--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সে মঙলবাৰে ৯৫ তম একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰা  ফিচাৰ ফিল্ম প্ৰযোজনাসমূহৰ তালিকা ঘোষণা কৰে।মুঠ ৩০১ খন ফিচাৰ ফিল্ম ৯৫ তম অস্কাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷ 

এই তালিকাত আছে বেছ জনপ্ৰিয়তা অৰ্জন কৰা কানাড়া চলচ্চিত্ৰ কান্তাৰাৰ নামো৷ইয়াৰোপৰি  মুখ্য চৰিত্ৰত অভিনয় কৰা ঋষভ চেট্টীয়েও  দুটা শাখাত অস্কাৰৰ বাবে মনোনয়ন লাভ  কৰিছে।চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰা দলটোৱে ছচিয়েল মিডিয়াত এই ভাল খবৰটো ৰাজহুৱা  কৰিছিল।

৯৫  তম একাডেমী পুৰস্কাৰৰ বাবে যোগ্য চলচ্চিত্ৰৰ স্মাৰক তালিকাত স্থান লাভ কৰা আন ভাৰতীয় চলচ্চিত্ৰসমূহ হৈছে- 

গঙ্গুবাই কাঠিয়াৱাড়ী, আৰআৰআৰ, দ্য কাশ্মীৰ ফাইলছ, চেলো শ্ব', ইৰাভিন নিজাল, ৰকেটৰী, মে বসন্তৰাও, দ্য নেক্সট মৰ্ণিং আৰু বিক্ৰান্ত ৰোনাকে ধৰি আন কেইবাখনো ভাৰতীয় চলচ্চিত্ৰই অস্কাৰ ২০২৩ ৰ বাবে যোগ্য চলচ্চিত্ৰৰ স্মাৰক তালিকাত স্থান লাভ কৰিছে।

ওপৰোক্ত চলচ্চিত্ৰৰ নামৰ উপৰিও, উক্ত চলচ্চিত্ৰসমূহত তেওঁলোকৰ অভিনয়ৰ বাবে কেইবাজনো অভিনেতাক স্মাৰক তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে আলিয়া ভাট  আৰু অজয় দেৱগনৰ নামো তালিকাভুক্ত হৈছে৷ঋষভ চেট্টী, কিশোৰ, অচ্যুত কুমাৰ, সপ্তমী গৌড়া, আৰু মানসী সুধীৰ কন্তাৰাৰ তালিকাত আছে।

 আনহাতে ৰকেটৰী, মাধৱন, শ্বাহৰুখ খান, ৰজিত কাপুৰ, চিমৰণ, চেম মোহন আৰু মীশা ঘোষালৰ 
 নামো আছে এই তালিকাত। আৰ মাধৱানে ছ'চিয়েল মিডিয়াত ঘোষণাটো উদযাপন কৰিছিল আৰু লিখিছিল— "আৰু গডছ গ্ৰেছ” 

মন কৰিবলগীয়া যে  ভোটদানৰ যোগ্যতা থকা সদস্যসকলে ১২ জানুৱাৰীত তেওঁলোকৰ ভোট দান কৰিব আৰু এই ভোটদান ১৭ জানুৱাৰীত সমাপ্ত হ'ব। এই ভোটদানৰ ভিত্তিতে প্ৰদান কৰা হ’ব সন্মানীয় অস্কাৰ বঁটা৷ এই বঁটা প্ৰদান ২০২৩ সমাৰোহ ২৪ জানুৱাৰীত অনুষ্ঠিত হ'ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক