--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তৰমুজ খোৱাৰ পাছত আপুনি ইয়াৰ গুটিবোৰ শুকুৱাই থ’ব। ভালদৰে শুকুৱাৰ পাছত আপুনি ইয়াক ভাজি অথবা পাউডাৰ বনাই খাব পাৰে

ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত তৰমুজ সেৱন কৰাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিয়নো তৰমুজত যথেষ্ট পৰিমাণে পানী থাকে। যিয়ে শৰীৰক 'ডিহাইড্ৰেশ্যন'ৰ সমস্যাৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে।


তদুপৰি তৰমুজ প্ৰ'টিন, মেগনেছিয়াম, ফলেট, ভিটামিন বি, ফছফৰাছ, আইৰন, পটাছিয়াম, তাম, জিংক আদিৰেও সমৃদ্ধ।তৰমুজৰ লেখীয়াকৈ ইয়াৰ বীজ বা গুটিবোৰো স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াত কেলৰি খুব কম পৰিমাণে থাকে। তৰমুজৰ গুটি খোৱাৰ সঠিক উপায় আৰু লাভালাভৰ বিষয়ে আজি জানো আহক :


তৰমুজৰ গুটি খোৱাৰ সঠিক উপায়


তৰমুজ খোৱাৰ পাছত আপুনি ইয়াৰ গুটিবোৰ শুকুৱাই থ’ব। ভালদৰে শুকুৱাৰ পাছত আপুনি ইয়াক ভাজি অথবা পাউডাৰ বনাই খাব পাৰে।


তৰমুজৰ গুটিৰ উপকাৰিতা


১)শৰীৰে ভিটামিন পায়


এই বীজত প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকে, যিয়ে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আনকি ই শৰীৰত হোৱা যিকোনো ধৰণৰ সংক্ৰমণো দূৰ কৰে।


২)হৃদপিণ্ড স্বাস্থ্যৱান ৰাখে :


মানুহৰ শৰীৰত বেয়া কলেষ্টেৰল জমা হোৱাৰ ফলত হৃৎপিণ্ডৰ আক্ৰমণ আশংকা বৃদ্ধি হয়। তৰমুজৰ বীজত থকা ফেটি এচিডে শৰীৰৰ পৰা অতিৰিক্ত কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।


৩)ডায়েবেটিচ নিয়ন্ত্ৰণ কৰে


৪)এই বীজবোৰে ডায়েবেটিচ নিয়ন্ত্ৰণতো মুখ্য ভূমিকা পালন কৰে। তৰমুজৰ বীজত থকা মেগনেছিয়ামে শৰীৰক ইনচুলিনৰ প্ৰতি সংবেদনশীল কৰি তোলে। ফলস্বৰূপে, ডায়েবেটিচ নিয়ন্ত্ৰণত থাকে।


৫)ঘা-ফোহা নিৰাময়ত সহায় কৰে :


তৰমুজৰ গুটিত যথেষ্ট পৰিমাণৰ এমিন’ এচিড এল-আৰ্জিনিন থাকে। এল-আৰ্জিনিনে শৰীৰত নাইট্ৰিক অক্সাইডৰ স্তৰ বৃদ্ধি কৰে। যি শৰীৰৰ যিকোনো ঘা সোনকালে নিৰাময় কৰাত সহায় কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ