--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুষী চিল্লাৰ। এগৰাকী সুন্দৰী যুৱতী। ২০১৭ চনত মানুষীয়ে সৌন্দৰ্য প্ৰতিযোগিতাত শীৰ্ষস্থান দখল কৰি নিজৰ নাম উজলাইছিল। সমাজসেৱাৰ উপৰিও তেওঁ বিভিন্ন বিখ্যাত কোম্পানীৰ বিজ্ঞাপন অভিযানৰ সৈতেও জড়িত আছিল।

পাঁচ বছৰৰ ব্যৱধানৰ অন্তত মনুষীয়ে চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ পৰিচালনাত নিৰ্মিত ‘সমৰাট পৃথ্বীৰাজ’ ছবিৰে লাইমলাইটত ভৰি দিয়ে। প্ৰথমখন ছবিত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰাৰ সুযোগ পাইছিল। ডাঙৰ তাৰকাৰ সৈতে অভিনয় কৰিলেও নায়িকাগৰাকীয়ে ভাগ্যৰ দুৰ্দশাৰ পৰা সাৰি নাযায়।

যশ ৰাজ ফিল্মছে নিৰ্মাণ কৰা ‘সমৰাট পৃথ্বীৰাজ’ৰ মুঠ বাজেট আছিল ১৭৫ কোটি টকা। কিন্তু মুক্তিৰ পাছত এই ছবিখনে বক্স অফিচৰ পৰা ৯০ কোটি টকা উপাৰ্জন কৰে।

মানুষীৰ কেৰিয়াৰৰ প্ৰথমখন ছবিও ফ্লপ। ইয়াৰ পিছত তেওঁ অভিনয় জগতৰ পৰা অলপ বিৰতি লৈছিল। শেহতীয়াকৈ মনুশীয়ে এক সাক্ষাৎকাৰত নিজৰ অভিজ্ঞতা ব্যক্ত কৰিছে।

মানুশীয়ে কয়, "যেতিয়া মই প্ৰথম অভিনয়ৰ ক্ষেত্ৰখনত সোমাইছিলো, তেতিয়া সকলোৱে মোক কৈছিল যে মই আনতকৈ বেছি কষ্ট কৰিব লাগিব, কাৰণ ফেশ্বন জগতখনত এটা ধাৰণা আছে যে মডেলিং জগতৰ পৰা পোনে পোনে অহাসকলে বহুত শিকিবলগীয়া আছে।’’

ঐশ্বৰ্য ৰায় বচ্চন, প্ৰিয়ংকা চোপ্ৰা জোনাছৰ দৰে অভিনেত্ৰী সৌন্দৰ্য্য প্ৰতিযোগিতাৰ পৰা চলচ্চিত্ৰ জগতলৈ গৈ জনপ্ৰিয়তা লাভ কৰিছিল। বহুতে ভাবিছিল মানুষীয়েও নিজৰ কেৰিয়াৰৰ জখলা বগাব।

 এইবাৰ মানুষীক দেখা যাব অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফ অভিনীত 'বদে মীনা ছোটে মিয়া’ত। ইয়াৰ উপৰিও তেওঁক জন আব্ৰাহামৰ সৈতে ‘তেহৰাণ’ত আৰু বৰুণ তেজৰ সৈতে ‘অপাৰেচন ভেলেণ্টাইন’ত দেখা যাব।

মনুষীৰ মন্তব্যত স্পষ্ট প্ৰথমখন ছবি ফ্লপ হ’লেও তেওঁ ‘সমৰাট পৃথ্বীৰাজ’ত কাম কৰি চিনেমা নিৰ্মাণৰ বিষয়ে বহু কথা জানিব পাৰিলে। যিয়ে পিছলৈ তেওঁৰ কেৰিয়াৰ গঢ় দিয়াত সহায় কৰিছিল।

এইবাৰ ভাৰতত সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি জানি মানুশীয়ে সুখ প্ৰকাশ কৰে। তেওঁ ক’লে, এইটো তেওঁৰ বাবে এটা সপোন পূৰণৰ দৰেই।

মানুশিয়ে কয় - ''মই চীনলৈ গৈ শ্ৰেষ্ঠ সৌন্দৰ্য্যৰ খিতাপ লাভ কৰিলোঁ। তাত কাম কৰাৰ যথেষ্ট সুযোগ আছিল। কিন্তু মই জানিছিলোঁ যে ভাৰততো কাম কৰাৰ যথেষ্ট সুযোগ আছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু বিদেশৰ পৰা যেতিয়া সকলোৱে ভাৰতলৈ আহিব, তেতিয়া তেওঁলোকে বুজিব যে ভাৰতত কিমান প্ৰতিভা আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু