--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ জুনত ষ্ট্ৰীমিং আৰম্ভ হোৱাৰ পৰাই বিগ বছ অ’টিটি ছিজন ২য়ে শিৰোনাম দখল কৰি আহিছে৷শ্ব’টোৰ এংকৰ ছলমান খানে ৰিয়েলিটি শ্ব’ৰ চেটলৈ উভতি আহি প্ৰতিযোগীসকলক যোৱা এসপ্তাহ ধৰি তেওঁলোকৰ প্ৰদৰ্শনৰ বিষয়ে মন্তব্য কৰিছে। অৱশ্যে শেহতীয়াকৈ উইকেণ্ড কা ৱাৰৰ সময়ত তেওঁ ধূমপান কৰা যেন দেখা গৈছিল। বলিউডৰ ছুপাৰষ্টাৰগৰাকীয়ে হাতত চিগাৰেট লৈ থকা ফটো আৰু ভিডিঅ’ও অনলাইনত পোহৰলৈ আহিছে। 

উইকেণ্ড কা ৱাৰ খণ্ডৰ বাবে বিগ বছ অ’টিটি ২ মঞ্চলৈ আহিছিল ছলমান খান। প্ৰতিযোগীসকলৰ সৈতে কথা পাতি থাকোঁতে তেওঁ আনুষ্ঠানিক সাজ-পোছাক পিন্ধা দেখা গৈছিল। চেকাৰ চাৰ্ট আৰু পেণ্ট এযোৰ পিন্ধিছিল অভিনেতাগৰাকীয়ে। অৱশ্যে মঞ্চলৈ অহাৰ লগে লগে ছলমানৰ হাতত চিগাৰেট এটা থকা দেখা গ’ল৷এইসমূহ ছবি আৰু ভিডিঅ’বোৰে অতি সোনকালেই ছ’চিয়েল মিডিয়াত বিয়পিবলৈ আৰম্ভ কৰে।



বিগ বছ হৈছে এনে এক খেল য’ত চেলিব্ৰিটি প্ৰতিযোগীৰ এটা দলে এটা নিৰ্দিষ্ট সময়ৰ বাবে বিশেষভাৱে ডিজাইন কৰা ঘৰত একেলগে থাকে। বহিঃজগতৰ পৰা বিচ্ছিন্ন হৈ থকা প্ৰতিযোগীসকলক অহৰহ কেমেৰাৰ দ্বাৰা নিৰীক্ষণ কৰা হয়। তেওঁলোকে বিভিন্ন কাম আৰু খেলত অংশগ্ৰহণ কৰি পুৰস্কাৰ আৰু বিগ বছ হাউছৰ উচ্ছেদৰ পৰা ৰক্ষাকৱচ লাভ কৰে।

উল্লেখযোগ্য যে, ১৭ জুনত বিগ বছ অ’টিটি ২ত ব্লকবাষ্টাৰ এণ্ট্ৰি কৰিছিল ছলমান খানে।তেওঁ বিবি কাৰেন্সীৰ প্ৰৱৰ্তনও কৰিছিল, যিয়ে প্ৰতিযোগীসকলক খেলখনত জীয়াই থকাত সহায় কৰিব। JioCinema ত ষ্ট্ৰীমিং হৈছে BB OTT 2। প্ৰতিযোগী সকল হৈছে পূজা ভাট, অভিষেক মালহান, অবিনাশ সাচদেৱ, মনীষা ৰাণী, জিয়া শংকৰ, জাদ হাদিদ, ফলাক নাজ, চাইৰাছ ব্ৰাচা, বেবিকা ধূৰ্ভে। বিগ বছ অ’টিটি ২ৰ পৰা উচ্ছেদ হোৱা প্ৰথমগৰাকী প্ৰতিযোগী পুনীত ছুপাৰষ্টাৰ।পালক পুৰ্বানী আৰু আলিয়া ছিদ্দিকীকো উচ্ছেদ কৰা হৈছে। ৩ জুলাইৰ খণ্ডটোত আকাংক্ষা পুৰীকো বাহিৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু