--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজকে সমাজসেৱিকা বুলি পৰিচয় দিয়া এগৰাকী মহিলাক দেহ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে উৎখাত কৰিছে এক বৃহৎ দেহ ব্যৱসায় চক্ৰ। চিটি বাছ ষ্টেণ্ডৰ ওচৰৰ এটা ঘৰত দীৰ্ঘদিন ধৰি চলি আছিল যৌনতাৰ বেপাৰ। আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায় সেই ঘৰটোত। যাৰ ফলত আৰক্ষীৰ জালত পৰে ৪গৰাকী যুৱতী,৩জন গ্ৰাহক,এজন চালক,এজন কণ্ডাক্টৰ আৰু এগৰাকী মহিলা মেনেজাৰকে ধৰি ১০জনকৈ লোক।

সমাজসেৱিকা বুলি পৰিচয় দিয়া অনুপমা তিৱাৰীৰ কংলকিত কাহিনী

আৰক্ষীয়ে দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চক্ৰটোৰ বিষয়ে তথ্য লাভ কৰি আহিছিল। নিজকে এগৰাকী সমাজসেৱিকা বুলি পৰিচয় দিয়া অনুপমা তিৱাৰী নামৰ মহিলাগৰাকীৰ ঘৰতে আৰক্ষীৰ জালত পৰে দেহ ব্যৱসায় চক্ৰটো। বহুতো ভিআইপিৰ সৈতে ফেচবুকত ফটো শ্বেয়াৰ কৰে অনুপমাই। এবাৰ অনুপমা তিৱাৰীয়ে শিৱসেনাৰ পৰা পৌৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল য'ত তেওঁ বেয়াকৈ পৰাজিত হৈছিল। শিৱসেনা দলৰ নেত্ৰী বুলিও পৰিচিত অনুপমা তিৱাৰী।

আৰু পঢ়কঃ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড; ৪টিকৈ নৱজাত শিশুৰ কৰুণ মৃত্যু

দেহ ব্যৱসায় চক্ৰটোৰ সৈতে আৰু বহুতো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত বৰ্তমান অনুসন্ধান চলাই আছে য'ত ভিন্ন গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা আছে। ঘৰটোৰ পৰা ২৮,৭১০ টকাও জব্দ কৰিছে আৰক্ষীয়ে। ১০গৰাকীৰে বিৰুদ্ধে গোচৰ ৰুজু কৰি জেৰা কৰিছে আৰক্ষীয়ে। তদন্তত আৰু কেইবাজনো লোক জালত পৰাৰ সম্ভাৱনা। আৰক্ষীয়ে অনুপমা তিৱাৰীৰ গাড়ীখনো জব্দ কৰিছে। এই ঘটনা মধ্যপ্ৰদেশৰ ভূপালৰ চেহোৰ চহৰৰ। তথাকথিত সমাজসেৱিকাৰ কংলকিত কাহিনী পোহৰলৈ অহাৰ পাছতেই চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ চেহোৰ চহৰত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক