--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰ্ভধাৰণৰ সময়ত মহিলাৰ  ওজন বৃদ্ধি হোৱাটো  স্বাভাৱিক কথা৷  এই ওজন কেৱল মাতৃৰে নহয়, লগতে শৰীৰৰ ভিতৰত অলপ বাঢ়ি অহা ভ্ৰূণৰ ওজনো ইয়াত যোগ হৈ থাকে। অৱশ্যে একেই নিয়ম সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়। বহুক্ষেত্ৰত, সন্তান জন্মৰ ছয় মাহ পিছতো ওজনৰ কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হোৱা দেখা নাযায়। আকৌ, এনে  সময়ত পুষ্টিকৰ খাদ্য বেছিকৈ  খোৱাৰ বাবে বহুতৰে  ওজন নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে৷  ফলত  সমস্যাৰো সৃষ্টি হ’ব পাৰে৷ 

চিকিৎসকৰ পৰা পুষ্টিবিদলৈকে সকলোৰ মতে মূলত‘ গৰ্ভৱতী মহিলাৰ শৰীৰৰ ভৰ সূচকৰ কথাটো অতি গুৰুত্বপূৰ্ণ। গৰ্ভধাৰণৰ সময়ত মহিলাসকলৰ   গড়ে ১০ ৰ পৰা ১২ কিলোগ্ৰাম ওজন বৃদ্ধি হোৱাটো  স্বাভাৱিক।  সন্তান জন্মৰ প্ৰথম পৰ্যায়ত, মহিলাসকল  বহুতো শাৰীৰিক পৰিৱৰ্তনৰসন্মুখীন হ’বলগীয়া হয়৷  যদি বমি, মূৰ ঘূৰোৱা, দুৰ্বল অনুভৱ কৰাৰ দৰে লক্ষণ থাকে, তেনেহ'লে আহাৰৰ পৰিৱৰ্তন কৰাৰ পৰামৰ্শ দিয়া হয়। গতিকে সেই সময়ত বহু মহিলাৰ  ওজন বৃদ্ধি নহ'বও পাৰে। পিছত, ভ্ৰূণটো ডাঙৰ হোৱাৰ লগে লগে মহিলাৰ  ওজনো বৃদ্ধি হয়।

স্বাস্থ্য বিজ্ঞানীসকলৰ মতে  গৰ্ভৱতী মহিলাৰ বাবে একক ভ্ৰূণৰ ক্ষেত্ৰত ১৮.৫ ৰ পৰা২৪.৯ ৰ ভিতৰত বিএমআই(বডি মাছ ইনডেক্স) থকাটো ভাল। মহিলা এগৰাকীৰ ক্ষেত্ৰত, যদি হাৰ  ১৮-ৰ তলত হয় তেন্তে সাৱধান হোৱাটো প্ৰয়োজনীয় কথা৷ যদি এই হাৰ  ৩০-ৰ ওপৰত হয়, তেন্তে সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। অৱশ্যে, যমজ সন্তানৰ ক্ষেত্ৰত, গোটেই সংখ্যাটো বেলেগ হ’ব পাৰে।

মাতৃসকলৰ ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ স্বাস্থ্যকৰ খাদ্য খোৱাৰ উপৰি চিকিৎসকে নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত পানী খোৱা, টোপনি যোৱাৰ পৰামৰ্শ দিয়ে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু