--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেষ্টেৰলৰ নাম শুনি আমি অনুভৱ কৰোঁ যে ই বেয়া বস্তু, কিন্তু জানি লওক যে ই ভাল আৰু বেয়া দুয়োটা ধৰণৰ। শৰীৰত সুস্থ কোষ গঠন কৰিবলৈ তেজত ভাল কলেষ্টেৰলৰ প্ৰয়োজন হয়, কিন্তু বেয়া কলেষ্টেৰলৰ পৰিমাণ অৰ্থাৎ এল ডি এলৰ পৰিমাণ বৃদ্ধি হ’লে শিৰাত চৰ্বি জমা হ’বলৈ ধৰে, যাৰ ফলত তেজৰ সোঁতত বাধাৰ সৃষ্টি হয়। কেতিয়াবা কলেষ্টেৰল বেছি হ’লে তেজ জমা হয়। এই বিপদৰ পৰা হাত সাৰিবলৈ হ’লে স্বাস্থ্যসন্মত খাদ্য আৰু জীৱনশৈলী গ্ৰহণ কৰিব লাগিব। যদি শৰীৰে কিছুমান বিশেষ ইংগিত দেখাবলৈ আৰম্ভ কৰে, তেন্তে বুজিব যে এতিয়া সজাগ হোৱাৰ প্ৰয়োজন আছে।

হাই কলেষ্টেৰলৰ সতৰ্কবাণী

১/ উচ্চ ৰক্তচাপঃ  শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হোৱাটো উচ্চ ৰক্তচাপৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। তেজত যিমানেই চৰ্বি বাঢ়িব সিমানেই ৰক্তচাপ বাঢ়িব। ইয়াৰ বাবেই যেতিয়া কলেষ্টেৰলৰ বাবে তেজৰ যোগানত বাধা আহি পৰে তেতিয়া ধমনীবোৰে অধিক কষ্ট কৰি হৃদযন্ত্ৰলৈ তেজ পাম্প কৰিব লগা হয়।

২/ ভৰিৰ জঠৰতাঃ যেতিয়া আপোনাৰ ভৰি দুখন জঠৰতা হ’বলৈ আৰম্ভ কৰে তেতিয়া একেবাৰেই সহজভাৱে ল’ব নালাগে, ই উচ্চ কলেষ্টেৰলৰ লক্ষণ হ’ব পাৰে। অৰ্থাৎ ধমনীসমূহৰ মাজেৰে তেজৰ সোঁত আৰু অক্সিজেন যোগানত বাধাৰ সৃষ্টি হয়। ভৰিৰ এই বিষ আৰু জঠৰতাক সহজভাৱে লব নালাগে।

৩/ নখৰ ৰং সলনিঃ যেতিয়া শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পায়, তেতিয়া আপোনাৰ ধমনীত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত শিৰাত তেজৰ সোঁত বন্ধ হৈ পৰে। হাতৰ আঙুলি আৰু ভৰিৰ আঙুলিত সঠিকভাৱে তেজৰ যোগান নথকাৰ বাবে নখৰ ৰং শেঁতা বগা পৰা বা হালধীয়া হ’বলৈ আৰম্ভ কৰে। কলেষ্টেৰল বৃদ্ধিৰ এই লক্ষণটো একেবাৰেই আওকাণ নকৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement