--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু প্ৰতীক্ষাৰ অন্ত পৰিল। শিৱভক্তগণৰ বাবে আনন্দৰ এক খবৰ। দীৰ্ঘ সময়ৰ পিছত মুকলি হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ। মঙলবাৰে পুৱা শ্লোক আৰু ধাক–ঢোলৰ শব্দৰ মাজতে তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰি দিয়া হয় কেদাৰনাথ ধামৰ দুৱাৰ। ভগৱান শিৱৰ বাসস্থান বুলি বিশ্বাস কৰা কেদাৰনাথ ধাম আজি মুকলি হোৱাৰ পূৰ্বে ২০ কুইণ্টল ফুলেৰে সজাই তোলা হয়।

শিৱপুৰাণত ভগৱান শিৱৰ ১২টা জ্যোতিৰ্লিংগৰ কথা উল্লেখ আছে, য'ত শিৱ নিজেই আবিৰ্ভাৱ হৈছিল। তাৰে ভিতৰত কেদাৰনাথ ধাম অন্যতম। উত্তৰাখণ্ডৰ হিমালয় পৰ্বতৰ কোলাত অৱস্থিত কেদাৰনাথ ধামৰ দুৱাৰ ২০২৩ চনৰ ২৫ এপ্ৰিলত মুকলি কৰি দিয়া হয়। ছমাহৰ অন্তত বাবা কেদাৰনাথৰ দৰ্শন কৰিবলৈ প্ৰতি বছৰে বৃহৎ সংখ্যক ভক্ত আহে। কেদাৰনাথ ধাম খোলাৰ সময় আৰু ইয়াৰ লগত জড়িত তথ্য জানো আহক

কেদাৰনাথ ধামৰ কপাট খোলাৰ সময়

যোৱা বছৰ ২০২২ চনৰ ২৭ অক্টোবৰত বন্ধ কৰা কেদাৰনাথ ধামৰ দুৱাৰ ২০২৩ চনৰ ২৫ এপ্ৰিলত পুৱা ০৬:২০ বজাত মেঘ লগ্নত মুকলি কৰা হয়। আজিৰ পৰা অহা ৬ মাহলৈ স্বধৰ্ম যাত্ৰা চলি থাকিব।

কেদাৰনাথ মাত্ৰ ৬ মাহৰ বাবেহে খোলা থাকে।

কেদাৰনাথ ধাম ১২টা জ্যোতিৰ্লিংগৰ লগতে চাৰি ধাম আৰু পঞ্চ কেদাৰৰ অন্যতম। বিশ্বাস কৰা হয় যে ইয়াত শীতকালত যেতিয়া মন্দিৰৰ দুৱাৰ ৬ মাহ বন্ধ হৈ থাকে তেতিয়া পুৰোহিতসকলে মন্দিৰত এগচি চাকি জ্বলাই দিয়ে। আচৰিত কথাটো হ’ল যে তীব্ৰ ঠাণ্ডাতো এই চাকিটো জ্বলি থাকে আৰু ৬ মাহৰ পাছত যেতিয়া এই মন্দিৰটো খোলা হয় তেতিয়া এই চাকিটো একেদৰে জ্বলি থকা দেখা যায়। প্ৰতি বছৰে ভৈৰৱ বাবাৰ পূজাৰ পাছতহে মন্দিৰৰ দুৱাৰ বন্ধ আৰু খোলা হয়। কোৱা হয় যে মন্দিৰৰ দুৱাৰ বন্ধ হ’লে ভগৱান ভৈৰৱে এই মন্দিৰক ৰক্ষা কৰে।

উল্লেখ্য যে কিন্তু প্ৰতিকুল বতৰৰ বাবে উত্তৰাখণ্ডৰ ৰাজ্য চৰকাৰে কেদাৰনাথ যাত্ৰাৰ বাবে তীৰ্থযাত্ৰীৰ পঞ্জীয়নৰ আৱেদন গ্ৰহণৰ প্ৰক্ৰিয়া বন্ধ কৰি দিছে। তীৰ্থযাত্ৰা পথত প্ৰচণ্ড তুষাৰপাতৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। লগতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে তীৰ্থযাত্ৰীৰ বাবে কেদাৰনাথ ধামলৈ যোৱা পথত প্ৰচণ্ড বৰফ পৰাৰ সতৰ্কবাণী জাৰি কৰিছে যাৰ ফলত ৰাজ্য চৰকাৰে আবেদন গ্ৰহণ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে