--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ শ্বেহেনশ্বাহ অমিতাভ বচ্চনে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে। বিগ বিয়ে অযোধ্যাত মাটি ক্ৰয় কৰাৰ খবৰ আহিছে। ইয়াৰ উপৰিও অমিতাভ বচ্চনে ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগতো নিজাকৈ দল গঠন কৰিছে। এই সময়ছোৱাত বিগ বিয়ে তেওঁৰ ব্লগত কিছু ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ হাতত বেণ্ডেজ বান্ধি থোৱা দেখা গৈছে।

এই ব্লগত অমিতাভ বচ্চনে হাতত বান্ধি থোৱা বেণ্ডেজৰ আঁৰৰ কাৰণ বুজাই দিছে। তেওঁৰ হাতৰ অস্ত্ৰোপচাৰ কৰা বুলি অভিনেতাজনে জনাইছে। অস্ত্ৰোপচাৰ কৰা হাতৰ লগতে বিগ বিয়ে অক্ষয় কুমাৰৰ সৈতে ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগৰ বাবেও শ্বুটিং কৰিছে। বিগ বিয়ে নিজৰ ব্লগত অক্ষয় কুমাৰ আৰু চাউথ ষ্টাৰ সূৰ্যৰ সৈতে বহু ফটো পোষ্ট কৰিছে। এই ফটোবোৰত অমিতাভ বচ্চনৰ হাতত ক’লা বেণ্ড বান্ধি থকা দেখা গৈছে।বিগ বিয়ে তেওঁৰ হাতৰ অস্ত্ৰোপচাৰ কৰা বুলি কৈছে যদিও অভিনেতাগৰাকীয়ে তেওঁৰ অস্ত্ৰোপচাৰ কেতিয়া আৰু কিয় কৰা হৈছিল সেই কথা প্ৰকাশ কৰা নাই। অৱশ্যে বচ্চনৰ বাবে তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে।

উল্লেখ্য যে ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ দৰে সৃষ্টি হৈছে। এই লীগত বহু মেচ অনুষ্ঠিত হ’ব। ইয়াত বহু তাৰকাই নিজাকৈ দল গঠন কৰিছে, য’ত অমিতাভ বচ্চন মুম্বাই দলৰ মালিক৷ অক্ষয় কুমাৰৰ দল শ্ৰীনগৰ। এইখন ক্ৰিকেট প্ৰতিযোগিতা যি হ’ব টি-১০ৰ। ২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ৯ মাৰ্চলৈকে মুম্বাইত খেলা হ’ব। এই প্ৰতিযোগিতাত ৬ টা দলে অংশগ্ৰহণ কৰিব। এই লীগত অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰৰ উপৰিও সূৰ্য, ছেইফ আলী খান, ৰাম চৰণ, কৰীনা কাপুৰ খান আৰু ঋতিক ৰোশনৰ দল অন্তৰ্ভুক্ত কৰা হৈছে।

অমিতাভ বচ্চনৰ ৱৰ্ক ফ্ৰণ্টৰ কথা কওঁতে বিগ বিক দেখা যাব কলকি ২৮৯৮ খ্ৰীষ্টাব্দ ছবিখনত। এই ছবিখনত প্ৰভাস আৰু দীপিকা পাডুকনে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও কমল হাছান, দুলকুৰ ছালমান আৰু দিশা পাটানিয়েও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। চলিত বৰ্ষত ছবিগৃহত মুক্তি পাব এই ছবিখন। বৰ্তমান ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু