--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তৰমুজ খোৱাৰ পাছত আপুনি ইয়াৰ গুটিবোৰ শুকুৱাই থ’ব। ভালদৰে শুকুৱাৰ পাছত আপুনি ইয়াক ভাজি অথবা পাউডাৰ বনাই খাব পাৰে

ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত তৰমুজ সেৱন কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিয়নো তৰমুজত যথেষ্ট পৰিমাণে পানী থাকে। যিয়ে শৰীৰক 'ডিহাইড্ৰেশ্যন'ৰ সমস্যাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।


তদুপৰি তৰমুজ প্ৰ'টিন, মেগনেছিয়াম, ফলেট, ভিটামিন বি, ফছফৰাছ, আইৰন, পটাছিয়াম, তাম, জিংক আদিৰেও সমৃদ্ধ।তৰমুজৰ লেখীয়াকৈ ইয়াৰ বীজ বা গুটিবোৰো স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত কেলৰি খুব কম পৰিমাণে থাকে। তৰমুজৰ গুটি খোৱাৰ সঠিক উপায় আৰু লাভালাভৰ বিষয়ে আজি জানো আহক :


তৰমুজৰ গুটি খোৱাৰ সঠিক উপায়


তৰমুজ খোৱাৰ পাছত আপুনি ইয়াৰ গুটিবোৰ শুকুৱাই থ’ব। ভালদৰে শুকুৱাৰ পাছত আপুনি ইয়াক ভাজি অথবা পাউডাৰ বনাই খাব পাৰে।


তৰমুজৰ গুটিৰ উপকাৰিতা


১)শৰীৰে ভিটামিন পায়


এই বীজত প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকে, যিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আনকি ই শৰীৰত হোৱা যিকোনো ধৰণৰ সংক্ৰমণো দূৰ কৰে।


২)হৃদপিণ্ড স্বাস্থ্যৱান ৰাখে :


মানুহৰ শৰীৰত বেয়া কলেষ্টেৰল জমা হোৱাৰ ফলত হৃৎপিণ্ডৰ আক্ৰমণ আশংকা বৃদ্ধি হয়। তৰমুজৰ বীজত থকা ফেটি এচিডে শৰীৰৰ পৰা অতিৰিক্ত কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।


৩)ডায়েবেটিচ নিয়ন্ত্ৰণ কৰে


৪)এই বীজবোৰে ডায়েবেটিচ নিয়ন্ত্ৰণতো মুখ্য ভূমিকা পালন কৰে। তৰমুজৰ বীজত থকা মেগনেছিয়ামে শৰীৰক ইনচুলিনৰ প্ৰতি সংবেদনশীল কৰি তোলে। ফলস্বৰূপে, ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে।


৫)ঘা-ফোহা নিৰাময়ত সহায় কৰে :


তৰমুজৰ গুটিত যথেষ্ট পৰিমাণৰ এমিন’ এচিড এল-আৰ্জিনিন থাকে। এল-আৰ্জিনিনে শৰীৰত নাইট্ৰিক অক্সাইডৰ স্তৰ বৃদ্ধি কৰে। যি শৰীৰৰ যিকোনো ঘা সোনকালে নিৰাময় কৰাত সহায় কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
সৰ্বকালৰ অভিলেখ ভাঙি মুক্তি ‘ৰৈ ৰৈ বিনালে’ ; প্ৰথম দৰ্শনী চাই শোকত বিহ্ৱল দৰ্শক
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা