--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংশ, ই জীৱনৰ আৰম্ভণিৰ পৰা শেষ উশাহলৈকে ধপধপাই থাকে। যদি ইয়াৰ যত্ন লোৱা নহয়, তেন্তে হাৰ্ট এটেক, ক’ৰ’নাৰী আৰ্টেৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজৰ দৰে বিপদজনক আৰু মাৰাত্মক ৰোগৰ আশংকা থাকে। 

এনে পৰিস্থিতিত আমি দৈনন্দিন খাদ্যৰ পৰা তেলীয়া খাদ্য বাদ দি কেৱল স্বাস্থ্যকৰ বস্তুহে খোৱাটো জৰুৰী। গ্ৰেটাৰ নয়ডাৰ জিমছ হাস্পতালত কৰ্মৰত বিখ্যাত খাদ্য বিশেষজ্ঞ ডাঃ আয়ুষী যাদৱৰ মতে কিছু হালধীয়া ফল-মূল খালে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি সাধন কৰিব পাৰি।

এই হালধীয়া ফল খালে হাৰ্ট এটেকৰ পৰা ৰক্ষা পৰিব

১) আমঃ আম হৈছে ফলৰ ৰজা। ই অতি স্বাস্থ্যকৰ ফল। আম হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। সেয়েহে আম স্বাস্থ্য ভালে ৰাখিবলৈ খোৱা উচিত।

২) নেমুঃ নেমু ঔষধি গুণেৰে সমৃদ্ধ এবিধ টেঙা ফল। যিটো চালাডৰ পৰা আৰম্ভ কৰি চৰ্বতলৈকে সকলোতে ব্যৱহাৰ কৰা হয়, ই হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰে।

৩) কলঃ কল খোৱা যায় সিমানেই ইয়াৰ উপকাৰিতা বেছি। পৰিমিতভাৱে কল খালে ওজন কমোৱাত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উপকাৰ হয়।

৪) আনাৰসঃ আনাৰস খালে হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। কিন্তু বেছিকৈও খাব নালাগে কাৰণ ইয়াৰ ফলত তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়।

৫) হালধীয়া কেপচিকামঃ কেপচিকাম আমি পাচলি বুলি খাও যদিও উদ্ভিদ বিজ্ঞানৰ মতে ই একপ্ৰকাৰৰ ফলহে। এই খাদ্যত আঁহ, আইৰণ আৰু ফ’লেট প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ বাবে শৰীৰে যথেষ্ট শক্তি লাভ কৰে আৰু একে সময়তে শৰীৰত তেজৰ অভাৱ নহয় আৰু হৃদযন্ত্ৰও সুস্থ হৈ থাকে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু