--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিপ্ৰেছন মানুহৰ এক মানসিক ব্যাধি। জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে ডিপ্ৰেচনৰ সম্পৰ্কত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তেওঁৰ মতে হতাশাৰ ধাৰণাটো অতি চহৰকেন্দ্ৰিক। ধনী মানুহৰ ঘৰত এই ৰোগৰ জন্ম হয় শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ ‘মানসিক হতাশা’ৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে কৈছিল।

নৱাজুদ্দিনৰ মতে সাধাৰণ জীৱনত হতাশাৰ কোনো লক্ষণ নাথাকে। যিসকল সুবিধাভোগী নহয় তেওঁলোকৰ বাবে এই শব্দবোৰৰ কোনো অৰ্থ নাই। তেওঁৰ মতে, হতাশাৰ ধাৰণাটো অতি চহৰকেন্দ্ৰিক। সৰু সৰু আৱেগবোৰকো চহৰৰ মানুহে ডাঙৰ কৰি দেখুৱায়। ‘হতাশা’ শব্দটো গাঁৱৰ মানুহৰ ইমানেই অচিনাকি যে কোনোবাই যদি দেউতাকক ‘মই ডিপ্ৰেছনত ভুগিছো’ বুলি কয়, তেন্তে পিতৃয়ে তেওঁক চৰ মাৰি দিব।

তেওঁ কয়, “মই য’ৰ পৰা আহিছো, এই সকলোবোৰ সমস্যাৰ কথা দেউতাক ক’লে তেওঁ মোক চৰ মাৰিলেহেঁতেন। গাঁৱত কোনেও হতাশ নহয়। তাত সকলো সুখী। মই উদ্বেগ, হতাশা, বাইপোলাৰ—এই শব্দবোৰ চহৰলৈ আহি শিকিলোঁ।’’

নৱাজুদ্দিনৰ মতে- ''সাধাৰণ মানুহ যিসকল সুবিধাভোগী নহয়, তেওঁলোকে এইবোৰ নাজানে। কোনো শ্ৰমিক বা ৰাজপথৰ বাসিন্দাক হতাশাৰ বিষয়ে সোধকচোন! তেওঁলোকে নাজানে হতাশা কি। হাতত টকা থাকিলে হতাশাৰ দৰে সমস্যাবোৰে গ্ৰাস কৰে।’’

নৱাজুদ্দিনৰ ৰোমান্টিক কমেডী ছবি ‘জোগিৰা চাৰা ৰা ৰা’ মুক্তিৰ অপেক্ষাত আছে। ছবিখনত নেহা শৰ্মাক নৱাজৰ বিপৰীতে দেখা যাব। ছবিখনে ২৬ মে’ত মুক্তি পাব। তদুপৰি, নৱাউদ্দিনক ‘ইমাৰ্জেন্সি’ আৰু ‘আফৱাহ’ নামৰ দুখন চিনেমাতো দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে