--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অম্বুবাচী মহাযোগ-২০২৫ উপলক্ষে ভক্তসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ গুৱাহাটী আৰক্ষীয়ে কেতবোৰ বিশেষ নির্দেশনা জাৰি কৰিছে।

ডিজিটেল ডেস্কঃ অম্বুবাচী মহাযোগ-২০২৫ উপলক্ষে ভক্তসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ গুৱাহাটী আৰক্ষীয়ে কেতবোৰ বিশেষ নির্দেশনা জাৰি কৰিছে। এই নির্দেশনাৰ জৰিয়তে উক্ত দিনকেইটাত সকলোৰে সহযোগিতা আশা কৰি নির্দেশনাসমূহ মানি চলিবলৈ আৰক্ষীয়ে আহ্বান জনাইছে।


ভক্তসকলৰ বাবে আৰক্ষীৰ বিশেষ নির্দেশনা:


ক) প্রচণ্ড ভিৰ আৰু ভূমিস্খলনৰ সম্ভাৱনাৰ বাবে

ভক্তসকলক ২২ জুনৰ পৰা ২৫ জুনলৈকে পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈহে নীলাচল পাহাৰত প্ৰৱেশৰ অনুমতি দিয়া হ'ব। এই নির্ধাৰিত সময়ৰ বাহিৰত কোনো লোককে প্ৰৱেশৰ অনুমতি দিয়া নহ'ব।


খ) অত্যাৱশ্যকীয় সেৱাৰ কৰ্তব্যৰত বিষয়াৰ বাবে নির্ধাৰিত ফেৰী বাহনহে মন্দিৰলৈ অহা-যোৱা কৰিব পাৰিব। অন্য কোনো বাহন চলাচলৰ অনুমতি দিয়া নহ'ব।



গ) অতিমাত্রা ভিৰ আৰু অভাৱনীয় বতৰৰ বাবে জ্যেষ্ঠ নাগৰিক আৰু কেঁচুৱাসকলক উক্ত দিনকেইটাত মন্দিৰ দৰ্শনৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।


ঘ) পাণ্ডু-কামাখ্যা পথটো সাধাৰণ জনতা আৰু ভি আই পিৰ বাবে বন্ধ থাকিব। একমাত্র জৰুৰীকালীন অৱস্থাৰ বাবেহে এই পথটো কঠোৰভাৱে প্ৰৱেশযোগ্য হ'ব।


ঙ) ২২ জুনৰ পৰা ২৭ জুনলৈকে কোনোধৰণৰ ভি আই পি বা বিশেষ দৰ্শনৰ সুবিধা প্ৰদান কৰা নহ'ব। সকলোৱে সাধাৰণ দৰ্শনৰ নিয়ম মানি চলিব লাগিব।


চ) মহাযোগৰ পবিত্রতা বজাই ৰাখিবলৈ মন্দিৰ চৌহদৰ ভিতৰত আৰু আশে-পাশে লাউডস্পীকাৰ, সংগীত, শোভাযাত্রা আদি কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে।


ছ) ২৬ জুনৰ পুৱা মন্দিৰ দৰ্শন পুনৰ আৰম্ভ হ'ব। মন্দিৰ দৰ্শনৰ বাবে ভক্তসকল বংশী বাগান খেলপথাৰত একত্ৰিত হ'ব লাগিব। তাৰ পৰা নির্দিষ্ট স্বেচ্ছাসেৱকে তেওঁলোকক শাৰী পাতি মন্দিৰ দৰ্শনৰ বাবে লৈ যাব।


জ) মা কামাখ্যাধামলৈ অহা ভক্তসকলে নীলাচল পাহাৰলৈ উঠাৰ পূৰ্বে পাদদেশতেই নিজৰ জোতা-ছেণ্ডেল থৈ যাব লাগিব। কামাখ্যাৰ পাদদেশৰ সিপাৰে কোনোধৰণৰ জোতা বা ছেণ্ডেল পিন্ধিব নোৱাৰিব।


ঝ) ট্রেফিক ডাইভাৰ্ছন আৰু পার্কিঙৰ ব্যৱস্থা সন্দর্ভত অতি সোনকালে গুৱাহাটী যান-বাহন আৰক্ষীয়ে এক সুকীয়া নির্দেশনা জাৰি কৰিব।


ঞ) যিকোনো সাহায্যৰ বাবে ভক্তসকলক জৰুৰীকালীন হেল্পলাইন নম্বৰ ১১২ ডায়েল কৰিবলৈ অনুৰোধ জনোৱা হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসম কন্যা জাহ্নৱী কাশ্যপৰ ৰূপৰ পদক অৰ্জন
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য