--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ১ জুলাইৰ পৰা মোবাইল ফোনৰ চিম কাৰ্ডৰ ক্ষেত্ৰত এক বিশেষ নিয়ম প্ৰযোজ্য হ’ব। ভাৰতীয় টেলিকম নিয়ামক কৰ্তৃপক্ষই (ট্ৰাই) চিম কাৰ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰাৰ সিদ্ধান্ত লৈছে। এই নতুন নিয়ম ১ জুলাই ২০২৪-ৰ পৰা কাৰ্যকৰী হ'ব।

 মোবাইল ফোনৰ ব্যৱহাৰকাৰীয়ে ট্ৰাইৰ দ্বাৰা জাৰি কৰা নতুন নিয়ম অনুসৰণ কৰাটো বাধ্যতামূলক হ'ব। চৰকাৰে দ্ৰুতগতিত বৃদ্ধি পোৱা  প্ৰৱঞ্চনাৰ ঘটনাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ এনে সিদ্ধান্ত লৈছে। যদি আপুনি  চিম সলনি  কৰাৰ পৰিকল্পনা কৰিছে তেন্তে এনেবোৰ কথা  মনত ৰাখিব।

এতিয়া নম্বৰটো পোৰ্ট কৰা নহ'বঃ নতুন নিয়ম অনুসৰি  চিম সলনি কৰাৰ পিছত  ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ ম'বাইল নম্বৰ পোৰ্ট কৰিব নোৱাৰিব, যাৰ অৰ্থ হৈছে যে তেওঁলোকে তেওঁলোকৰ নম্বৰ আন কোনো টেলিকম কোম্পানীলৈ সলনি কৰিব নোৱাৰিব। এই নিয়মটোৱে ব্যৱহাৰকাৰীসকলক চাইবাৰ প্ৰৱঞ্চনাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। চাইবাৰ প্ৰৱঞ্চনাৰ ক্ষেত্ৰত স্কেমাৰসকলে চিম অদল-বদল ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীসকলক বাৰে বাৰে প্ৰতাৰণা কৰে। চিম অদল-বদল কৰাৰ পিছত ব্যৱহাৰকাৰীসকলৰ সকলো কল, মেচেজ, আৰু অ'টিপি আন ফোনত লাভ কৰা সম্ভৱ হৈ পৰে। এনেদৰে  তেওঁলোকে কোনো গ্ৰাহকক  প্ৰতাৰণা কৰিব পাৰে। ১ জুলাইৰ  পৰা সেই সুবিধা আৰু স্কেমাৰসকলে নাপাব। 

নম্বৰ পোৰ্ট কৰাৰ ক্ষেত্ৰত  চাইবাৰ অপৰাধীসকলে ব্যৱহাৰকাৰীৰ চিমৰ ডুপ্লিকেট চিম লাভ কৰে। ব্যৱহাৰকাৰীৰ ম'বাইল নম্বৰৰ সৈতে এখন  নতুন চিম পঞ্জীয়ন কৰা হয়। ঠগসকলে তেওঁলোকৰ ডিভাইচত সেই ডুপ্লিকেট চিম ব্যৱহাৰ কৰে। ঠগসকলে ব্যৱহাৰকাৰীৰ নম্বৰলৈ অহা কল, বাৰ্তা আৰু অ'টিপি লাভ কৰি থাকে। এনেকৈয়ে  ঠগসকলে বেংকিং প্ৰৱঞ্চনা কৰাৰ লগতে ব্যৱহাৰকাৰীৰ বহু ধৰণৰ  ব্যক্তিগত তথ্যও লাভ কৰে। সেয়ে ১ জুলাই পৰা কোনো নম্বৰটো পোৰ্ট কৰিব পৰা নাযাব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ