--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগালেণ্ড বিধানসভা নিৰ্বাচনত জয়লাভ কৰিলে নাগালেণ্ডৰ আটাইতকৈ চৰ্চিত মন্ত্ৰী তথা নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইমনা আলঙে। 

আলংটাকি সমষ্টিৰ প্ৰাৰ্থী টেমজেন ইমনা আলঙে ৩৭৪৮টা ভোটৰ ব্যৱধানত জয়ী হয়। প্ৰাৰ্থীগৰাকীয়ে ৯২৭৪টা ভোট লাভ কৰা বিপৰীতে জে ডি ইউৰ প্ৰাৰ্থীগৰাকীয়ে ৫৫২৬টা ভোট লাভ কৰে।

নিৰ্বাচনত জয়লাভ কৰাৰ পাছতেই পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল টেমজেন। ছচিয়েল মিডিয়াত নেতাগৰাকী অতি সক্ৰিয় আৰু তেওঁ প্ৰায়ে চৰ্চাত থাকে। 

নিৰ্বাচনত জয়লাভ কৰাৰ পাছতে ছ’চিয়েল মিডিয়াত নিজৰ এখন ফটো শ্বেয়াৰ কৰে টেমজেন ইমনা আলঙে। ফটোখনৰ কেপচনত তেওঁ লিখিছে – হাৰ কৰ জিতনে ৱালে কো ... কেহতে হ্যে!। টেমজেনৰ এই পোষ্টত বহু লোকে কমেণ্ট কৰিছে। টেমজেনে কেপচনত দিয়া খালী ঠাই পূৰণ কৰি মন্তব্য কৰিছে নেটিজেনসকলে। কিছুমানে লিখিছে ‘বাজীগৰ’, কিছুমানে লিখিছে ‘ফাইটাৰ’। কিছুমানে লিখিছে ‘টেমজেন ইমনা আলং’ কেহতে হ্যে! কোনোৱে লিখিছে- ‘মানুহৰ অন্তৰত বাস কৰা মানুহ কেতিয়াও পৰাজিত নহয়।’ কোনো এজনে লিখিছে ‘লগো কি জান’




নিৰ্বাচনত জয়লাভৰ পিছতে টেমজেনক বিভিন্নজনে শুভেচ্ছাৰে উপচাই পেলাইছে। উল্লেখ্য যে নাগালেণ্ডৰ বিজেপি নেতা তথা মন্ত্ৰী টেমজেন ইমনা আলং বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। হাস্যৰসৰ মাজেৰে দিয়া কিছুমান বিশেষ বাৰ্তাৰে নেটিজেনৰ মাজত যথেষ্ট চৰ্চিত হৈ পৰিছে আলং। নিজৰ খুহুতীয়া কথা, কাম আৰু শাৰীৰিক অৱয়বৰ বাবে প্ৰায়ে চৰ্চাত থাকে নেতাগৰাকী। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু