--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজকীয় প্ৰতাৱৰ্তন কৰিছে শ্বাহৰুখ খানে৷ দেশজুৰি এতিয়া ‘পাঠান’ৰ জ্বৰ৷ 'পাঠান'ক প্ৰথম দিনাই 'ব্লকবাষ্টাৰ' বুলি কোৱা হৈছে। ছবিখনে মুক্তিৰ দিনা প্ৰায় ৫৫ কোটি টকাৰ ব্যৱসায় কৰিছে। শ্বাহৰুখৰ উপৰিও ছবিখনৰ অন্যতম আকৰ্ষণ হৈছে দীপিকা পাডুকন আৰু খলনায়ক জন আব্ৰাহাম।

একচন চিনেমাত জন আব্ৰাহামে সদায়েই সাৱলীল ভূমিকাত অৱতীৰ্ণ হৈ আহিছে। ‘ধুম’ৰ পৰা 'ৰেচ'লৈকে তেওঁক একচন হিৰ’ৰ ৰূপত দেখা গৈছে। খলনায়ক হিচাপে বলিউডত জনৰ জনপ্ৰিয়তা অনন্য৷

'পাঠান'ত ছবিখনৰ নিৰ্মাতাসকলে জনক শ্বাহৰুখৰ বিপৰীতে মুখ্য খলনায়ক হিচাপে বাছনি কৰিছিল। দৰ্শকসকলেও চৰিত্ৰটোত সন্তুষ্ট হৈছে। বহুলোকে কয় যে 'পাঠান'ৰ খলনায়কৰ চৰিত্ৰটো জনৰ বাহিৰে উদ্যোগটোৰ আন কোনোৱে এইদৰে ফুটাই তুলিব নোৱাৰিলেহেঁতেন৷

'পাঠান'ত জনক এজন প্ৰাক্তন ৰ' এজেণ্টৰ চৰিত্ৰত দেখা গৈছে। ভাৰতীয় সেনাৰ এসময়ৰ দক্ষ, সমৰ্পিত সৈনিকজনে মাতৃভূমিৰ বিৰুদ্ধে অস্ত্ৰ গ্ৰহণ কৰা দেখা গৈছে। প্ৰতিশোধমূলক এই খলনায়কৰ সৈতে শ্বাহৰুখে যুঁজ দিছে৷

চলচ্চিত্ৰখনৰ কাহিনী অনুসৰি অভিনয়ত আশ্চৰ্যজনক একো দেখুওৱাৰ প্ৰয়োজন নাছিল। একচন দৃশ্যসমূহেই ছৱিখনৰ মূল অলংকাৰ। দীপিকাইও একচন হিৰ’ইনৰ ৰূপ লৈছে৷

বগা বৰফত তীব্ৰ গতিত বাইক চলোৱাৰ পৰা এখন হাতত হেলিকপ্টাৰত ওলমি থকালৈকে জন আব্ৰাহামে কিছু একচন দৃশ্যত নিজকে দূৰ্দান্ত ৰূপত অৱতীৰ্ণ কৰিছে৷ তেওঁ ছবিখনত জিম নামৰ চৰিত্ৰটোত অভিনয় কৰিছে। আৰম্ভণিৰ পৰা শেষলৈকে জনৰ একচন দৃশ্যসমূহ নিখুঁট।

‘পাঠান’ৰ নায়ক হিচাপে শ্বাহৰুখে অত্যন্ত জনপ্ৰিযয়তা লাভ কৰিছে৷ সেইদৰে খলনায়ক হিচাপেও দৰ্শকে জনৰ চৰিত্ৰ 'জিম'ক দীৰ্ঘদিন ধৰি মনত ৰাখিব।

খলনায়ক হিচাপে এয়া জনৰ প্ৰথম ছৱি নহয়। অতীতত তেওঁক বহুতো চলচ্চিত্ৰত খলনায়ক বা নেতিবাচক চৰিত্ৰ হিচাপে দেখা গৈছিল। এইসমূহত প্ৰশংসাও লাভ কৰিছিল জনে৷

খলনায়ক হিচাপে জনে প্ৰথমবাৰৰ বাবে ২০০৪ চনৰ ছবি 'এইতবাৰ'ত দেখা গৈছিল। তাৰ পিছত তেওঁ 'ধুম'ৰ পৰ্দাত একচন দৃশ্যত অৱতীৰ্ণ হৈছিল৷ ‘ধুম’ত কৰা অভিনয়ৰ বাবে জনক দৰ্শকে এতিয়াও মনত ৰাখি আহিছে৷

তাৰ পিছত জনে 'জিন্দা', 'সাত খুন মাফ', 'নিউয়ৰ্ক', 'মুম্বাই চাগা' আদি চলচ্চিত্ৰত খলনায়ক হিচাপে অৱতীৰ্ণ হৈছিল। 'এক ভিলেন ৰিটাৰ্ণছ', 'ৰেচ ৩'ৰ দৰে সম্পূৰ্ণ একচন ছবিত নিৰ্মাতাসকলে জনক খলনায়ক হিচাপেও বাছনি কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement