--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজকে সমাজসেৱিকা বুলি পৰিচয় দিয়া এগৰাকী মহিলাক দেহ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে উৎখাত কৰিছে এক বৃহৎ দেহ ব্যৱসায় চক্ৰ। চিটি বাছ ষ্টেণ্ডৰ ওচৰৰ এটা ঘৰত দীৰ্ঘদিন ধৰি চলি আছিল যৌনতাৰ বেপাৰ। আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায় সেই ঘৰটোত। যাৰ ফলত আৰক্ষীৰ জালত পৰে ৪গৰাকী যুৱতী,৩জন গ্ৰাহক,এজন চালক,এজন কণ্ডাক্টৰ আৰু এগৰাকী মহিলা মেনেজাৰকে ধৰি ১০জনকৈ লোক।

সমাজসেৱিকা বুলি পৰিচয় দিয়া অনুপমা তিৱাৰীৰ কংলকিত কাহিনী

আৰক্ষীয়ে দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চক্ৰটোৰ বিষয়ে তথ্য লাভ কৰি আহিছিল। নিজকে এগৰাকী সমাজসেৱিকা বুলি পৰিচয় দিয়া অনুপমা তিৱাৰী নামৰ মহিলাগৰাকীৰ ঘৰতে আৰক্ষীৰ জালত পৰে দেহ ব্যৱসায় চক্ৰটো। বহুতো ভিআইপিৰ সৈতে ফেচবুকত ফটো শ্বেয়াৰ কৰে অনুপমাই। এবাৰ অনুপমা তিৱাৰীয়ে শিৱসেনাৰ পৰা পৌৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল য'ত তেওঁ বেয়াকৈ পৰাজিত হৈছিল। শিৱসেনা দলৰ নেত্ৰী বুলিও পৰিচিত অনুপমা তিৱাৰী।

আৰু পঢ়কঃ হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড; ৪টিকৈ নৱজাত শিশুৰ কৰুণ মৃত্যু

দেহ ব্যৱসায় চক্ৰটোৰ সৈতে আৰু বহুতো লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ

আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত বৰ্তমান অনুসন্ধান চলাই আছে য'ত ভিন্ন গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা আছে। ঘৰটোৰ পৰা ২৮,৭১০ টকাও জব্দ কৰিছে আৰক্ষীয়ে। ১০গৰাকীৰে বিৰুদ্ধে গোচৰ ৰুজু কৰি জেৰা কৰিছে আৰক্ষীয়ে। তদন্তত আৰু কেইবাজনো লোক জালত পৰাৰ সম্ভাৱনা। আৰক্ষীয়ে অনুপমা তিৱাৰীৰ গাড়ীখনো জব্দ কৰিছে। এই ঘটনা মধ্যপ্ৰদেশৰ ভূপালৰ চেহোৰ চহৰৰ। তথাকথিত সমাজসেৱিকাৰ কংলকিত কাহিনী পোহৰলৈ অহাৰ পাছতেই চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ চেহোৰ চহৰত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে