--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মাটিকাদুৰিত প্ৰটিন , কেলছিয়াম , আইৰণ , ফচফৰাছ , এণ্টিঅক্সিডেণ্ট , আঁহ আদি ভৰপূৰ মাত্ৰাত পোৱা যায়।

ডিজিটেল ডেস্কঃ মাটিকাদুৰি হ’ল এবিধ ঔষধি গুণেৰে পৰিপুষ্ট শাক। মাটিকাদুৰি উদ্ভিদ বিধ চোতালত, খেতিপথাৰ, পুখুৰী পাৰত, ঘৰৰ পিৰালি, ৰাস্তাৰ কাষত, বাগিচা, নদী কাষৰীয়া অঞ্চল আৰু চেচুঁক ঠাইবোৰত গজে।মাটিকাদুৰিৰ অনেক উপকাৰী গুণ আছে। মাটিকাদুৰিত প্ৰটিন , কেলছিয়াম , আইৰণ , ফচফৰাছ , এণ্টিঅক্সিডেণ্ট , আঁহ আদি ভৰপূৰ মাত্ৰাত পোৱা যায়। 


মাটিকাদুৰিৰ গুণাগুণসমূহ


১) মাটিকাদুৰিয়ে প্ৰস্বাৱৰ সময়ত হোৱা জ্বলা-পোৰা নিৰাময় কৰে।


২) জণ্ডিছ ৰোগত মাটিকাদুৰি উপকাৰী। 


৩) ছাল , চুলিৰ সৌন্দৰ্য বৰ্ধনৰ কাৰনে মাটিকাদুৰী উপকাৰী । ইয়াত প্ৰচুৰ পৰিমানে এণ্টিঅক্সিডেণ্ট থাকে।


৪) চকুৰ দৃষ্টি শক্তি কমি যোৱা সমস্যাত মাটি কাদুৰী শাক খালে সুফল পোৱা যায়।


৫) নিদ্ৰাহীনতাত ভোগা লোকেও নিয়মিত মাটি কাদুৰী আৰু মানিমুনি মিহলি আঞ্জা খালে উপকৃত হয়।


৬) এচি়ডিটি নিষ্ক্ৰিয় কৰিব পৰা ক্ষমতা আছে মাটি কাদুৰীৰ। 


৭)  আভোক হ'লে মাটি কাদুৰী , নহৰু দি আঞ্জা কৰি খালে ভোক লাগে , লিভাৰ সবল হয় ।


৮)  কোষ্ঠকাঠিন্য আৰু অৰ্শ ৰোগত মাটি কাদুৰী উপকাৰী । 


৯)  পেটৰ বিষ , ডায়েৰিয়া , গ্ৰহণী আদি ৰোগত মাটিকাদুৰী অতি উপকাৰী ।


১০)  ডায়েবেটিছ ৰোগীয়ে মাজে-সময়ে মাটি কাদুৰী খালে ব্লাড চুগাৰ নিয়ন্ত্ৰণত থাকে । 


১১) মাটি কাদুৰীয়ে স্নায়ুতন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে , স্মৰণ শক্তি বৃদ্ধি কৰে আৰু স্নায়ুতন্ত্ৰৰ বিভিন্ন ৰোগ উপশম কৰে । 

১২) গাত দুৰ্বল ভাৱ আহিলে মাটিকাদুৰীৰ আঞ্জা প্ৰায় এসপ্তাহ মান ভাতৰ লগত খালে তেনে ভাৱ নাইকীয়া হয় ।


১৩) ইয়াত থকা আঁহে পেট খোলোচা কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ