--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগালেণ্ড বিধানসভা নিৰ্বাচনত জয়লাভ কৰিলে নাগালেণ্ডৰ আটাইতকৈ চৰ্চিত মন্ত্ৰী তথা নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইমনা আলঙে। 

আলংটাকি সমষ্টিৰ প্ৰাৰ্থী টেমজেন ইমনা আলঙে ৩৭৪৮টা ভোটৰ ব্যৱধানত জয়ী হয়। প্ৰাৰ্থীগৰাকীয়ে ৯২৭৪টা ভোট লাভ কৰা বিপৰীতে জে ডি ইউৰ প্ৰাৰ্থীগৰাকীয়ে ৫৫২৬টা ভোট লাভ কৰে।

নিৰ্বাচনত জয়লাভ কৰাৰ পাছতেই পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল টেমজেন। ছচিয়েল মিডিয়াত নেতাগৰাকী অতি সক্ৰিয় আৰু তেওঁ প্ৰায়ে চৰ্চাত থাকে। 

নিৰ্বাচনত জয়লাভ কৰাৰ পাছতে ছ’চিয়েল মিডিয়াত নিজৰ এখন ফটো শ্বেয়াৰ কৰে টেমজেন ইমনা আলঙে। ফটোখনৰ কেপচনত তেওঁ লিখিছে – হাৰ কৰ জিতনে ৱালে কো ... কেহতে হ্যে!। টেমজেনৰ এই পোষ্টত বহু লোকে কমেণ্ট কৰিছে। টেমজেনে কেপচনত দিয়া খালী ঠাই পূৰণ কৰি মন্তব্য কৰিছে নেটিজেনসকলে। কিছুমানে লিখিছে ‘বাজীগৰ’, কিছুমানে লিখিছে ‘ফাইটাৰ’। কিছুমানে লিখিছে ‘টেমজেন ইমনা আলং’ কেহতে হ্যে! কোনোৱে লিখিছে- ‘মানুহৰ অন্তৰত বাস কৰা মানুহ কেতিয়াও পৰাজিত নহয়।’ কোনো এজনে লিখিছে ‘লগো কি জান’




নিৰ্বাচনত জয়লাভৰ পিছতে টেমজেনক বিভিন্নজনে শুভেচ্ছাৰে উপচাই পেলাইছে। উল্লেখ্য যে নাগালেণ্ডৰ বিজেপি নেতা তথা মন্ত্ৰী টেমজেন ইমনা আলং বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। হাস্যৰসৰ মাজেৰে দিয়া কিছুমান বিশেষ বাৰ্তাৰে নেটিজেনৰ মাজত যথেষ্ট চৰ্চিত হৈ পৰিছে আলং। নিজৰ খুহুতীয়া কথা, কাম আৰু শাৰীৰিক অৱয়বৰ বাবে প্ৰায়ে চৰ্চাত থাকে নেতাগৰাকী। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে