--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ হাছান জিলাত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ হত্যাকাণ্ড। এজন ডেলিভাৰী বয়ক হত্যা কৰি চাৰিদিন লুকুৱাই ৰাখি শেষত জ্বলাই দিলে এজন যুৱকে। ইয়াৰ কাৰণ হৈছে এটা আইফোন।

আইফোন কিনাৰ চখ আছিল যুৱকজনৰ। সেয়ে এটা ই-কমাৰ্চ চাইটত ৪৬ হাজাৰ টকাৰ এটা আইফোন অৰ্ডাৰ কৰে তেওঁ। কিন্তু যুৱকজনৰ হাতত সিমান পৰিমাণৰ টকা নাছিল। সেয়ে ডেলিভাৰী বয় আহি পোৱাৰ লগে লগে আইফোনটো লৈ ডেলিভাৰী বয়টোক হত্যা কৰিলে। ইয়াৰ পিছত যুৱকজনে মৃতদেহটো চাৰিদিন লুকুৱাই ৰাখি শেষত জ্বলাই দিলে।

কৰ্ণাটকৰ হাছান জিলাৰ আৰাচিকিৰে অঞ্চলত সংঘটিত হৈছে এই হত্যাকাণ্ড। আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তৰ নাম হেমন্ত দত্ত। মৃত ডেলিভাৰী বয়টোৰ নাম হেমন্ত নাইক। ২৩ বছৰীয়া ডেলিভাৰী বয় নাইকক হত্যা কৰাৰ পিছত হেমন্তই মৃতদেহটো ঘৰতে লুকুৱাই ৰাখিছিল। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

আৰক্ষীৰ তথ্য অনুসৰি, কিছুদিন পূৰ্বে এটা ই-কমাৰ্চ চাইটত হেমন্তই ৪৬ হাজাৰ টকাৰ আইফোন অৰ্ডাৰ কৰিছিল। ৭ ফেব্ৰুৱাৰীত ডেলিভাৰী বয়জনে ফোনটো লৈ হেমন্তৰ ঘৰৰ ঠিকনাত উপস্থিত হয়। আইফোনটোৰ বিনিময়ত ডেলিভাৰী বয়জনে টকা বিচাৰে আৰু তৰ্ক-বিতৰ্ক হয়। তাৰপাছতে গধুৰ বস্তুৰে খুন্দা মাৰি ডেলিভাৰী বয়টোক হত্যা কৰা হয়। ১১ ফেব্ৰুৱাৰীৰ নিশা অভিযুক্তই এখন ৰে’ল দলঙত কেৰাচিন ঢালি ডেলিভাৰী বয়টোৰ মৃতদেহত জুই লগাই দিয়ে।

আনহাতে, ভায়েকক বিচাৰি নোপোৱাৰ পিছত ডেলিভাৰী বয়ৰ দাদা মঞ্জুনাথ নাইকে আৰক্ষীৰ কাষ চাপিল।  অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ইয়াৰ পিছত এই ঘটনা পোহৰলৈ আহিল।

আৰক্ষীয়ে ডেলিভাৰী বয়ৰ মোবাইল টাৱাৰৰ স্থান অনুসৰণ কৰি অভিযুক্তৰ ওচৰ পালেগৈ। তাতেই উদ্ধাৰ হৈছে মৃতকৰ মোবাইল ফোন। ইয়াৰ উপৰিও অভিযুক্তৰ ঘৰত উদ্ধাৰ হৈছে সংশ্লিষ্ট ই-কমাৰ্চ কোম্পানীটোৰ বেগ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক