--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ হাছান জিলাত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ হত্যাকাণ্ড। এজন ডেলিভাৰী বয়ক হত্যা কৰি চাৰিদিন লুকুৱাই ৰাখি শেষত জ্বলাই দিলে এজন যুৱকে। ইয়াৰ কাৰণ হৈছে এটা আইফোন।

আইফোন কিনাৰ চখ আছিল যুৱকজনৰ। সেয়ে এটা ই-কমাৰ্চ চাইটত ৪৬ হাজাৰ টকাৰ এটা আইফোন অৰ্ডাৰ কৰে তেওঁ। কিন্তু যুৱকজনৰ হাতত সিমান পৰিমাণৰ টকা নাছিল। সেয়ে ডেলিভাৰী বয় আহি পোৱাৰ লগে লগে আইফোনটো লৈ ডেলিভাৰী বয়টোক হত্যা কৰিলে। ইয়াৰ পিছত যুৱকজনে মৃতদেহটো চাৰিদিন লুকুৱাই ৰাখি শেষত জ্বলাই দিলে।

কৰ্ণাটকৰ হাছান জিলাৰ আৰাচিকিৰে অঞ্চলত সংঘটিত হৈছে এই হত্যাকাণ্ড। আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তৰ নাম হেমন্ত দত্ত। মৃত ডেলিভাৰী বয়টোৰ নাম হেমন্ত নাইক। ২৩ বছৰীয়া ডেলিভাৰী বয় নাইকক হত্যা কৰাৰ পিছত হেমন্তই মৃতদেহটো ঘৰতে লুকুৱাই ৰাখিছিল। শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক।

আৰক্ষীৰ তথ্য অনুসৰি, কিছুদিন পূৰ্বে এটা ই-কমাৰ্চ চাইটত হেমন্তই ৪৬ হাজাৰ টকাৰ আইফোন অৰ্ডাৰ কৰিছিল। ৭ ফেব্ৰুৱাৰীত ডেলিভাৰী বয়জনে ফোনটো লৈ হেমন্তৰ ঘৰৰ ঠিকনাত উপস্থিত হয়। আইফোনটোৰ বিনিময়ত ডেলিভাৰী বয়জনে টকা বিচাৰে আৰু তৰ্ক-বিতৰ্ক হয়। তাৰপাছতে গধুৰ বস্তুৰে খুন্দা মাৰি ডেলিভাৰী বয়টোক হত্যা কৰা হয়। ১১ ফেব্ৰুৱাৰীৰ নিশা অভিযুক্তই এখন ৰে’ল দলঙত কেৰাচিন ঢালি ডেলিভাৰী বয়টোৰ মৃতদেহত জুই লগাই দিয়ে।

আনহাতে, ভায়েকক বিচাৰি নোপোৱাৰ পিছত ডেলিভাৰী বয়ৰ দাদা মঞ্জুনাথ নাইকে আৰক্ষীৰ কাষ চাপিল।  অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। ইয়াৰ পিছত এই ঘটনা পোহৰলৈ আহিল।

আৰক্ষীয়ে ডেলিভাৰী বয়ৰ মোবাইল টাৱাৰৰ স্থান অনুসৰণ কৰি অভিযুক্তৰ ওচৰ পালেগৈ। তাতেই উদ্ধাৰ হৈছে মৃতকৰ মোবাইল ফোন। ইয়াৰ উপৰিও অভিযুক্তৰ ঘৰত উদ্ধাৰ হৈছে সংশ্লিষ্ট ই-কমাৰ্চ কোম্পানীটোৰ বেগ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই