--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুষী চিল্লাৰ। এগৰাকী সুন্দৰী যুৱতী। ২০১৭ চনত মানুষীয়ে সৌন্দৰ্য প্ৰতিযোগিতাত শীৰ্ষস্থান দখল কৰি নিজৰ নাম উজলাইছিল। সমাজসেৱাৰ উপৰিও তেওঁ বিভিন্ন বিখ্যাত কোম্পানীৰ বিজ্ঞাপন অভিযানৰ সৈতেও জড়িত আছিল।

পাঁচ বছৰৰ ব্যৱধানৰ অন্তত মনুষীয়ে চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ পৰিচালনাত নিৰ্মিত ‘সমৰাট পৃথ্বীৰাজ’ ছবিৰে লাইমলাইটত ভৰি দিয়ে। প্ৰথমখন ছবিত অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰাৰ সুযোগ পাইছিল। ডাঙৰ তাৰকাৰ সৈতে অভিনয় কৰিলেও নায়িকাগৰাকীয়ে ভাগ্যৰ দুৰ্দশাৰ পৰা সাৰি নাযায়।

যশ ৰাজ ফিল্মছে নিৰ্মাণ কৰা ‘সমৰাট পৃথ্বীৰাজ’ৰ মুঠ বাজেট আছিল ১৭৫ কোটি টকা। কিন্তু মুক্তিৰ পাছত এই ছবিখনে বক্স অফিচৰ পৰা ৯০ কোটি টকা উপাৰ্জন কৰে।

মানুষীৰ কেৰিয়াৰৰ প্ৰথমখন ছবিও ফ্লপ। ইয়াৰ পিছত তেওঁ অভিনয় জগতৰ পৰা অলপ বিৰতি লৈছিল। শেহতীয়াকৈ মনুশীয়ে এক সাক্ষাৎকাৰত নিজৰ অভিজ্ঞতা ব্যক্ত কৰিছে।

মানুশীয়ে কয়, "যেতিয়া মই প্ৰথম অভিনয়ৰ ক্ষেত্ৰখনত সোমাইছিলো, তেতিয়া সকলোৱে মোক কৈছিল যে মই আনতকৈ বেছি কষ্ট কৰিব লাগিব, কাৰণ ফেশ্বন জগতখনত এটা ধাৰণা আছে যে মডেলিং জগতৰ পৰা পোনে পোনে অহাসকলে বহুত শিকিবলগীয়া আছে।’’

ঐশ্বৰ্য ৰায় বচ্চন, প্ৰিয়ংকা চোপ্ৰা জোনাছৰ দৰে অভিনেত্ৰী সৌন্দৰ্য্য প্ৰতিযোগিতাৰ পৰা চলচ্চিত্ৰ জগতলৈ গৈ জনপ্ৰিয়তা লাভ কৰিছিল। বহুতে ভাবিছিল মানুষীয়েও নিজৰ কেৰিয়াৰৰ জখলা বগাব।

 এইবাৰ মানুষীক দেখা যাব অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফ অভিনীত 'বদে মীনা ছোটে মিয়া’ত। ইয়াৰ উপৰিও তেওঁক জন আব্ৰাহামৰ সৈতে ‘তেহৰাণ’ত আৰু বৰুণ তেজৰ সৈতে ‘অপাৰেচন ভেলেণ্টাইন’ত দেখা যাব।

মনুষীৰ মন্তব্যত স্পষ্ট প্ৰথমখন ছবি ফ্লপ হ’লেও তেওঁ ‘সমৰাট পৃথ্বীৰাজ’ত কাম কৰি চিনেমা নিৰ্মাণৰ বিষয়ে বহু কথা জানিব পাৰিলে। যিয়ে পিছলৈ তেওঁৰ কেৰিয়াৰ গঢ় দিয়াত সহায় কৰিছিল।

এইবাৰ ভাৰতত সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি জানি মানুশীয়ে সুখ প্ৰকাশ কৰে। তেওঁ ক’লে, এইটো তেওঁৰ বাবে এটা সপোন পূৰণৰ দৰেই।

মানুশিয়ে কয় - ''মই চীনলৈ গৈ শ্ৰেষ্ঠ সৌন্দৰ্য্যৰ খিতাপ লাভ কৰিলোঁ। তাত কাম কৰাৰ যথেষ্ট সুযোগ আছিল। কিন্তু মই জানিছিলোঁ যে ভাৰততো কাম কৰাৰ যথেষ্ট সুযোগ আছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু বিদেশৰ পৰা যেতিয়া সকলোৱে ভাৰতলৈ আহিব, তেতিয়া তেওঁলোকে বুজিব যে ভাৰতত কিমান প্ৰতিভা আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement