--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লাভ কৰিছে হত্যাৰ ভাবুকি। অচিনাক্ত ব্যক্তিৰ পৰা যোগী আদিত্যনাথলৈ আহিল হত্যাৰ ভাবুকি।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ চৰকাৰে মুকলি কৰিছিল এটা হেল্পলাইন নম্বৰ। জৰুৰীকালীন সেৱাৰ বাবে ১১২ নম্বৰৰ এই হেল্পলাইন নম্বৰটো মুকলি কৰি দিছিল যোগী চৰকাৰে। ৰাজ্যখনৰ যিকোনো ব্যক্তিয়ে যাতে নিজৰ অভিযোগ বা সমস্যাৰ কথা চৰকাৰক জনাব পাৰে তাৰ বাবে মুকলি কৰি দিয়া হৈছিল এই বিশেষ হেল্পলাইন নম্বৰ। পাছে এই নম্বৰে লগালে পয়মাল। 

যোগী চৰকাৰে ৰাইজৰ জৰুৰীকালীন সেৱাৰ বাবে মুকলি কৰি দিয়া এই হেল্পলাইনৰ নম্বৰতে আহিল যোগী আদিত্যনাথক হত্যা কৰাৰ ভাবুকি। এগৰাকী অচিনাকি ব্যক্তিয়ে প্ৰদান কৰে এই হত্যাৰ ভাবুকি। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী যোগীৰ নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে।

প্ৰশাসনৰ সূত্ৰ অনুসৰি বাৰ্তাটোত লিখা আছিল, “মই অতি সোনকালে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰিম।“

ইয়াৰ পিছত লক্ষ্ণৌৰ সুশান্ত গলফ চিটি আৰক্ষী থানাত এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু হয়। আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ পৰা জানিব পাৰিছে যে ৰেহান নামৰ এজন যুৱকে মেছেজ দি যোগীক হত্যা কৰাৰ ভাবুকি দিছিল। এই ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে