--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি সকলোৱে জানো যে হালধি বহুতো ঔষধি গুণেৰে সমৃদ্ধ। ইয়াক কেৱল খাদ্যত ব্যৱহাৰ কৰাই নহয়, শৰীৰৰ ঘা আৰু ফুলা আঁতৰাবলৈও ব্যৱহাৰ কৰা হয়। হালধিৰ এন্টিবেক্টেৰিয়েল, এন্টিমাইক্ৰ’বিয়াল আৰু এন্টি-কাৰচিনোজেনিক গুণ আছে। মানসিক স্বাস্থ্যৰ বাবেও হালধি অতি উপকাৰী। সেয়েহে ‘হালধি গাখীৰ’ পুষ্টিকৰ বুলি গণ্য কৰা হয়। কিন্তু গৰ্ভৱতী মহিলাসকলে হালধি গাখীৰ সেৱন কৰিব পাৰেনে? সবিশেষ জানো আহক...।

গৰ্ভাৱস্থাত হালধি গাখীৰ সেৱন কৰাটো সম্পূৰ্ণ নিৰাপদ বুলি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ৰম্যা কাবিলানে তেওঁৰ ইনষ্টাগ্ৰামৰ এটা ভিডিঅ’ত উল্লেখ কৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি হালধি গাখীৰ স্বাস্থ্যসন্মত গুণৰ বাবে স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। গৰ্ভৱতী মহিলাৰ বাবেও ই অতি নিৰাপদ। হালধিত এটা সক্ৰিয় যৌগ ‘কাৰকুমিন’ থাকে। গাখীৰৰ লগত মিহলি হোৱাৰ পাছত হালধিৰ পুষ্টিগুণ আৰু অধিক বৃদ্ধি পায়।

* হালধি দিয়া গাখীৰ খোৱাৰ উপকাৰিতা-

হালধি মিহলি গাখীৰে হজম শক্তি উন্নত কৰে। ই পেট ফুলা আৰু গেছৰ সমস্যা দূৰ কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। গৰ্ভৱতী মহিলাৰ বাবে ই অধিক উপকাৰী, কাৰণ এই সময়ছোৱাত তেওঁলোকে বহুবাৰ পাচনতন্ত্ৰৰ সমস্যাৰ মাজেৰে পাৰ হ’বলগীয়া হয়। গৰ্ভাৱস্থাত ৰোগ প্ৰতিৰোধ ক্ষমতাও অতি প্ৰয়োজনীয়, যিটো তেওঁলোকে হালধি গাখীৰৰ পৰা লাভ কৰিব পাৰে।

* চিকিৎসকে কি কয়?

প্ৰতিবেদন অনুসৰি এগৰাকী চিকিৎসকে কয় যে দৈনিক খাদ্যত সামান্য পৰিমাণৰ হালধি যোগ কৰিলে স্বাস্থ্যৰ বাবে সুৰক্ষিত। গৰ্ভাৱস্থাত হালধি সেৱনে ‘প্ৰিক্লেম্পচিয়া’ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে, যিটো গুৰুতৰ অৱস্থা গৰ্ভাৱস্থাৰ ২০ সপ্তাহত বা সন্তান প্ৰসৱৰ পাছত হ’ব পাৰে। বিশেষজ্ঞৰ মতে, ‘যদিও মই সাধাৰণতে গৰ্ভাৱস্থাত হালধি গাখীৰ খোৱাৰ পৰামৰ্শ নিদিওঁ। লগতে তেওঁ কয় যে গৰ্ভাৱস্থাত হালধি গাখীৰে শৰীৰত থকা ইষ্ট্ৰজেনৰ হৰম’ন সলনি কৰিব পাৰে, যাৰ ফলত জৰায়ুৰ সংকোচন বা ৰক্তক্ষৰণৰ সমস্যা হ’ব পাৰে।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু