--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ব্যক্তিয়ে হায়দৰাবাদৰ পৰা চেন্নাইলৈ যাত্ৰা কৰাৰ উদ্দেশ্যে বিমানৰ টিকট বুক কৰিছিল। পিছে বিমানবন্দৰত উপস্থিত হোৱাত তেওঁৰ কিছু পলম হয়। এনে পৰিস্থিতিত নিৰ্দিষ্ট বিমানখন হেৰুওৱাৰ শংকা উপজে ব্যক্তিগৰাকীৰ মনত।

বিমানখন যাতে তেওঁ বিমানবন্দৰ পোৱাৰ পূৰ্বে উৰা নামাৰে আৰু যাত্ৰাৰ বাবে তেওঁ বিমানখন ধৰিব পাৰে, তাৰ চিন্তা কৰে ব্যক্তিগৰাকীয়ে আৰু সেয়ে গ্ৰহণ কৰে এক আজৱ পন্থা। বিমানখন কিছু সময় বিমানবন্দৰত ৰখোৱাৰ পৰিকল্পনাৰে তেওঁ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ফোন কৰে।

ফোনত তেওঁ বিমানখনত বোমা থকা বুলি ভাবুকি দিয়ে। এই ভাবুকি পোৱাৰ পিছতে হাহাকাৰ লাগে বিমানখনত থকা যাত্ৰীসকলৰ মাজত। বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে লগে লগে বিমানখন পৰীক্ষা কৰে আৰু বিমানত থকা সকলো যাত্ৰীক বিমানখনৰ পৰা নমাই দিয়ে।

পিছে তন্ন-তন্নকৈ পৰীক্ষা কৰাৰ পাছতো বিমানত কোনো বোমাৰ সম্ভেদ লাভত ব্যৰ্থ হয় নিৰাপত্তাৰক্ষীৰ দল। পিছত প্ৰাথমিক তদন্ততহে ওলায় উৰহীৰ উৰ। তেওঁলোকে জানিব পাৰে যে চেন্নাই অভিমুখী বিমানখন ধৰাত বিলম্বৰ আশংকা কৰিয়ে এগৰাকী যাত্ৰীয়ে এই ভুৱা ভাবুকিৰ আশ্ৰয় লয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে এই ভুৱা ভাবুকি দিয়া অভিযুক্ত ব্যক্তিগৰাকীক চিনাক্ত কৰা হৈছে আৰু তেওঁক জিম্মাত লোৱা হৈছে। তেওঁৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই