--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ শ্বেহেনশ্বাহ অমিতাভ বচ্চনে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে। বিগ বিয়ে অযোধ্যাত মাটি ক্ৰয় কৰাৰ খবৰ আহিছে। ইয়াৰ উপৰিও অমিতাভ বচ্চনে ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগতো নিজাকৈ দল গঠন কৰিছে। এই সময়ছোৱাত বিগ বিয়ে তেওঁৰ ব্লগত কিছু ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ হাতত বেণ্ডেজ বান্ধি থোৱা দেখা গৈছে।

এই ব্লগত অমিতাভ বচ্চনে হাতত বান্ধি থোৱা বেণ্ডেজৰ আঁৰৰ কাৰণ বুজাই দিছে। তেওঁৰ হাতৰ অস্ত্ৰোপচাৰ কৰা বুলি অভিনেতাজনে জনাইছে। অস্ত্ৰোপচাৰ কৰা হাতৰ লগতে বিগ বিয়ে অক্ষয় কুমাৰৰ সৈতে ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগৰ বাবেও শ্বুটিং কৰিছে। বিগ বিয়ে নিজৰ ব্লগত অক্ষয় কুমাৰ আৰু চাউথ ষ্টাৰ সূৰ্যৰ সৈতে বহু ফটো পোষ্ট কৰিছে। এই ফটোবোৰত অমিতাভ বচ্চনৰ হাতত ক’লা বেণ্ড বান্ধি থকা দেখা গৈছে।বিগ বিয়ে তেওঁৰ হাতৰ অস্ত্ৰোপচাৰ কৰা বুলি কৈছে যদিও অভিনেতাগৰাকীয়ে তেওঁৰ অস্ত্ৰোপচাৰ কেতিয়া আৰু কিয় কৰা হৈছিল সেই কথা প্ৰকাশ কৰা নাই। অৱশ্যে বচ্চনৰ বাবে তেওঁৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে।

উল্লেখ্য যে ইণ্ডিয়ান ষ্ট্ৰীট প্ৰিমিয়াৰ লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ দৰে সৃষ্টি হৈছে। এই লীগত বহু মেচ অনুষ্ঠিত হ’ব। ইয়াত বহু তাৰকাই নিজাকৈ দল গঠন কৰিছে, য’ত অমিতাভ বচ্চন মুম্বাই দলৰ মালিক৷ অক্ষয় কুমাৰৰ দল শ্ৰীনগৰ। এইখন ক্ৰিকেট প্ৰতিযোগিতা যি হ’ব টি-১০ৰ। ২ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ৯ মাৰ্চলৈকে মুম্বাইত খেলা হ’ব। এই প্ৰতিযোগিতাত ৬ টা দলে অংশগ্ৰহণ কৰিব। এই লীগত অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰৰ উপৰিও সূৰ্য, ছেইফ আলী খান, ৰাম চৰণ, কৰীনা কাপুৰ খান আৰু ঋতিক ৰোশনৰ দল অন্তৰ্ভুক্ত কৰা হৈছে।

অমিতাভ বচ্চনৰ ৱৰ্ক ফ্ৰণ্টৰ কথা কওঁতে বিগ বিক দেখা যাব কলকি ২৮৯৮ খ্ৰীষ্টাব্দ ছবিখনত। এই ছবিখনত প্ৰভাস আৰু দীপিকা পাডুকনে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ইয়াৰ উপৰিও কমল হাছান, দুলকুৰ ছালমান আৰু দিশা পাটানিয়েও ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। চলিত বৰ্ষত ছবিগৃহত মুক্তি পাব এই ছবিখন। বৰ্তমান ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক