--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কুন্দুলিত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম, ফাইবাৰ, পটাছিয়াম, ভিটামিন-এ,বি,চি আদি উপাদান পোৱা যায়।

ডিজিটেল ডেস্কঃ অসমীয়া সমাজত কুন্দুলি এবিধ পৰিচিত পাচলি। কুন্দুলি ঔষধি গুণেৰে ভৰা। কুন্দুলি এবিধ লতাজাতীয় উদ্ভিদ। ই সাধাৰণতে জেওৰা বা গছত বগাই যায়। কুন্দুলি পাচলি হিচাপে খোৱা হয়। ইয়াৰ সোৱাদগুণ অলপ টেঙেচিয়া।


কুন্দুলিত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম, ফাইবাৰ, পটাছিয়াম, ভিটামিন-এ,বি,চি আদি উপাদান পোৱা যায়। কুন্দুলি ভাজি খাবলৈ বৰ ভাল। লাবৰা ভাজিতো কুন্দুলি দিব পাৰি। দাইলত দিও কুন্দুলি খাব পাৰি। কিছুমানে বইল কুন্দুলি আৰু আলু একেলগে পিটিকা কৰি খায়। কুন্দুলিৰ ঔষধি গুণ সমূহৰ কথা জানি লওঁ আহক


কুন্দুলিৰ উপকাৰিতা


১) কুন্দুলিয়ে কিডনিত পাথৰ হোৱাত বাধা প্ৰদান কৰে।


২) ডায়েবেটিছ ৰোগীৰ বাবে কুন্দুলি উপকাৰী পাচলি।


৩) ই হাড়ৰ গঠন মজবুত কৰে।


৪) শৰীৰত হোৱা খজুৱতিত কুন্দুলিৰ কেঁচাপাতৰ ৰস উলিয়াই লগালে খজুৱতি কমে।


৫) কুন্দুলি পেটচলা ৰোগত উপকাৰী।


৬) বহুমূত্ৰ ৰোগীয়ে পাত থেতেলিয়াই ৰস উলিয়াই খালে উপকাৰ পাব।


৭) কুন্দুলিৰ পাতৰ ৰস গনোৰিয়া ৰোগীৰ বাবেও উপকাৰী।


৮) যিকোনো জন্তুৱে কামুৰিলে কুন্দুলিৰ পাতৰ ৰস লগালে আৰাম পোৱা যায়।


৯) কুন্দুলিৰ পাতৰ ৰস যিকোনো ছালৰ ৰোগত উপকাৰী।


১০) মৃগী ৰোগীৰ বাবে কুন্দুলি উপকাৰী।


১১) আইৰণৰ অভাৱত শৰীৰ দুৰ্বল হ’লে কুন্দুলিৰ ৰস খালে উপকৃত হয়।


১২) কুন্দুলি গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী পাচলি।


১৩) ক্ৰণিক ডিচেণ্ট্ৰী ৰোগত কুন্দুলি উপকাৰী পাচলি।


১৪) গৰু-ছোৱালীৰ ছালত হোৱা বিভিন্ন ৰোগত কুন্দুলিৰ পাত থেতেলিয়াই ৰস উলিয়াই লগালে ৰোগ নিৰাময় হয়।


১৫) কুন্দুলিয়ে পাচনতন্ত্ৰ শক্তিশালী কৰে।


১৬) কুন্দুলিৰ গা-গছ খুন্দি তাৰ ৰস উলিয়াই খালে ব্ৰংকাইটিছ ৰোগ নিৰাময় হয়।


১৭) কুন্দুলিৰ কেঁচা ফলৰ ৰসে জিভাত হোৱা ঘা শুকোৱাত সহায় কৰে।


১৮) ই হৃদযন্ত্ৰ সুৰক্ষিত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু