--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ‘ইমাৰ্জেন্সী’ নামৰ চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ সমাপ্ত কৰিছে কংগনা ৰাণাৱটে। 'মণিকৰ্ণিকা: দ্য কুইন অফ ঝাঁচী'ৰ পিছত কংগনা ৰাণাৱটে পুনৰ পৰিচালক হিচাপে অৱতীৰ্ণ হৈছে। কংগনাৰ প্ৰযোজনা প্ৰতিষ্ঠান 'মণিকৰ্ণিকা ফিল্মছ’-এ ছবিখন প্ৰযোজনা কৰিছে।

চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ শেষ হোৱাৰ পিছত, 'কুইন' খ্যাত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অভিজ্ঞতা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।  কংগনাই কৈছে যে এই ছবিখন কৰোঁতে তেওঁ বহুতো বাধাৰ সন্মুখীন হৈছিল। তেওঁ ডেংগুতো ভুগিছিল, শৰীৰ অসুস্থ হৈ থকাৰ পিছতো তেওঁ শ্বুটিং কৰিব লগা হৈছিল।

পদ্মশ্ৰী বঁটা বিজয়ী অভিনেত্ৰীগৰাকীয়ে এইটোও দাবী কৰিছে যে ছবিখনৰ ব্যয় বহন কৰিবলৈ তেওঁ নিজৰ সকলো সম্পত্তি বন্ধক ৰাখিব লগা হৈছিল।

এটা শেহতীয়া সাক্ষাৎকাৰত কংগনাই কয়, "মই প্ৰতিমুহূৰ্তত প্ৰত্যাহ্বানটো গ্ৰহণ কৰি আহিছো। যেতিয়া মই মুম্বাইত ভৰি ৰাখিছিলো, মোৰ লগত মাত্ৰ ৫০০ টকা আছিল। গতিকে মই সৰ্বস্বান্ত হৈ গ’লেও পুনৰ সঞ্চয় কৰাৰ সাহস আছে। টকা আৰু সম্পত্তি মোৰ বাবে ডাঙৰ নহয়। এইবোৰৰ কোনো অৰ্থ নাই।"

কংগনা ৰাণাৱটে ২০২১ চনত 'ইমাৰ্জেন্সি' বোলছবিখন ঘোষণা কৰিছিল। 'গেংষ্টাৰ' খ্যাত অভিনেত্ৰীগৰাকীয়ে ছবিখনত দেশৰ অন্যতম চৰ্চিত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে। অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰবোৰ হৈছে অনুপম খেৰ, শ্ৰেয়াছ তালপাদে, মহিমা চৌধুৰী আৰু মিলিন্দ সোমন। ছবিখন এই বছৰতে মুক্তি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক