--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃউত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে লাভ কৰিছে হত্যাৰ ভাবুকি। অচিনাক্ত ব্যক্তিৰ পৰা যোগী আদিত্যনাথলৈ আহিল হত্যাৰ ভাবুকি।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ চৰকাৰে মুকলি কৰিছিল এটা হেল্পলাইন নম্বৰ। জৰুৰীকালীন সেৱাৰ বাবে ১১২ নম্বৰৰ এই হেল্পলাইন নম্বৰটো মুকলি কৰি দিছিল যোগী চৰকাৰে। ৰাজ্যখনৰ যিকোনো ব্যক্তিয়ে যাতে নিজৰ অভিযোগ বা সমস্যাৰ কথা চৰকাৰক জনাব পাৰে তাৰ বাবে মুকলি কৰি দিয়া হৈছিল এই বিশেষ হেল্পলাইন নম্বৰ। পাছে এই নম্বৰে লগালে পয়মাল। 

যোগী চৰকাৰে ৰাইজৰ জৰুৰীকালীন সেৱাৰ বাবে মুকলি কৰি দিয়া এই হেল্পলাইনৰ নম্বৰতে আহিল যোগী আদিত্যনাথক হত্যা কৰাৰ ভাবুকি। এগৰাকী অচিনাকি ব্যক্তিয়ে প্ৰদান কৰে এই হত্যাৰ ভাবুকি। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী যোগীৰ নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে।

প্ৰশাসনৰ সূত্ৰ অনুসৰি বাৰ্তাটোত লিখা আছিল, “মই অতি সোনকালে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰিম।“

ইয়াৰ পিছত লক্ষ্ণৌৰ সুশান্ত গলফ চিটি আৰক্ষী থানাত এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু হয়। আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ পৰা জানিব পাৰিছে যে ৰেহান নামৰ এজন যুৱকে মেছেজ দি যোগীক হত্যা কৰাৰ ভাবুকি দিছিল। এই ঘটনাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন