--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভয়াৰণ্যত ধূমপান নকৰিবলৈ কোৱাৰ পিছতে এগৰাকী মহিলাই বনকৰ্মীৰ কাণত কামুৰি তেজ নিগৰালে। এফআইআৰ দাখিল কৰাৰ পিছত অভিযুক্তক বিচাৰি  আছে আৰক্ষীয়ে ।

শনিবাৰে বিয়লি উত্তৰ প্ৰদেশৰ কুক্ৰাইল জংঘলত সংঘটিত হোৱা এই ঘটনাৰ এদিন পিছত বিষয়টো পোহৰলৈ অহাৰ পিছত গুদাম্বা থানাত গোচৰ ৰুজু কৰা হয়।

ঠিকাভিত্তিক বন কৰ্মচাৰী বিকাশ (২২) নামৰ যুৱকজনে জনোৱা মতে, কুক্ৰাইল বনাঞ্চলত তেওঁ ৰখাই থোৱা স্কুটি এখনত এহাল দম্পতীয়ে ধূমপান কৰা দেখা পায়।

“মই তেওঁলোকক ধূমপান নিষিদ্ধ কৰিছিলো যাৰ বাবে তেওঁলোকে মোৰ সৈতে তৰ্ক কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে মোক আক্ৰমণ কৰিলে। পিছত মহিলাগৰাকীয়ে মোৰ কাণখন কামুৰি পেলালে। আশে-পাশে কোনো নথকাৰ বাবে মই সহায় বিচাৰি চিঞৰিবলৈ ধৰিলোঁ। মোৰ সহায়ৰ বাবে চিঞৰা শুনি তেওঁলোকে দুচকীয়া বাহনখনেৰে সেই স্থানৰ পৰা পলায়ন কৰে।’-তেওঁ আৰক্ষীক জনায়।

গুডাম্বাৰ এছ এইচ অ’ নীতিশ কুমাৰ শ্ৰীবাস্তৱে কয় যে মহিলাগৰাকীয়ে বনকৰ্মীজনৰ সোঁ কাণখন কামুৰি পেলাইছে আৰু আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অব্যাহত ৰাখিছে। এছ এইচ অ’ই লগতে কয়, ‘বাহন নম্বৰৰ ভিত্তিত দম্পতীহালৰ বিৰুদ্ধে আই পি চি ৩২৩ (স্বেচ্ছাই আঘাত কৰা) আৰু ৩২৪ (বিপজ্জনক অস্ত্ৰৰে আঘাত কৰা)ৰ অধীনত এফ আই আৰ পঞ্জীয়ন কৰা হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা