--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিপ্ৰেছন মানুহৰ এক মানসিক ব্যাধি। জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে ডিপ্ৰেচনৰ সম্পৰ্কত এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। তেওঁৰ মতে হতাশাৰ ধাৰণাটো অতি চহৰকেন্দ্ৰিক। ধনী মানুহৰ ঘৰত এই ৰোগৰ জন্ম হয় শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ ‘মানসিক হতাশা’ৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ বিষয়ে কৈছিল।

নৱাজুদ্দিনৰ মতে সাধাৰণ জীৱনত হতাশাৰ কোনো লক্ষণ নাথাকে। যিসকল সুবিধাভোগী নহয় তেওঁলোকৰ বাবে এই শব্দবোৰৰ কোনো অৰ্থ নাই। তেওঁৰ মতে, হতাশাৰ ধাৰণাটো অতি চহৰকেন্দ্ৰিক। সৰু সৰু আৱেগবোৰকো চহৰৰ মানুহে ডাঙৰ কৰি দেখুৱায়। ‘হতাশা’ শব্দটো গাঁৱৰ মানুহৰ ইমানেই অচিনাকি যে কোনোবাই যদি দেউতাকক ‘মই ডিপ্ৰেছনত ভুগিছো’ বুলি কয়, তেন্তে পিতৃয়ে তেওঁক চৰ মাৰি দিব।

তেওঁ কয়, “মই য’ৰ পৰা আহিছো, এই সকলোবোৰ সমস্যাৰ কথা দেউতাক ক’লে তেওঁ মোক চৰ মাৰিলেহেঁতেন। গাঁৱত কোনেও হতাশ নহয়। তাত সকলো সুখী। মই উদ্বেগ, হতাশা, বাইপোলাৰ—এই শব্দবোৰ চহৰলৈ আহি শিকিলোঁ।’’

নৱাজুদ্দিনৰ মতে- ''সাধাৰণ মানুহ যিসকল সুবিধাভোগী নহয়, তেওঁলোকে এইবোৰ নাজানে। কোনো শ্ৰমিক বা ৰাজপথৰ বাসিন্দাক হতাশাৰ বিষয়ে সোধকচোন! তেওঁলোকে নাজানে হতাশা কি। হাতত টকা থাকিলে হতাশাৰ দৰে সমস্যাবোৰে গ্ৰাস কৰে।’’

নৱাজুদ্দিনৰ ৰোমান্টিক কমেডী ছবি ‘জোগিৰা চাৰা ৰা ৰা’ মুক্তিৰ অপেক্ষাত আছে। ছবিখনত নেহা শৰ্মাক নৱাজৰ বিপৰীতে দেখা যাব। ছবিখনে ২৬ মে’ত মুক্তি পাব। তদুপৰি, নৱাউদ্দিনক ‘ইমাৰ্জেন্সি’ আৰু ‘আফৱাহ’ নামৰ দুখন চিনেমাতো দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?