--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা।এক ভয়ংকৰ অগ্নিকাণ্ডত কৰুণ মৃত্যুক সাৱয়ি লয় ৪টিকৈ নৱজাত শিশুৱে। কোনোমতে প্ৰাণৰক্ষা পৰে ৩৬ টি শিশুৰ। এই কৰুণ ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত। ৰাজধানীখনৰ অন্যতম হাস্পতাল কমলা নেহৰুত নিশা হঠাতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ড সংঘটিত হোৱা হাস্পতালৰ সেই ঠাইত মুঠ ৪০ টি নৱজাত শিশু ৰখা হৈছিল।

জুইৰ লেলিহান শিখাই গ্ৰাস কৰিলে ৪খন সংসাৰৰ সোণালী সপোন

অগ্নিকাণ্ডৰ ফলত অগ্নিদগ্ধ হৈ ৪টা শিশুৱে কৰুণ মৃত্যুক সাৱটি লোৱাৰ লগতে উদ্ধাৰ কৰা শিশুকেইটাৰ মাজতো কোনো কোনোৱে কিছু পৰিমাণে আঘাত পাই আহত হৈছে। অগ্নিকাণ্ডটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক তদন্তত শ্বৰ্ট চাৰ্কিটৰ বাবে এনে হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ভয়ংকৰ জুইকুৰা নুমুৱাবলৈ ১৩ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন আৰু উদ্ধাৰকাৰী দল আহি উপস্থিত হয়।

খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় ১৩খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী

আৰু পঢ়কঃ ‘মই জয়ললিতাৰ জীয়ৰী’! এই এশাৰী বাক্যৰে তামিলনাডু কঁপাইছে এগৰাকী মহিলাই

কেইবাঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনীয়ে। ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় মধ্যপ্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী। স্বাস্থ্যমন্ত্ৰীয়ে এনে এক হৃদয়বিদাৰক ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃত ৪টা শিশুৰ দুৰ্ভগীয়া পিতৃ-মাতৃলৈ ক্ষতিপূৰণ হিচাপে ৪ লাখকৈ টকা প্ৰদান কৰা হ'ব বুলি সদৰী কৰে। এই কৰুণ ঘটনাত সমগ্ৰ মধ্যপ্ৰদেশতে পৰিছে গভীৰ শোকৰ ছাঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক