--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভয়াৰণ্যত ধূমপান নকৰিবলৈ কোৱাৰ পিছতে এগৰাকী মহিলাই বনকৰ্মীৰ কাণত কামুৰি তেজ নিগৰালে। এফআইআৰ দাখিল কৰাৰ পিছত অভিযুক্তক বিচাৰি  আছে আৰক্ষীয়ে ।

শনিবাৰে বিয়লি উত্তৰ প্ৰদেশৰ কুক্ৰাইল জংঘলত সংঘটিত হোৱা এই ঘটনাৰ এদিন পিছত বিষয়টো পোহৰলৈ অহাৰ পিছত গুদাম্বা থানাত গোচৰ ৰুজু কৰা হয়।

ঠিকাভিত্তিক বন কৰ্মচাৰী বিকাশ (২২) নামৰ যুৱকজনে জনোৱা মতে, কুক্ৰাইল বনাঞ্চলত তেওঁ ৰখাই থোৱা স্কুটি এখনত এহাল দম্পতীয়ে ধূমপান কৰা দেখা পায়।

“মই তেওঁলোকক ধূমপান নিষিদ্ধ কৰিছিলো যাৰ বাবে তেওঁলোকে মোৰ সৈতে তৰ্ক কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে মোক আক্ৰমণ কৰিলে। পিছত মহিলাগৰাকীয়ে মোৰ কাণখন কামুৰি পেলালে। আশে-পাশে কোনো নথকাৰ বাবে মই সহায় বিচাৰি চিঞৰিবলৈ ধৰিলোঁ। মোৰ সহায়ৰ বাবে চিঞৰা শুনি তেওঁলোকে দুচকীয়া বাহনখনেৰে সেই স্থানৰ পৰা পলায়ন কৰে।’-তেওঁ আৰক্ষীক জনায়।

গুডাম্বাৰ এছ এইচ অ’ নীতিশ কুমাৰ শ্ৰীবাস্তৱে কয় যে মহিলাগৰাকীয়ে বনকৰ্মীজনৰ সোঁ কাণখন কামুৰি পেলাইছে আৰু আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অব্যাহত ৰাখিছে। এছ এইচ অ’ই লগতে কয়, ‘বাহন নম্বৰৰ ভিত্তিত দম্পতীহালৰ বিৰুদ্ধে আই পি চি ৩২৩ (স্বেচ্ছাই আঘাত কৰা) আৰু ৩২৪ (বিপজ্জনক অস্ত্ৰৰে আঘাত কৰা)ৰ অধীনত এফ আই আৰ পঞ্জীয়ন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ