে ভক্তসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ গুৱাহাটী আৰক্ষীয়ে কেতবোৰ বিশেষ নির্দেশনা জাৰি কৰিছে।

ডিজিটেল ডেস্কঃ অম্বুবাচী মহাযোগ-২০২৫ উপলক্ষে ভক্তসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ গুৱাহাটী আৰক্ষীয়ে কেতবোৰ বিশেষ নির্দেশনা জাৰি কৰিছে। এই নির্দেশনাৰ জৰিয়তে উক্ত দিনকেইটাত সকলোৰে সহযোগিতা আশা কৰি নির্দেশনাসমূহ মানি চলিবলৈ আৰক্ষীয়ে আহ্বান জনাইছে।


ভক্তসকলৰ বাবে আৰক্ষীৰ বিশেষ নির্দেশনা:


ক) প্রচণ্ড ভিৰ আৰু ভূমিস্খলনৰ সম্ভাৱনাৰ বাবে

ভক্তসকলক ২২ জুনৰ পৰা ২৫ জুনলৈকে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈহে নীলাচল পাহাৰত প্ৰৱেশৰ অনুমতি দিয়া হ'ব। এই নির্ধাৰিত সময়ৰ বাহিৰত কোনো লোককে প্ৰৱেশৰ অনুমতি দিয়া নহ'ব।


খ) অত্যাৱশ্যকীয় সেৱাৰ কৰ্তব্যৰত বিষয়াৰ বাবে নির্ধাৰিত ফেৰী বাহনহে মন্দিৰলৈ অহা-যোৱা কৰিব পাৰিব। অন্য কোনো বাহন চলাচলৰ অনুমতি দিয়া নহ'ব।



গ) অতিমাত্রা ভিৰ আৰু অভাৱনীয় বতৰৰ বাবে জ্যেষ্ঠ নাগৰিক আৰু কেঁচুৱাসকলক উক্ত দিনকেইটাত মন্দিৰ দৰ্শনৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।


ঘ) পাণ্ডু-কামাখ্যা পথটো সাধাৰণ জনতা আৰু ভি আই পিৰ বাবে বন্ধ থাকিব। একমাত্র জৰুৰীকালীন অৱস্থাৰ বাবেহে এই পথটো কঠোৰভাৱে প্ৰৱেশযোগ্য হ'ব।


ঙ) ২২ জুনৰ পৰা ২৭ জুনলৈকে কোনোধৰণৰ ভি আই পি বা বিশেষ দৰ্শনৰ সুবিধা প্ৰদান কৰা নহ'ব। সকলোৱে সাধাৰণ দৰ্শনৰ নিয়ম মানি চলিব লাগিব।


চ) মহাযোগৰ পবিত্রতা বজাই ৰাখিবলৈ মন্দিৰ চৌহদৰ ভিতৰত আৰু আশে-পাশে লাউডস্পীকাৰ, সংগীত, শোভাযাত্রা আদি কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে।


ছ) ২৬ জুনৰ পুৱা মন্দিৰ দৰ্শন পুনৰ আৰম্ভ হ'ব। মন্দিৰ দৰ্শনৰ বাবে ভক্তসকল বংশী বাগান খেলপথাৰত একত্ৰিত হ'ব লাগিব। তাৰ পৰা নির্দিষ্ট স্বেচ্ছাসেৱকে তেওঁলোকক শাৰী পাতি মন্দিৰ দৰ্শনৰ বাবে লৈ যাব।


জ) মা কামাখ্যাধামলৈ অহা ভক্তসকলে নীলাচল পাহাৰলৈ উঠাৰ পূৰ্বে পাদদেশতেই নিজৰ জোতা-ছেণ্ডেল থৈ যাব লাগিব। কামাখ্যাৰ পাদদেশৰ সিপাৰে কোনোধৰণৰ জোতা বা ছেণ্ডেল পিন্ধিব নোৱাৰিব।


ঝ) ট্রেফিক ডাইভাৰ্ছন আৰু পার্কিঙৰ ব্যৱস্থা সন্দর্ভত অতি সোনকালে গুৱাহাটী যান-বাহন আৰক্ষীয়ে এক সুকীয়া নির্দেশনা জাৰি কৰিব।


ঞ) যিকোনো সাহায্যৰ বাবে ভক্তসকলক জৰুৰীকালীন হেল্পলাইন নম্বৰ ১১২ ডায়েল কৰিবলৈ অনুৰোধ জনোৱা হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি