--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি বছৰে ৪ ফেব্ৰুৱাৰীত ‘বিশ্ব কৰ্কট দিৱস’ উদযাপন কৰা হয়, যাৰ উদ্দেশ্য হৈছে এই মাৰাত্মক ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু ইয়াৰ চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়া। স্তন কেন্সাৰো এনেকুৱা এটা ৰোগ, যিটো সমগ্ৰ বিশ্বতে মহিলাসকল বলি হৈ আছে, ইয়াৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়। 

দিনক দিনে ব্ৰেষ্ট কেন্সাৰ বা স্তন কেন্সাৰৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ বাবে সুস্থ জীৱনশৈলী গ্ৰহণ কৰি ধূমপান বন্ধ কৰিব লাগিব। ইয়াৰ বাহিৰেও যদি আপুনি দৈনন্দিন খাদ্য তালিকাত কিছুমান বিশেষ স্বাস্থ্যসন্মত খাদ্য অন্তৰ্ভুক্ত কৰে তেন্তে স্তন কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব পাৰে।

মহিলাসকলে ব্ৰেষ্ট কেন্সাৰৰ পৰা বাচি থাকিবলৈ কি কি খাব লাগে জানো আহক
हरी पत्तेदार सब्जियां
১) সেউজীয়া শাক-পাচলি- সেউজীয়া শাক-পাচলিক সদায় স্বাস্থ্যসন্মত খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। ২০১২ চনত জাৰ্নেল অৱ দ্য নেচনেল কেন্সাৰ ইনষ্টিটিউটত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে যিসকল মহিলাই বেছিকৈ গাঢ় সেউজীয়া ৰঙৰ শাক-পাচলি খায় তেওঁলোকৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা কম।
बीन्स
২) মাহ জাতীয় খাদ্য- মাহ জাতীয় খাদ্যত ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহ পোৱা যায় যিয়ে ইয়াক অতি স্বাস্থ্যসন্মত খাদ্য হিচাপে গঢ়ি তোলে। ইয়াৰ দ্বাৰা কেৱল স্তন কেন্সাৰ প্ৰতিৰোধ কৰাই নহয়, ইতিমধ্যে এই ৰোগত আক্ৰান্ত মহিলাসকলৰ ওজন নিয়ন্ত্ৰণতো সহায়ক হয়। ইয়াৰ বাবে ৰাজমাহ. বুটমাহ, লুবিয়া, বুটদাইল আদি খাব
क्रूसिफेरस वेजिटेबल्स
৩) ক্ৰুচিফেৰাছ পাচলি- মহিলাসকলে ক্ৰুচিফেৰাছ শাক-পাচলি খাব লাগে, য’ত আইছ’থাইঅ’চাইনেট আৰু ইণ্ড’ল নামৰ ফাইটোকেমিকেল পোৱা যায়। ইয়াৰ বাবে খাব লাগিব বন্ধাকবি, ফুলকবি, ওলকবি, ব্ৰকলি, চালগোম, মূলা আদি।
फैटी फिश  ৪) চৰ্বিযুক্ত মাছ- চৰ্বিযুক্ত মাছত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড, চেলেনিয়াম আৰু এণ্টিঅক্সিডেণ্ট থাকে যিয়ে কেন্সাৰৰ পৰা সুৰক্ষা প্ৰদান কৰে। 
एलियम सब्जियां
৫) এলিয়াম পাচলি- এলিয়াম পাচলিত অৰ্গেন’ছালফাৰ যৌগিক ফ্লেভন’ইড আৰু এণ্টিঅক্সিডেণ্টকে ধৰি বহু ধৰণৰ পুষ্টিকৰ উপাদান থাকে যিয়ে স্তন কেন্সাৰ বৃদ্ধি হোৱাত বাধা দিয়ে। এই তালিকাত পিয়াঁজ আৰু নহৰুৰ দৰে পাচলি অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু