--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক ‘প্ৰীতি মিলন অনুষ্ঠান’ৰ অংশৰূপে ‘অসমীয়া সাহিত্যত যুৱ কণ্ঠস্বৰ’ শীৰ্ষক মনোজ্ঞ আলোচনা সত্ৰই আজি জীপাল কৰি তোলে প্ৰগতি ময়দানত আয়োজন কৰা ‘নতুন দিল্লী ৱৰ্ল্ড বুক ফেয়াৰ-২০২৩’ৰ লেখক কক্ষ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত বিশ্ব গ্ৰন্থমেলাৰ প্ৰাংগণত অসমীয়া ভাষাত আয়োজিত ‘প্ৰীতি মিলন’ৰ এই অনুষ্ঠানত যুৱ প্ৰতিভাৰ জিলিঙনিয়ে দিল্লীবাসী অসমৰ বিদ্বৎ-বৌদ্ধিক সমাজক গভীৰভাৱে চুই যায়৷

 আকৰ্ষণীয় অনুষ্ঠানটি সঞ্চালনা কৰে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট লেখক ড° ৰত্নোত্তমা দাস বিক্ৰমে৷ তেওঁ কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই দেশৰ ৰাজধানীত অনুষ্ঠিত বিশ্বগ্ৰন্থমেলাত পোন প্ৰথমবাৰৰ বাবে অসমীয়া সাহিত্যক লৈ আয়োজন কৰা ‘প্ৰীতি মিলন’ এক ব্যতিক্ৰমী আৰু আশাব্যঞ্জক পদক্ষেপ৷ অসমীয়া সাহিত্যৰ সকলো দিশতে শক্তিশালী ভৱিষ্যতৰ বাৰ্তা বহন কৰিছে যুৱ কণ্ঠস্বৰে৷ ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে৷ তেওঁ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰি যুৱ প্ৰতিভাই অসমীয়া ভাষা-সাহিত্যক নতুন চিন্তা-চেতনাৰে সমৃদ্ধ কৰা বুলি মন্তব্য কৰে৷

 একেদৰে আলোচক অতিথিবৰ্গ ক্ৰমে ৰাষ্ট্ৰপতি ভৱনৰ বিষয়া তথা বিশিষ্ট লেখক পংকজ প্ৰতীম বৰদলৈ, বিশিষ্ট গল্পকাৰ দীপামণি শইকীয়া, শিশু সাহিত্যৰ বাবে সাহিত্য আকাডেমী বঁটা প্ৰাপক বিশিষ্ট শিশু সাহিত্যিক মাধুৰীমা ঘৰফলীয়া, বিশিষ্ট ঔপন্যাসিক-গল্পকাৰ ডাঃ বিপুল কুমাৰ বৰুৱা, ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ঋতুপৰ্ণা পাটগিৰিয়ে সাহিত্যৰ বিভিন্ন দিশত গাম্ভীৰ্যপূৰ্ণভাৱে আলোকপাত কৰে৷ সৃষ্টিশীল সাহিত্য, গৱেষণামূলক সাহিত্য, নাটক-চলচিত্ৰ আদি সকলো ক্ষেত্ৰক সামৰি হোৱা এই অনুষ্ঠানে সকলোকে মুগ্ধ কৰে৷ যুৱ লেখকসকলৰ উপৰি নতুন দিল্লীৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত অধ্যয়নৰত মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ তেওঁলোকে বিভিন্ন প্ৰাসংগিক প্ৰশ্নৰে আলোচকসকলৰ পৰা সাহিত্য সন্দৰ্ভত জানিবলৈ বিচাৰি এই অনুষ্ঠান সাফল্যমণ্ডিত কৰে৷

 অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা আৰু মিহিৰ দেউৰীয়ে আঁতধৰা অনুষ্ঠানটিত দিল্লীস্থিত অসমৰ ছপা তথা বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলে আংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায়৷ অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ বিশেষ কৰ্তব্যৰত বিষয়া মিংকু হাজৰিকা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী, সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী, শিল্পী-ডিজাইনাৰ ধনজিৎ দাস আদিয়ে অংশগ্ৰহণ কৰে৷ সামৰণিত দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্দীপন বৰাৰ হৃদয় পৰশা বেহেলা বাদনে উপস্থিত সকলোকে মুগ্ধ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু