--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মডেল দিব্যা পাহুজাক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে।  আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি , শনিবাৰে হাৰিয়ানাৰ ভাক্ৰা খালৰ পৰা দিব্যাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।মডেলগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে সমগ্ৰ এলেকাটোতে মানুহৰ মাজত কৌতূহল বিয়পি পৰে। আৰক্ষীয়ে তদন্ত চলাই মডেলগৰাকীৰ হত্যাকাৰী বুলি সন্দেহ কৰা  ৰবি ভাঙ্গাক  কলকাতা বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। 

 উল্লেখ্য গুৰুগ্ৰাম গেংষ্টাৰ সন্দীপ গাদোলীৰ হত্যাৰ গোচৰৰ মডেলগৰাকী  এগৰাকী গুৰুত্বপূৰ্ণ সাক্ষী আছিল। কোৱা হয় যে পাহুজা সন্দীপৰ প্ৰেমিকা আছিল। 

দিব্যা আনকি সন্দীপৰ মৃত্যুৰ গোচৰৰ সন্দৰ্ভত কিছু দিনৰ বাবে কাৰাগাৰতো আছিল। তেওঁক যোৱা বছৰ জামিন দিয়া হৈছিল। জানিব পৰা মতে তেওঁ গোচৰটোৰ এগৰাকী  সাক্ষী হৈ পৰিছিল। দিব্যাৰ ভনীয়েকে অভিযোগ কৰিছে  যে তেওঁৰদিব্যাই  ২ জানুৱাৰীত অভিজিতৰ সৈতে বাহিৰলৈ গৈছিল। 

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। অভিজিত নামৰ লোক এজনে আন কেইজনমানৰ সৈতে মিলি মডেলগৰাকীক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। অভিজিত গুৰুগ্ৰামৰ  এখন হোটেলৰ মালিক। জানিব পৰা মতে  হোটেলখনৰ চিচিটিভিটো মৃতদেহ টানি নিয়াৰ দৃশ্য ধৰা  পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু