--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক ‘প্ৰীতি মিলন অনুষ্ঠান’ৰ অংশৰূপে ‘অসমীয়া সাহিত্যত যুৱ কণ্ঠস্বৰ’ শীৰ্ষক মনোজ্ঞ আলোচনা সত্ৰই আজি জীপাল কৰি তোলে প্ৰগতি ময়দানত আয়োজন কৰা ‘নতুন দিল্লী ৱৰ্ল্ড বুক ফেয়াৰ-২০২৩’ৰ লেখক কক্ষ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত বিশ্ব গ্ৰন্থমেলাৰ প্ৰাংগণত অসমীয়া ভাষাত আয়োজিত ‘প্ৰীতি মিলন’ৰ এই অনুষ্ঠানত যুৱ প্ৰতিভাৰ জিলিঙনিয়ে দিল্লীবাসী অসমৰ বিদ্বৎ-বৌদ্ধিক সমাজক গভীৰভাৱে চুই যায়৷

 আকৰ্ষণীয় অনুষ্ঠানটি সঞ্চালনা কৰে দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিশিষ্ট লেখক ড° ৰত্নোত্তমা দাস বিক্ৰমে৷ তেওঁ কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই দেশৰ ৰাজধানীত অনুষ্ঠিত বিশ্বগ্ৰন্থমেলাত পোন প্ৰথমবাৰৰ বাবে অসমীয়া সাহিত্যক লৈ আয়োজন কৰা ‘প্ৰীতি মিলন’ এক ব্যতিক্ৰমী আৰু আশাব্যঞ্জক পদক্ষেপ৷ অসমীয়া সাহিত্যৰ সকলো দিশতে শক্তিশালী ভৱিষ্যতৰ বাৰ্তা বহন কৰিছে যুৱ কণ্ঠস্বৰে৷ ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে৷ তেওঁ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰি যুৱ প্ৰতিভাই অসমীয়া ভাষা-সাহিত্যক নতুন চিন্তা-চেতনাৰে সমৃদ্ধ কৰা বুলি মন্তব্য কৰে৷

 একেদৰে আলোচক অতিথিবৰ্গ ক্ৰমে ৰাষ্ট্ৰপতি ভৱনৰ বিষয়া তথা বিশিষ্ট লেখক পংকজ প্ৰতীম বৰদলৈ, বিশিষ্ট গল্পকাৰ দীপামণি শইকীয়া, শিশু সাহিত্যৰ বাবে সাহিত্য আকাডেমী বঁটা প্ৰাপক বিশিষ্ট শিশু সাহিত্যিক মাধুৰীমা ঘৰফলীয়া, বিশিষ্ট ঔপন্যাসিক-গল্পকাৰ ডাঃ বিপুল কুমাৰ বৰুৱা, ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ঋতুপৰ্ণা পাটগিৰিয়ে সাহিত্যৰ বিভিন্ন দিশত গাম্ভীৰ্যপূৰ্ণভাৱে আলোকপাত কৰে৷ সৃষ্টিশীল সাহিত্য, গৱেষণামূলক সাহিত্য, নাটক-চলচিত্ৰ আদি সকলো ক্ষেত্ৰক সামৰি হোৱা এই অনুষ্ঠানে সকলোকে মুগ্ধ কৰে৷ যুৱ লেখকসকলৰ উপৰি নতুন দিল্লীৰ বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত অধ্যয়নৰত মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ তেওঁলোকে বিভিন্ন প্ৰাসংগিক প্ৰশ্নৰে আলোচকসকলৰ পৰা সাহিত্য সন্দৰ্ভত জানিবলৈ বিচাৰি এই অনুষ্ঠান সাফল্যমণ্ডিত কৰে৷

 অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা আৰু মিহিৰ দেউৰীয়ে আঁতধৰা অনুষ্ঠানটিত দিল্লীস্থিত অসমৰ ছপা তথা বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলে আংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায়৷ অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ বিশেষ কৰ্তব্যৰত বিষয়া মিংকু হাজৰিকা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী, সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী, শিল্পী-ডিজাইনাৰ ধনজিৎ দাস আদিয়ে অংশগ্ৰহণ কৰে৷ সামৰণিত দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্দীপন বৰাৰ হৃদয় পৰশা বেহেলা বাদনে উপস্থিত সকলোকে মুগ্ধ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে