--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ‘ইমাৰ্জেন্সী’ নামৰ চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰিছে কংগনা ৰাণাৱটে। 'মণিকৰ্ণিকা: দ্য কুইন অফ ঝাঁচী'ৰ পিছত কংগনা ৰাণাৱটে পুনৰ পৰিচালক হিচাপে অৱতীৰ্ণ হৈছে। কংগনাৰ প্ৰযোজনা প্ৰতিষ্ঠান 'মণিকৰ্ণিকা ফিল্মছ’-এ ছবিখন প্ৰযোজনা কৰিছে।

চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ শেষ হোৱাৰ পিছত, 'কুইন' খ্যাত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অভিজ্ঞতা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।  কংগনাই কৈছে যে এই ছবিখন কৰোঁতে তেওঁ বহুতো বাধাৰ সন্মুখীন হৈছিল। তেওঁ ডেংগুতো ভুগিছিল, শৰীৰ অসুস্থ হৈ থকাৰ পিছতো তেওঁ শ্বুটিং কৰিব লগা হৈছিল।

পদ্মশ্ৰী বঁটা বিজয়ী অভিনেত্ৰীগৰাকীয়ে এইটোও দাবী কৰিছে যে ছবিখনৰ ব্যয় বহন কৰিবলৈ তেওঁ নিজৰ সকলো সম্পত্তি বন্ধক ৰাখিব লগা হৈছিল।

এটা শেহতীয়া সাক্ষাৎকাৰত কংগনাই কয়, "মই প্ৰতিমুহূৰ্তত প্ৰত্যাহ্বানটো গ্ৰহণ কৰি আহিছো। যেতিয়া মই মুম্বাইত ভৰি ৰাখিছিলো, মোৰ লগত মাত্ৰ ৫০০ টকা আছিল। গতিকে মই সৰ্বস্বান্ত হৈ গ’লেও পুনৰ সঞ্চয় কৰাৰ সাহস আছে। টকা আৰু সম্পত্তি মোৰ বাবে ডাঙৰ নহয়। এইবোৰৰ কোনো অৰ্থ নাই।"

কংগনা ৰাণাৱটে ২০২১ চনত 'ইমাৰ্জেন্সি' বোলছবিখন ঘোষণা কৰিছিল। 'গেংষ্টাৰ' খ্যাত অভিনেত্ৰীগৰাকীয়ে ছবিখনত দেশৰ অন্যতম চৰ্চিত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে। অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰবোৰ হৈছে অনুপম খেৰ, শ্ৰেয়াছ তালপাদে, মহিমা চৌধুৰী আৰু মিলিন্দ সোমন। ছবিখন এই বছৰতে মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
''ট্ৰিবিউট টু জুবিন গাৰ্গ: দ্য গ'ল্ডেন ভইচ''- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক  TSeries-এ জনালে শ্ৰদ্ধাঞ্জলি
ব্ৰাহ্ম’ছ মিছাইলেৰে ভাৰতৰ টাৰ্গেটত সমগ্ৰ পাকিস্তান ; পাকিস্তানক হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
আফগানিস্তান ক্ৰিকেট ব'ৰ্ডৰ কঠোৰ পদক্ষেপ ; আগন্তুক ত্ৰিদেশীয় টি-২০ শৃংখলা বাতিল
গৰৈমাৰীত কলেজীয়া ছাত্ৰী হত্যাকাৰীৰ ফাঁচিৰ দাবীত পুৰুষ মহিলাৰ উত্তাল প্ৰতিবাদ
কাতি বিহুৰ দিনাই ৰঙাপৰাত গো মাংস উদ্ধাৰ ; দহজনীয়া দলৰ পলায়ন
'আপুনি এইটো কাম কৰা উচিত নহয় ...ইমানখিনি টকা আপোনালৈ যথেষ্ঠ নহয় নে ?' ধ্ৰুৱ ৰাথীৰ টাৰ্গেটত এইবাৰ শ্বাহৰূখ খান
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে