--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমে পুনৰ মুদ্ৰাস্ফীতি, মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যা সন্দৰ্ভত কেন্দ্ৰৰ বিজেপি চৰকাৰক আক্ৰমণ কৰে। শনিবাৰে (৩০ ছেপ্টেম্বৰ) ৰামেশ্বৰমত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰ বিভ্ৰান্ত। এইখন চৰকাৰৰ পৰা বিদায় লোৱাৰ সময় আহি  পৰিছে। তামিলনাডুৰ ৰামেশ্বৰমত অনুষ্ঠিত নিখিল ভাৰত মাছমৰীয়া কংগ্ৰেছৰ বৈঠকত তেওঁ এইদৰে কয়।

পি চিদাম্বৰমে কয় যে, “মুদ্ৰাস্ফীতি, মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰা আৰু চাকৰি দিব নোৱাৰা অকাৰ্যকৰী বিজেপি চৰকাৰক বিদায় দিয়ক। তেওঁ কয়, ভাৰতীয় অৰ্থনীতি দ্ৰুতগতিত বৃদ্ধি হোৱা নাই। যি অৰ্থনীতিয়ে দাম নিয়ন্ত্ৰণ নকৰে আৰু কৰ্মসংস্থাপনৰ সৃষ্টি নকৰে, সেই অৰ্থনীতিক উন্নত অৰ্থনীতি বুলি গণ্য কৰিব নোৱাৰি। মোৰ মতামত যে ১০ বছৰত এবাৰ চৰকাৰ সলনি কৰিব লাগে। লাগিনে সেয়া কংগ্ৰেছ দলৰ চৰকাৰই নহওক।

মুদ্ৰাস্ফীতিৰ বিষয়ত প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে মুদ্ৰাস্ফীতি ৬ শতাংশৰ ওপৰত উপনীত হৈছে যিটো ৪ শতাংশৰ ওপৰত হ’ব নালাগে। তেওঁ কয়, ‘বিজেপিৰ শাসনৰ ৯ বছৰত যুৱক-যুৱতীসকলৰ নিবনুৱা সমস্যা হ্ৰাস হোৱা নাই। অৰ্থনীতিবিদসকলৰ মতে অৰ্থনৈতিক বিকাশৰ অৰ্থ হ’ল মূল্য নিয়ন্ত্ৰণ কৰা, কৰ্মসংস্থাপন বৃদ্ধি কৰা, ঘৰুৱা সঞ্চয় বৃদ্ধি কৰা, ঋণ হ্ৰাস কৰা আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত ৰখা।’

পি চিদাম্বৰমে আৰু কয়, “যোৱা বছৰ যেতিয়া ভাৰতৰ জনসাধাৰণৰ ঐক্য আৰু ভাতৃত্ববোধৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ এখন পদযাত্ৰা উলিয়াই অনা হৈছিল, তেতিয়া এজন ৫১ বছৰীয়া যুৱকে (ৰাহুল গান্ধী) ৪০০০ কিলোমিটাৰ খোজ কাঢ়িছিল।একবিংশ শতিকাত এই কৃতিত্ব অৰ্জন কৰিছে কেৱল ৰাহুল গান্ধীয়ে।”


তদুপৰি আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতকো লক্ষ্য কৰি হিন্দু আৰু মুছলমানৰ মাজত বিসংগতি সৃষ্টি কৰাটোৱেই নির্বাচনত জয়ী হোৱাৰ পথ বুলি চিদাম্বৰমে অভিযোগ উত্থাপন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু