--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰচণ্ড গৃহযুদ্ধ। শ শ লোকে অৱতীৰ্ণ হৈছে এই যুঁজত। চলিছে তীব্ৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ। তৎক্ষণাত ধৰাশায়ী হৈ পৰিছে কোনো এজন যোদ্ধা। তাৰ পাছতে পুনৰ ঠিয় হৈ কৰিছে প্ৰত্যাক্ৰমণ। হৰা-জিকাৰ ভেদ নাই। কিন্তু অহৰহ চলি আছে যুদ্ধ। এশ বছৰৰো অধিক সময় ধৰি এই যুদ্ধ চলিয়েই আছে, চলিয়েই আছে।

যুদ্ধ বুলি ক’লেই আমাৰ অন্তৰ কঁপি উঠে। তেজৰ নৈ, শৱদেহৰ পাহাৰ দেখাৰ আশংকাত সকলোৱে শংকিত হৈ পৰে যদিও এইবাৰ এই যুদ্ধই পিছে সকলোকে আমোদহে দিছে। সৈনিকসকলৰ অৱস্থা দেখি হাঁহিত ফাটি পৰিছে সকলো। ছ’চিয়েল মিডিয়াত মীম আৰ্মীয়েও মীমৰ অস্ত্ৰ নিক্ষেপ কৰিছে এইসকল যুঁজাৰুলৈ। মুঠতে এখন যুঁজৰ চৰ্চাই এতিয়া আলোড়ন তুলিছে ছ’চিয়েল মিডিয়াত। এই যুঁজৰ মূল অস্ত্ৰক লৈও চলিছে সৰস চৰ্চা।


প্ৰকৃততে এই যুঁজ চলিছে তামিলনাডু আৰু কৰ্ণাটকৰ সীমান্তৱৰ্তী এখন গাঁৱত। সাংস্কৃতিক ভিন্নতা আৰু বৈচিত্ৰ্যৰে ভৰপূৰ আমাৰ দেশত কিমান বিবিধ আৰু ব্যতিক্ৰমী ৰীতি-নীতি পালন কৰা হয় তাৰ নিদৰ্শন দাঙি ধৰিছে এই যুঁজখনে। সমগ্ৰ দেশ আৰু বিদেশৰো বিভিন্ন প্ৰান্তত পোহৰৰ উৎসৱ আয়োজিত হৈ যোৱাৰ পাছত এই গাঁওখনত দেৱালীৰ সামৰণি ঘোষণাৰ বাবে এই বিশেষ পৰম্পৰা পালন কৰি অহা হৈছে। পৰম্পৰা অনুসৰি এই গাঁওখনত দেৱালীৰ সামৰণি ঘোষণাৰ বাবে পালিত হয় ‘গোবৰযুদ্ধ’ৰ পৰম্পৰা। ‘গোৰেহাব্বা’ নামেৰে এই বিশেষ উৎসৱ পালন কৰা হয় গুমাতাপুৰা গাঁৱত। দেৱালীৰ শেষত এই গোবৰযুদ্ধৰ এই উৎসৱ পালন কৰাটো গাঁওখনৰ শতিকাপ্ৰাচীন পৰম্পৰা। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। এইবাৰ এই উৎসৱ পালনৰ এটা ভিডিঅ’ প্ৰচাৰ হোৱাৰ পাছতে ই নিমিষতে হৈ পৰিছে ভাইৰেল। নেটিজেনসকলে নানা সৰস মন্তব্য আৰু আলোচনা চলাই গৈছে এই উৎসৱক লৈ। ভিডিঅ’টোত দেখা গৈছে গৰুৰ গোবৰৰ এটা বিশাল দম শতাধিক লোক বহি লৈছে আৰু ডাঙৰ ডাঙৰ গোবৰৰ লদা সাজি সাজি ইজনে সিজনক আক্ৰমণ কৰি গৈছে।


বহুতেই এই ‘বিতোপন’ যুদ্ধখন দেখি আমোদ পাইছে যদিও বহুতে সংকোচত নাকো কোঁচাইছে। পিছে আমাৰ বাবেও এয়া বৰ অচিনাকি দৃশ্য নহয়। ফাকুৱাৰ সময়ত গোবৰ-মাটি সানি উৎসৱ পালন কৰা হয় আমাৰ গাঁৱে-ভূঞেও। কোনে কাক গোবৰৰ দম, বোকা-পানীৰ পুখুৰীলৈ দলিয়ায় তাৰো ঠিকনা নাথাকে। একেদৰে বোকা ভাওনাৰ পৰম্পৰাও আমাৰ সমাজত প্ৰচলিত আছে। অৱশ্যে এনেদৰে বিশাল গোবৰৰ দমত বহি গোবৰৰ গোলা-বাৰুদেৰে যুদ্ধ কৰাৰ এনে ৰীতি ব্যতিক্ৰমেই বুলিব পাৰিব। কাজেই ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক