--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭টা জনম একেলগে থাকিম বুলি শপত খাই হনিমুনৰ দিনাই স্বামীক অজ্ঞান কৰি পলাল কইনা। স্বামীৰ যেতিয়া চেতনা ঘূৰি আহিল তেতিয়া তেওঁ পত্নীক বিচাৰিবলৈ ধৰে আৰু তেওঁ গম পায় যে পত্নী পলাই গৈছে। স্বামীয়ে পত্নীৰ বিষয়ে বিচাৰ খোচাৰ কৰি গম পায় যে পত্নীয়ে ইতিমধ্যে কাৰোবাৰ লগত প্ৰেম বিবাহ কৰিছে। স্বামীয়ে এতিয়া ন্যায় বিচাৰি হাবাথুৰি খাইছে। এতিয়া তেওঁ দেৱানী আদালতত আশ্ৰয় লৈছে যাতে তেওঁ ন্যায় পাব পাৰে।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আলিগড় জিলাত। সত্যম নামৰ এজন যুৱকে নৱেম্বৰ মাহত আগ্ৰা কেণ্টৰ বাসিন্দা দীপাসী নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুয়োৰে বিয়া হৈছিল বৰ ধুমধামেৰে। দৰা সত্যমে জনোৱা মতে, যোৱা ৮ ডিচেম্বৰত তেওঁ পত্নী দীপাসীৰ সৈতে উত্তৰাখণ্ডলৈ হানিমুনলৈ গৈছিল। ৯ তাৰিখে ঋষিকেশ পাওঁতে তাত বাছ ষ্টেণ্ডৰ ওচৰৰ ব্যক্তিগত হোটেল এখনৰ কোঠা বুক কৰে। পত্নী দীপাসীয়ে তেওঁক চাহ খাবলৈ দিলে আৰু চাহতে কিছু নিচাযুক্ত দ্ৰব্য মিলাই দিছিল, যিটো খোৱাৰ পাছত সত্যম অজ্ঞান হৈ পৰিল।

কিছু সময়ৰ পাছত পত্নী দীপাসীয়ে সকলো লাগেজ, টকা আৰু টুৰিষ্ট ট্ৰলী বেগ লৈ হোটেলৰ পৰা ওলাই আহিল। ৰাতি ২ বজাত সত্যমে চেতনা ঘূৰাই পাওঁতে হোটেলৰ মালিকক সোধা-পোছা কৰে আৰু তেওঁলোকে কয় যে তেওঁৰ পত্নী সন্ধিয়া প্ৰায় ৭ বজাতেই লাগেজ লৈ ওলাই গৈছে। তেওঁ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে তদন্ত কৰি গম পায় যে পত্নী বাছত বহি দিল্লী অভিমুখে ৰাওনা হৈছে। সত্যমে যেতিয়া আলিগড়ত থকা নিজৰ পৰিয়ালক অৱগত কৰি দীপাসীৰ পৰিয়ালক এই কথা ক’লে। দীপাসীৰ পৰিয়ালে তেতিয়া ক’লে যে যি হৈছে হৈছে। দীপাসীৰ ইতিমধ্যে কাৰোবাৰ লগত ৰিলেচন আছে আৰু যুৱকজনৰ নাম অংশু যাদৱ। তেওঁ এজন বহুত ডাঙৰ গেংষ্টাৰ। এতিয়া তুমি দীপাসীক পাহৰি যোৱাই ভাল হ'ব।

ইয়াৰ পিছত সত্যমে উত্তৰাখণ্ড আৰক্ষী, আলিগড় আৰক্ষী আৰু আগ্ৰা আৰক্ষীক লিখিত অভিযোগ দিলে, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। নিৰাশ হৈ সত্যমে আশ্ৰয় লৈছে দেৱানী আদালতত। এতিয়া পত্নী দীপাসীয়েও সত্যমক আক্ৰমণ আৰু যৌতুক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰি জাননী প্ৰেৰণ কৰিছে। সত্যমে এতিয়া ন্যায়ৰ আশাৰে বাট চাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক