--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ব্যক্তিয়ে হায়দৰাবাদৰ পৰা চেন্নাইলৈ যাত্ৰা কৰাৰ উদ্দেশ্যে বিমানৰ টিকট বুক কৰিছিল। পিছে বিমানবন্দৰত উপস্থিত হোৱাত তেওঁৰ কিছু পলম হয়। এনে পৰিস্থিতিত নিৰ্দিষ্ট বিমানখন হেৰুওৱাৰ শংকা উপজে ব্যক্তিগৰাকীৰ মনত।

বিমানখন যাতে তেওঁ বিমানবন্দৰ পোৱাৰ পূৰ্বে উৰা নামাৰে আৰু যাত্ৰাৰ বাবে তেওঁ বিমানখন ধৰিব পাৰে, তাৰ চিন্তা কৰে ব্যক্তিগৰাকীয়ে আৰু সেয়ে গ্ৰহণ কৰে এক আজৱ পন্থা। বিমানখন কিছু সময় বিমানবন্দৰত ৰখোৱাৰ পৰিকল্পনাৰে তেওঁ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ ফোন কৰে।

ফোনত তেওঁ বিমানখনত বোমা থকা বুলি ভাবুকি দিয়ে। এই ভাবুকি পোৱাৰ পিছতে হাহাকাৰ লাগে বিমানখনত থকা যাত্ৰীসকলৰ মাজত। বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে লগে লগে বিমানখন পৰীক্ষা কৰে আৰু বিমানত থকা সকলো যাত্ৰীক বিমানখনৰ পৰা নমাই দিয়ে।

পিছে তন্ন-তন্নকৈ পৰীক্ষা কৰাৰ পাছতো বিমানত কোনো বোমাৰ সম্ভেদ লাভত ব্যৰ্থ হয় নিৰাপত্তাৰক্ষীৰ দল। পিছত প্ৰাথমিক তদন্ততহে ওলায় উৰহীৰ উৰ। তেওঁলোকে জানিব পাৰে যে চেন্নাই অভিমুখী বিমানখন ধৰাত বিলম্বৰ আশংকা কৰিয়ে এগৰাকী যাত্ৰীয়ে এই ভুৱা ভাবুকিৰ আশ্ৰয় লয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে এই ভুৱা ভাবুকি দিয়া অভিযুক্ত ব্যক্তিগৰাকীক চিনাক্ত কৰা হৈছে আৰু তেওঁক জিম্মাত লোৱা হৈছে। তেওঁৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক