--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কাৰ্ডিয়াক এৰেষ্ট এনে এটা গুৰুতৰ অৱস্থা য’ত বেছিভাগ লোকেই প্ৰাণ হেৰুৱায়। এই সময়ত হৃদস্পন্দন হঠাতে বন্ধ হৈ যায়। প্ৰতি বছৰে সমগ্ৰ বিশ্বতে এই ৰোগত হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়। কাৰ্ডিয়াক এৰেষ্টত হৃদস্পন্দন হঠাতে বাঢে। সঠিক সময়ত চিকিৎসা লাভ কৰিলে ৰোগীৰ জীৱন ৰক্ষা পৰিব পৰে। এনে অৱস্থাত চিকিৎসা সেৱা নোপোৱালৈকে ৰোগীযক চি পি আৰ দিব লাগে অৰ্থাৎ মুখেৰে উশাহ লৈ দুয়োহাতেৰে বুকুত খুন্দা মাৰিব লাগে।

 ১. হৃদযন্ত্ৰ বন্ধ হোৱাৰ লক্ষণ-

সাধাৰণতে কাৰ্ডিয়াক এৰেষ্ট ইমানে হঠাতে হয় যে আপুনি হয়তো কেতিয়াবা ইয়াৰ লক্ষণসমূহো চিনি নাপাব বা অনুভৱ কৰিব নোৱাৰিব। এনে অৱস্থাত ৰোগীজন হঠাতে অচেতন হৈ পৰে।

* যেতিয়া মগজুলৈ তেজৰ যোগান বন্ধ হয়, তেতিয়া হঠাতে মানুহজন অচেতন হৈ পৰে। পিঠি আৰু কান্ধত থপৰিয়াইও কোনো ধৰণৰ প্ৰতিক্ৰিয়া পোৱা নাযায়।

* ব্যক্তিজনৰ হৃদস্পন্দন হঠাতে অতি বেগেৰে হ’বলৈ ধৰে আৰু তেওঁ স্বাভাৱিকভাৱে উশাহ ল’ব নোৱাৰা হৈ পৰে।

* ভুক্তভোগীৰ পালছ আৰু ৰক্তচাপ বন্ধ হৈ পৰে। এনে অৱস্থাত মগজু আৰু শৰীৰৰ বাকী অংশত তেজ নাপায়।

২. কেনেকৈ ইয়াৰ পৰা হাত সাৰিব পাৰি?

* ইয়াৰ বাবে আপুনি সদায় সজাগ হোৱাটো আটাইতকৈ প্ৰয়োজন। স্বাস্থ্যকৰ খাদ্য খাব লাগে। কম তেল, কম কলেষ্টেৰল আৰু কম কাৰ্বযুক্ত খাদ্য খাব লাগে। মিঠা বস্তু সেৱন কমাই কৰক আৰু শৰীৰ ওজন নিয়ন্ত্ৰণত ৰাখক।

* সুস্থভাৱে জীৱন-যাপন কৰক। খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি শোৱালৈকে জীৱনৰ সকলো কামতে সময় আৰু নীতি-নিয়ম মানি চলক। ইয়াৰ ফলত আপোনাৰ জীৱনৰ ভাৰসাম্য ৰক্ষা পৰিব আৰু হ্ৰাস পাব।

* মদ আৰু চিগাৰেট পৰিহাৰ কৰক, ই আপোনাৰ হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। মদ আৰু চিগাৰেট সেৱনে আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ