--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চ ৰক্তচাপৰ কোনো স্থায়ী চিকিৎসা নাই। কিন্তু ঔষধ আৰু কিছুমান বিশেষ বস্তু পৰিহাৰ কৰি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। স্বাভাৱিক ৰক্তচাপ ১২০/৮০ বুলি গণ্য কৰা হয় যদিও ১৩০/৯০ও চিন্তনীয় নহয়। 

ইয়াৰ ওপৰলৈ গ’লে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। ইয়াক উচ্চ ৰক্তচাপ বোলা হয়। হাই ব্লাড প্ৰেছাৰৰ সময়মতে চিকিৎসা নকৰিলে হৃদযন্ত্ৰৰ ক্ষতি হ’ব পাৰে। সেইবাবেই হাই ব্লাড প্ৰেছাৰৰ ৰোগীসকলে বহু কথাৰ পৰা আঁতৰি থকাটো প্ৰয়োজনীয়। কোন ৬ টা বস্তুৰ পৰা আঁতৰি থাকিব লাগে আমি জানো আহক।

হাই ব্লাড প্ৰেছাৰৰ ৰোগীয়ে কি কি খাব নালাগে জানো আহক

১) কেফেইনঃ উচ্চ ৰক্তচাপ ৰোগীয়ে কেফেইনৰ পৰা আঁতৰি থকাটো গুৰুত্বপূৰ্ণ। তেওঁলোকৰ বাবে কফি আৰু চ’ডাৰ দৰে পানীয় ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে। চাহো পৰিহাৰ কৰিলে ভাল হ’ব।

২) মছলাঃ অত্যধিক মছলাযুক্ত খাদ্য উচ্চ ৰক্তচাপ ৰোগীৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। খাদ্যত ব্যৱহৃত মছলাবোৰে ৰক্তচাপৰ সমস্যা আৰু অধিক বৃদ্ধি কৰিব পাৰে। মনত ৰাখিব, কম মছলাযুক্ত খাদ্যহে খাব।

৩) চেনিঃ উচ্চ ৰক্তচাপ ৰোগীয়েও চেনি বা মিঠা বস্তুৰ পৰা দূৰত্ব বজাই ৰাখিব লাগে। অধিক পৰিমাণে চেনি খালে মেদবহুলতা বৃদ্ধি পাব পাৰে, যিটো উচ্চ ৰক্তচাপ ৰোগীৰ বাবে ক্ষতিকাৰক।

৪) নিমখঃ উচ্চ ৰক্তচাপ ৰোগীৰ বাবে অতিৰিক্ত নিমখ বিহতকৈ কম নহয়। অতিৰিক্ত নিমখ সেৱন কৰিলে উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৫) আচাৰঃ যিকোনো খাদ্য সামগ্ৰী সংৰক্ষণৰ বাবে নিমখৰ প্ৰয়োজন হয়। নিমখে খাদ্য সোনকালে পচি যোৱাৰ পৰা ৰক্ষা কৰে। নিমখেৰে সংৰক্ষিত কৰি ৰখা বস্তু সেৱন কৰাটো উচ্চ ৰক্তচাপ ৰোগীৰ বাবে অসুবিধাৰ কাৰণ হ’ব পাৰে। ইয়াত আচাৰ প্ৰথম। গতিকে ইয়াক সেৱন কৰাটো পৰিহাৰ কৰক।

৬) পেকেট ফুডঃ উচ্চ ৰক্তচাপ ৰোগীয়ে পেকেটত ভৰোৱা খাদ্যৰ পৰা আঁতৰি থাকিলে ভাল। পেকেজড ষ্টকত ছডিয়ামৰ পৰিমাণ বেছি আৰু ছডিয়াম উচ্চ ৰক্তচাপৰ এটা প্ৰধান কাৰণ।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক