--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ জুনত ষ্ট্ৰীমিং আৰম্ভ হোৱাৰ পৰাই বিগ বছ অ’টিটি ছিজন ২য়ে শিৰোনাম দখল কৰি আহিছে৷শ্ব’টোৰ এংকৰ ছলমান খানে ৰিয়েলিটি শ্ব’ৰ চেটলৈ উভতি আহি প্ৰতিযোগীসকলক যোৱা এসপ্তাহ ধৰি তেওঁলোকৰ প্ৰদৰ্শনৰ বিষয়ে মন্তব্য কৰিছে। অৱশ্যে শেহতীয়াকৈ উইকেণ্ড কা ৱাৰৰ সময়ত তেওঁ ধূমপান কৰা যেন দেখা গৈছিল। বলিউডৰ ছুপাৰষ্টাৰগৰাকীয়ে হাতত চিগাৰেট লৈ থকা ফটো আৰু ভিডিঅ’ও অনলাইনত পোহৰলৈ আহিছে। 

উইকেণ্ড কা ৱাৰ খণ্ডৰ বাবে বিগ বছ অ’টিটি ২ মঞ্চলৈ আহিছিল ছলমান খান। প্ৰতিযোগীসকলৰ সৈতে কথা পাতি থাকোঁতে তেওঁ আনুষ্ঠানিক সাজ-পোছাক পিন্ধা দেখা গৈছিল। চেকাৰ চাৰ্ট আৰু পেণ্ট এযোৰ পিন্ধিছিল অভিনেতাগৰাকীয়ে। অৱশ্যে মঞ্চলৈ অহাৰ লগে লগে ছলমানৰ হাতত চিগাৰেট এটা থকা দেখা গ’ল৷এইসমূহ ছবি আৰু ভিডিঅ’বোৰে অতি সোনকালেই ছ’চিয়েল মিডিয়াত বিয়পিবলৈ আৰম্ভ কৰে।



বিগ বছ হৈছে এনে এক খেল য’ত চেলিব্ৰিটি প্ৰতিযোগীৰ এটা দলে এটা নিৰ্দিষ্ট সময়ৰ বাবে বিশেষভাৱে ডিজাইন কৰা ঘৰত একেলগে থাকে। বহিঃজগতৰ পৰা বিচ্ছিন্ন হৈ থকা প্ৰতিযোগীসকলক অহৰহ কেমেৰাৰ দ্বাৰা নিৰীক্ষণ কৰা হয়। তেওঁলোকে বিভিন্ন কাম আৰু খেলত অংশগ্ৰহণ কৰি পুৰস্কাৰ আৰু বিগ বছ হাউছৰ উচ্ছেদৰ পৰা ৰক্ষাকৱচ লাভ কৰে।

উল্লেখযোগ্য যে, ১৭ জুনত বিগ বছ অ’টিটি ২ত ব্লকবাষ্টাৰ এণ্ট্ৰি কৰিছিল ছলমান খানে।তেওঁ বিবি কাৰেন্সীৰ প্ৰৱৰ্তনও কৰিছিল, যিয়ে প্ৰতিযোগীসকলক খেলখনত জীয়াই থকাত সহায় কৰিব। JioCinema ত ষ্ট্ৰীমিং হৈছে BB OTT 2। প্ৰতিযোগী সকল হৈছে পূজা ভাট, অভিষেক মালহান, অবিনাশ সাচদেৱ, মনীষা ৰাণী, জিয়া শংকৰ, জাদ হাদিদ, ফলাক নাজ, চাইৰাছ ব্ৰাচা, বেবিকা ধূৰ্ভে। বিগ বছ অ’টিটি ২ৰ পৰা উচ্ছেদ হোৱা প্ৰথমগৰাকী প্ৰতিযোগী পুনীত ছুপাৰষ্টাৰ।পালক পুৰ্বানী আৰু আলিয়া ছিদ্দিকীকো উচ্ছেদ কৰা হৈছে। ৩ জুলাইৰ খণ্ডটোত আকাংক্ষা পুৰীকো বাহিৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement