--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰমাৎ সংকট ঘনীভূত হৈছে অসম গণ পৰিষদৰ৷ বিজেপি মিত্ৰজোঁটৰ অংশীদাৰী তথা অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ এসময়ৰ হোতাস্বৰূপ অসম গণ পৰিষদত বৃহৎ খহনীয়া হ’বলৈ আগবাঢ়িছে৷ 

দুগৰাকী মন্ত্ৰীৰ নেতৃত্বত চলা দলটোৰ সাংগঠনিক কাৰ্যকলাপত এতিয়া দলটোৰ কেন্দ্ৰীয় সমিতিৰ নেতাৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মীলৈ সকলো অসন্তুষ্ট৷ কিন্তু, বিগত সময়ছোৱাত অগপ নেতৃত্বই কৰা আপোচ আৰু জাতীয় স্বাৰ্থক লৈ অসমবাসীক কৰা প্ৰতাৰণাৰ বাবেই দলটো ক্ৰমশ: অসমীয়াৰ মন-মগজুৰ পৰা আঁতৰি যোৱাৰ উপক্ৰম হৈছে৷ 

বিজেপি চৰকাৰৰ ওচৰত অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিক বিসৰ্জন দিয়া অগপ এতিয়া বল-শক্তিহীন ঘোঁৰা এটালৈ ৰাপান্তৰ হৈছে৷ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতি জোকাৰি যোৱা এটা বিষয় আছিল সমষ্টি পুনৰ নিৰ্ধাৰণ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত সমষ্টি হেৰুৱাইছে অগপৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই৷ 

আমগুৰিৰ প্ৰদীপ হাজৰিকা, ছয়গাঁৱৰ ডাঃ কমলা কলিতাই বিদ্ৰোহ কৰিছিল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত৷ একেদৰে, ফণীভূষণ চৌধুৰীকো ক্ৰমাৎ দুৰ্বল কৰি তোলাৰ এটা প্ৰচেষ্টা চলি থকা ৰাজনৈতিক বিশ্লেষকসকলে ক’ব খোজে৷ 

একেদৰে বিগত নিৰ্বাতনত বিজেপিৰে মিত্ৰতা কৰি অগপৰ দখলত থকা সমষ্টি বিজেপিৰ হাতত তুলি দিছিল অগপ নেতৃত্বই৷ আৰু তেনেকৈ ৰাজনৈতিকভাৱে নিঃশেষ কৰা হৈছিল অগপৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক৷ দলৰ ভিতৰতে ষড়যন্ত্ৰৰ বেহু ৰচি দলৰ পৰা আঁতৰাই পঠিওৱাৰ চেষ্টা চলিছিল প্ৰফুল্ল মহন্তৰ বিৰুদ্ধে৷ 

একেই পৰিণতি হৈছিল সত্যব্ৰত কলিতাৰ ক্ষেত্ৰতো৷ জ্যেষ্ঠ অগপ নেতা তথা কমলপুৰৰ প্ৰাক্তন বিধায়কগৰাকীক দলৰে নেতৃত্বই ৰাজনৈতিকভাৱে নিবনুৱা কৰি তুলিছিল৷ 

সাতে-সোতৰই মিলি দলীয় অন্তৰ্কন্দলত জৰ্জৰিত হৈ পৰিছে অসম গণ পৰিষদ৷ আৰু এতিয়া অগপৰ চাৰিগৰাকী নেতাই দল এৰিবলৈ যো-জা চলাইছে৷ অনিশ্চয়তাৰে ভৰা ৰাজনৈতিক ভৱিষ্যতক লৈ শংকিত বহুকেইগৰাকী অগপ নেতাই যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে৷ 

হয়, ৰাজ্যৰ শাসনাধিস্থিত বিজেপি চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ ৪গৰাকী বিয়াগোম নেতাই শীঘ্ৰেই যোগদান কৰিব কংগ্ৰেছত। 

দেওবাৰে ৰাজীৱ ভৱনত সংবাদমেল পাতি কংগ্ৰেছৰ জ্যেষ্ঠনেতা তথা মুখপাত্ৰ দ্বিজেন শৰ্মাই অহা ১১ অক্টোবৰত ৪গৰাকী অগপ নেতাই কংগ্ৰেছত যোগ দিব বুলি তথ্য সদৰী কৰিছিল৷ তাৰ পাছতেই ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে ব্যাপক চৰ্চা৷ চৰ্চা অনুসৰি, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা, প্ৰাক্তন বিধায়ক ডাঃ কমলা কলিতা আৰু লখিমপুৰৰ উৎপল দত্তই কংগ্ৰেছত যোগদান কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ অগপ সভাপতি অতুল বৰাই অস্বীকাৰ কৰিলেও এই খবৰ সত্য হোৱাৰ সম্ভাৱনাই অধিক৷ আৰু চৰ্চা চলা অনুসৰি, এইসকল অগপ নেতাই দলত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিলে অগপ সাংগঠনিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক