--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমি সকলোৱে জানো যে হালধি বহুতো ঔষধি গুণেৰে সমৃদ্ধ। ইয়াক কেৱল খাদ্যত ব্যৱহাৰ কৰাই নহয়, শৰীৰৰ ঘা আৰু ফুলা আঁতৰাবলৈও ব্যৱহাৰ কৰা হয়। হালধিৰ এন্টিবেক্টেৰিয়েল, এন্টিমাইক্ৰ’বিয়াল আৰু এন্টি-কাৰচিনোজেনিক গুণ আছে। মানসিক স্বাস্থ্যৰ বাবেও হালধি অতি উপকাৰী। সেয়েহে ‘হালধি গাখীৰ’ পুষ্টিকৰ বুলি গণ্য কৰা হয়। কিন্তু গৰ্ভৱতী মহিলাসকলে হালধি গাখীৰ সেৱন কৰিব পাৰেনে? সবিশেষ জানো আহক...।

গৰ্ভাৱস্থাত হালধি গাখীৰ সেৱন কৰাটো সম্পূৰ্ণ নিৰাপদ বুলি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ৰম্যা কাবিলানে তেওঁৰ ইনষ্টাগ্ৰামৰ এটা ভিডিঅ’ত উল্লেখ কৰিছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি হালধি গাখীৰ স্বাস্থ্যসন্মত গুণৰ বাবে স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। গৰ্ভৱতী মহিলাৰ বাবেও ই অতি নিৰাপদ। হালধিত এটা সক্ৰিয় যৌগ ‘কাৰকুমিন’ থাকে। গাখীৰৰ লগত মিহলি হোৱাৰ পাছত হালধিৰ পুষ্টিগুণ আৰু অধিক বৃদ্ধি পায়।

* হালধি দিয়া গাখীৰ খোৱাৰ উপকাৰিতা-

হালধি মিহলি গাখীৰে হজম শক্তি উন্নত কৰে। ই পেট ফুলা আৰু গেছৰ সমস্যা দূৰ কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। গৰ্ভৱতী মহিলাৰ বাবে ই অধিক উপকাৰী, কাৰণ এই সময়ছোৱাত তেওঁলোকে বহুবাৰ পাচনতন্ত্ৰৰ সমস্যাৰ মাজেৰে পাৰ হ’বলগীয়া হয়। গৰ্ভাৱস্থাত ৰোগ প্ৰতিৰোধ ক্ষমতাও অতি প্ৰয়োজনীয়, যিটো তেওঁলোকে হালধি গাখীৰৰ পৰা লাভ কৰিব পাৰে।

* চিকিৎসকে কি কয়?

প্ৰতিবেদন অনুসৰি এগৰাকী চিকিৎসকে কয় যে দৈনিক খাদ্যত সামান্য পৰিমাণৰ হালধি যোগ কৰিলে স্বাস্থ্যৰ বাবে সুৰক্ষিত। গৰ্ভাৱস্থাত হালধি সেৱনে ‘প্ৰিক্লেম্পচিয়া’ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে, যিটো গুৰুতৰ অৱস্থা গৰ্ভাৱস্থাৰ ২০ সপ্তাহত বা সন্তান প্ৰসৱৰ পাছত হ’ব পাৰে। বিশেষজ্ঞৰ মতে, ‘যদিও মই সাধাৰণতে গৰ্ভাৱস্থাত হালধি গাখীৰ খোৱাৰ পৰামৰ্শ নিদিওঁ। লগতে তেওঁ কয় যে গৰ্ভাৱস্থাত হালধি গাখীৰে শৰীৰত থকা ইষ্ট্ৰজেনৰ হৰম’ন সলনি কৰিব পাৰে, যাৰ ফলত জৰায়ুৰ সংকোচন বা ৰক্তক্ষৰণৰ সমস্যা হ’ব পাৰে।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে