--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেষ্টেৰলৰ নাম শুনি আমি অনুভৱ কৰোঁ যে ই বেয়া বস্তু, কিন্তু জানি লওক যে ই ভাল আৰু বেয়া দুয়োটা ধৰণৰ। শৰীৰত সুস্থ কোষ গঠন কৰিবলৈ তেজত ভাল কলেষ্টেৰলৰ প্ৰয়োজন হয়, কিন্তু বেয়া কলেষ্টেৰলৰ পৰিমাণ অৰ্থাৎ এল ডি এলৰ পৰিমাণ বৃদ্ধি হ’লে শিৰাত চৰ্বি জমা হ’বলৈ ধৰে, যাৰ ফলত তেজৰ সোঁতত বাধাৰ সৃষ্টি হয়। কেতিয়াবা কলেষ্টেৰল বেছি হ’লে তেজ জমা হয়। এই বিপদৰ পৰা হাত সাৰিবলৈ হ’লে স্বাস্থ্যসন্মত খাদ্য আৰু জীৱনশৈলী গ্ৰহণ কৰিব লাগিব। যদি শৰীৰে কিছুমান বিশেষ ইংগিত দেখাবলৈ আৰম্ভ কৰে, তেন্তে বুজিব যে এতিয়া সজাগ হোৱাৰ প্ৰয়োজন আছে।

হাই কলেষ্টেৰলৰ সতৰ্কবাণী

১/ উচ্চ ৰক্তচাপঃ  শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হোৱাটো উচ্চ ৰক্তচাপৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। তেজত যিমানেই চৰ্বি বাঢ়িব সিমানেই ৰক্তচাপ বাঢ়িব। ইয়াৰ বাবেই যেতিয়া কলেষ্টেৰলৰ বাবে তেজৰ যোগানত বাধা আহি পৰে তেতিয়া ধমনীবোৰে অধিক কষ্ট কৰি হৃদযন্ত্ৰলৈ তেজ পাম্প কৰিব লগা হয়।

২/ ভৰিৰ জঠৰতাঃ যেতিয়া আপোনাৰ ভৰি দুখন জঠৰতা হ’বলৈ আৰম্ভ কৰে তেতিয়া একেবাৰেই সহজভাৱে ল’ব নালাগে, ই উচ্চ কলেষ্টেৰলৰ লক্ষণ হ’ব পাৰে। অৰ্থাৎ ধমনীসমূহৰ মাজেৰে তেজৰ সোঁত আৰু অক্সিজেন যোগানত বাধাৰ সৃষ্টি হয়। ভৰিৰ এই বিষ আৰু জঠৰতাক সহজভাৱে লব নালাগে।

৩/ নখৰ ৰং সলনিঃ যেতিয়া শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পায়, তেতিয়া আপোনাৰ ধমনীত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত শিৰাত তেজৰ সোঁত বন্ধ হৈ পৰে। হাতৰ আঙুলি আৰু ভৰিৰ আঙুলিত সঠিকভাৱে তেজৰ যোগান নথকাৰ বাবে নখৰ ৰং শেঁতা বগা পৰা বা হালধীয়া হ’বলৈ আৰম্ভ কৰে। কলেষ্টেৰল বৃদ্ধিৰ এই লক্ষণটো একেবাৰেই আওকাণ নকৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ