--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা।এক ভয়ংকৰ অগ্নিকাণ্ডত কৰুণ মৃত্যুক সাৱয়ি লয় ৪টিকৈ নৱজাত শিশুৱে। কোনোমতে প্ৰাণৰক্ষা পৰে ৩৬ টি শিশুৰ। এই কৰুণ ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত। ৰাজধানীখনৰ অন্যতম হাস্পতাল কমলা নেহৰুত নিশা হঠাতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ড সংঘটিত হোৱা হাস্পতালৰ সেই ঠাইত মুঠ ৪০ টি নৱজাত শিশু ৰখা হৈছিল।

জুইৰ লেলিহান শিখাই গ্ৰাস কৰিলে ৪খন সংসাৰৰ সোণালী সপোন

অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈ ৪টা শিশুৱে কৰুণ মৃত্যুক সাৱটি লোৱাৰ লগতে উদ্ধাৰ কৰা শিশুকেইটাৰ মাজতো কোনো কোনোৱে কিছু পৰিমাণে আঘাত পাই আহত হৈছে। অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ বাবে এনে হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ভয়ংকৰ জুইকুৰা নুমুৱাবলৈ ১৩ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু উদ্ধাৰকাৰী দল আহি উপস্থিত হয়।

খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় ১৩খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী

আৰু পঢ়কঃ ‘মই জয়ললিতাৰ জীয়ৰী’! এই এশাৰী বাক্যৰে তামিলনাডু কঁপাইছে এগৰাকী মহিলাই

কেইবাঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনীয়ে। ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় মধ্যপ্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী। স্বাস্থ্যমন্ত্ৰীয়ে এনে এক হৃদয়বিদাৰক ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃত ৪টা শিশুৰ দুৰ্ভগীয়া পিতৃ-মাতৃলৈ ক্ষতিপূৰণ হিচাপে ৪ লাখকৈ টকা প্ৰদান কৰা হ'ব বুলি সদৰী কৰে। এই কৰুণ ঘটনাত সমগ্ৰ মধ্যপ্ৰদেশতে পৰিছে গভীৰ শোকৰ ছাঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে