--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চ ৰক্তচাপৰ কোনো স্থায়ী চিকিৎসা নাই। কিন্তু ঔষধ আৰু কিছুমান বিশেষ বস্তু পৰিহাৰ কৰি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। স্বাভাৱিক ৰক্তচাপ ১২০/৮০ বুলি গণ্য কৰা হয় যদিও ১৩০/৯০ও চিন্তনীয় নহয়। 

ইয়াৰ ওপৰলৈ গ’লে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। ইয়াক উচ্চ ৰক্তচাপ বোলা হয়। হাই ব্লাড প্ৰেছাৰৰ সময়মতে চিকিৎসা নকৰিলে হৃদযন্ত্ৰৰ ক্ষতি হ’ব পাৰে। সেইবাবেই হাই ব্লাড প্ৰেছাৰৰ ৰোগীসকলে বহু কথাৰ পৰা আঁতৰি থকাটো প্ৰয়োজনীয়। কোন ৬ টা বস্তুৰ পৰা আঁতৰি থাকিব লাগে আমি জানো আহক।

হাই ব্লাড প্ৰেছাৰৰ ৰোগীয়ে কি কি খাব নালাগে জানো আহক

১) কেফেইনঃ উচ্চ ৰক্তচাপ ৰোগীয়ে কেফেইনৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। তেওঁলোকৰ বাবে কফি আৰু চ’ডাৰ দৰে পানীয় ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। চাহো পৰিহাৰ কৰিলে ভাল হ’ব।

২) মছলাঃ অত্যধিক মছলাযুক্ত খাদ্য উচ্চ ৰক্তচাপ ৰোগীৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। খাদ্যত ব্যৱহৃত মছলাবোৰে ৰক্তচাপৰ সমস্যা আৰু অধিক বৃদ্ধি কৰিব পাৰে। মনত ৰাখিব, কম মছলাযুক্ত খাদ্যহে খাব।

৩) চেনিঃ উচ্চ ৰক্তচাপ ৰোগীয়েও চেনি বা মিঠা বস্তুৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। অধিক পৰিমাণে চেনি খালে মেদবহুলতা বৃদ্ধি পাব পাৰে, যিটো উচ্চ ৰক্তচাপ ৰোগীৰ বাবে ক্ষতিকাৰক।

৪) নিমখঃ উচ্চ ৰক্তচাপ ৰোগীৰ বাবে অতিৰিক্ত নিমখ বিহতকৈ কম নহয়। অতিৰিক্ত নিমখ সেৱন কৰিলে উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৫) আচাৰঃ যিকোনো খাদ্য সামগ্ৰী সংৰক্ষণৰ বাবে নিমখৰ প্ৰয়োজন হয়। নিমখে খাদ্য সোনকালে পচি যোৱাৰ পৰা ৰক্ষা কৰে। নিমখেৰে সংৰক্ষিত কৰি ৰখা বস্তু সেৱন কৰাটো উচ্চ ৰক্তচাপ ৰোগীৰ বাবে অসুবিধাৰ কাৰণ হ’ব পাৰে। ইয়াত আচাৰ প্ৰথম। গতিকে ইয়াক সেৱন কৰাটো পৰিহাৰ কৰক।

৬) পেকেট ফুডঃ উচ্চ ৰক্তচাপ ৰোগীয়ে পেকেটত ভৰোৱা খাদ্যৰ পৰা আঁতৰি থাকিলে ভাল। পেকেজড ষ্টকত ছডিয়ামৰ পৰিমাণ বেছি আৰু ছডিয়াম উচ্চ ৰক্তচাপৰ এটা প্ৰধান কাৰণ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে