--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭টা জনম একেলগে থাকিম বুলি শপত খাই হনিমুনৰ দিনাই স্বামীক অজ্ঞান কৰি পলাল কইনা। স্বামীৰ যেতিয়া চেতনা ঘূৰি আহিল তেতিয়া তেওঁ পত্নীক বিচাৰিবলৈ ধৰে আৰু তেওঁ গম পায় যে পত্নী পলাই গৈছে। স্বামীয়ে পত্নীৰ বিষয়ে বিচাৰ খোচাৰ কৰি গম পায় যে পত্নীয়ে ইতিমধ্যে কাৰোবাৰ লগত প্ৰেম বিবাহ কৰিছে। স্বামীয়ে এতিয়া ন্যায় বিচাৰি হাবাথুৰি খাইছে। এতিয়া তেওঁ দেৱানী আদালতত আশ্ৰয় লৈছে যাতে তেওঁ ন্যায় পাব পাৰে।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আলিগড় জিলাত। সত্যম নামৰ এজন যুৱকে নৱেম্বৰ মাহত আগ্ৰা কেণ্টৰ বাসিন্দা দীপাসী নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুয়োৰে বিয়া হৈছিল বৰ ধুমধামেৰে। দৰা সত্যমে জনোৱা মতে, যোৱা ৮ ডিচেম্বৰত তেওঁ পত্নী দীপাসীৰ সৈতে উত্তৰাখণ্ডলৈ হানিমুনলৈ গৈছিল। ৯ তাৰিখে ঋষিকেশ পাওঁতে তাত বাছ ষ্টেণ্ডৰ ওচৰৰ ব্যক্তিগত হোটেল এখনৰ কোঠা বুক কৰে। পত্নী দীপাসীয়ে তেওঁক চাহ খাবলৈ দিলে আৰু চাহতে কিছু নিচাযুক্ত দ্ৰব্য মিলাই দিছিল, যিটো খোৱাৰ পাছত সত্যম অজ্ঞান হৈ পৰিল।

কিছু সময়ৰ পাছত পত্নী দীপাসীয়ে সকলো লাগেজ, টকা আৰু টুৰিষ্ট ট্ৰলী বেগ লৈ হোটেলৰ পৰা ওলাই আহিল। ৰাতি ২ বজাত সত্যমে চেতনা ঘূৰাই পাওঁতে হোটেলৰ মালিকক সোধা-পোছা কৰে আৰু তেওঁলোকে কয় যে তেওঁৰ পত্নী সন্ধিয়া প্ৰায় ৭ বজাতেই লাগেজ লৈ ওলাই গৈছে। তেওঁ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে তদন্ত কৰি গম পায় যে পত্নী বাছত বহি দিল্লী অভিমুখে ৰাওনা হৈছে। সত্যমে যেতিয়া আলিগড়ত থকা নিজৰ পৰিয়ালক অৱগত কৰি দীপাসীৰ পৰিয়ালক এই কথা ক’লে। দীপাসীৰ পৰিয়ালে তেতিয়া ক’লে যে যি হৈছে হৈছে। দীপাসীৰ ইতিমধ্যে কাৰোবাৰ লগত ৰিলেচন আছে আৰু যুৱকজনৰ নাম অংশু যাদৱ। তেওঁ এজন বহুত ডাঙৰ গেংষ্টাৰ। এতিয়া তুমি দীপাসীক পাহৰি যোৱাই ভাল হ'ব।

ইয়াৰ পিছত সত্যমে উত্তৰাখণ্ড আৰক্ষী, আলিগড় আৰক্ষী আৰু আগ্ৰা আৰক্ষীক লিখিত অভিযোগ দিলে, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। নিৰাশ হৈ সত্যমে আশ্ৰয় লৈছে দেৱানী আদালতত। এতিয়া পত্নী দীপাসীয়েও সত্যমক আক্ৰমণ আৰু যৌতুক হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰি জাননী প্ৰেৰণ কৰিছে। সত্যমে এতিয়া ন্যায়ৰ আশাৰে বাট চাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু