--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লখিমপুৰ খেৰীত দুগৰাকী দলিত ভগ্নীক বলাৎকাৰ কৰকি হত্যা কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই হায়দৰাবাদত সংঘটিত হৈছে আন এক দলব্ধ বলাৎকাৰৰ ঘটনা। হয়দৰাবাদৰ দবীৰপুৰা আৰক্ষীয়ে এগৰাকী নাবালিকা ছোৱালীৰ অপহৰণ আৰু দলবদ্ধ বলাৎকাৰৰ সৈতে জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ 

সহকাৰী আৰক্ষী আয়ুক্ত মিৰচক জি প্ৰসাদ ৰাৱে কয় যে ১২ ছেপ্টেম্বৰত ভুক্তভোগীগৰাকীয়ে তেওঁৰ ঘৰ এৰি গৈছিল আৰু দুয়োজন অভিযুক্তই তেওঁক চঞ্চলগুড়াৰ এখন হোটেলৰ ওচৰৰ পৰা  অপহৰণ কৰিছিল৷ ভুক্তভোগীৰ মাতৃয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল৷ 

অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে  অপহৰণ, ধৰ্ষণ আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ অধীনত গোচৰ  পঞ্জীয়ন কৰা হৈছিল। দুয়োজন অভিযুক্তৰ বয়স প্ৰায়  ২৬ বছৰ বুলি জানিব পৰা গৈছে। ধৰ্ষণকাৰী দুজনক   নাইমথ আহমেদ আৰু তেওঁৰ সহযোগী চৈয়দ বুলি চিনাক্ত কৰা হৈছে। 

তেওঁলোক দুয়ো ৰাভিশ আহমেদ মেহদী শ্বাহ কলনিৰ বাসিন্দা, অভিযোগ অনুসৰি এগৰাকী ১৪ বছৰীয়া কিশোৰীগৰাকীক  অপহৰণ কৰি প্ৰথমে  শ্ৰুজানা ষ্টে ইন হোটেল আৰু থ্ৰি কেচেল ডিলাক্স লজলৈ লৈ যোৱা হৈছিল।

অভিযুক্ত ব্যক্তিসকলে ছোৱালীজনীক  টোপনিৰ টেবলেট খুৱাই ধৰ্ষণ কৰিছিল বুলি অভিযোগ কৰা হৈছে।বলাৎকাৰী দুজনৰ পৰা  এখন গাড়ী উদ্ধাৰ কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ