--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজকীয় প্ৰতাৱৰ্তন কৰিছে শ্বাহৰুখ খানে৷ দেশজুৰি এতিয়া ‘পাঠান’ৰ জ্বৰ৷ 'পাঠান'ক প্ৰথম দিনাই 'ব্লকবাষ্টাৰ' বুলি কোৱা হৈছে। ছবিখনে মুক্তিৰ দিনা প্ৰায় ৫৫ কোটি টকাৰ ব্যৱসায় কৰিছে। শ্বাহৰুখৰ উপৰিও ছবিখনৰ অন্যতম আকৰ্ষণ হৈছে দীপিকা পাডুকন আৰু খলনায়ক জন আব্ৰাহাম।

একচন চিনেমাত জন আব্ৰাহামে সদায়েই সাৱলীল ভূমিকাত অৱতীৰ্ণ হৈ আহিছে। ‘ধুম’ৰ পৰা 'ৰেচ'লৈকে তেওঁক একচন হিৰ’ৰ ৰূপত দেখা গৈছে। খলনায়ক হিচাপে বলিউডত জনৰ জনপ্ৰিয়তা অনন্য৷

'পাঠান'ত ছবিখনৰ নিৰ্মাতাসকলে জনক শ্বাহৰুখৰ বিপৰীতে মুখ্য খলনায়ক হিচাপে বাছনি কৰিছিল। দৰ্শকসকলেও চৰিত্ৰটোত সন্তুষ্ট হৈছে। বহুলোকে কয় যে 'পাঠান'ৰ খলনায়কৰ চৰিত্ৰটো জনৰ বাহিৰে উদ্যোগটোৰ আন কোনোৱে এইদৰে ফুটাই তুলিব নোৱাৰিলেহেঁতেন৷

'পাঠান'ত জনক এজন প্ৰাক্তন ৰ' এজেণ্টৰ চৰিত্ৰত দেখা গৈছে। ভাৰতীয় সেনাৰ এসময়ৰ দক্ষ, সমৰ্পিত সৈনিকজনে মাতৃভূমিৰ বিৰুদ্ধে অস্ত্ৰ গ্ৰহণ কৰা দেখা গৈছে। প্ৰতিশোধমূলক এই খলনায়কৰ সৈতে শ্বাহৰুখে যুঁজ দিছে৷

চলচ্চিত্ৰখনৰ কাহিনী অনুসৰি অভিনয়ত আশ্চৰ্যজনক একো দেখুওৱাৰ প্ৰয়োজন নাছিল। একচন দৃশ্যসমূহেই ছৱিখনৰ মূল অলংকাৰ। দীপিকাইও একচন হিৰ’ইনৰ ৰূপ লৈছে৷

বগা বৰফত তীব্ৰ গতিত বাইক চলোৱাৰ পৰা এখন হাতত হেলিকপ্টাৰত ওলমি থকালৈকে জন আব্ৰাহামে কিছু একচন দৃশ্যত নিজকে দূৰ্দান্ত ৰূপত অৱতীৰ্ণ কৰিছে৷ তেওঁ ছবিখনত জিম নামৰ চৰিত্ৰটোত অভিনয় কৰিছে। আৰম্ভণিৰ পৰা শেষলৈকে জনৰ একচন দৃশ্যসমূহ নিখুঁট।

‘পাঠান’ৰ নায়ক হিচাপে শ্বাহৰুখে অত্যন্ত জনপ্ৰিযয়তা লাভ কৰিছে৷ সেইদৰে খলনায়ক হিচাপেও দৰ্শকে জনৰ চৰিত্ৰ 'জিম'ক দীৰ্ঘদিন ধৰি মনত ৰাখিব।

খলনায়ক হিচাপে এয়া জনৰ প্ৰথম ছৱি নহয়। অতীতত তেওঁক বহুতো চলচ্চিত্ৰত খলনায়ক বা নেতিবাচক চৰিত্ৰ হিচাপে দেখা গৈছিল। এইসমূহত প্ৰশংসাও লাভ কৰিছিল জনে৷

খলনায়ক হিচাপে জনে প্ৰথমবাৰৰ বাবে ২০০৪ চনৰ ছবি 'এইতবাৰ'ত দেখা গৈছিল। তাৰ পিছত তেওঁ 'ধুম'ৰ পৰ্দাত একচন দৃশ্যত অৱতীৰ্ণ হৈছিল৷ ‘ধুম’ত কৰা অভিনয়ৰ বাবে জনক দৰ্শকে এতিয়াও মনত ৰাখি আহিছে৷

তাৰ পিছত জনে 'জিন্দা', 'সাত খুন মাফ', 'নিউয়ৰ্ক', 'মুম্বাই চাগা' আদি চলচ্চিত্ৰত খলনায়ক হিচাপে অৱতীৰ্ণ হৈছিল। 'এক ভিলেন ৰিটাৰ্ণছ', 'ৰেচ ৩'ৰ দৰে সম্পূৰ্ণ একচন ছবিত নিৰ্মাতাসকলে জনক খলনায়ক হিচাপেও বাছনি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু