--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আয়ুৰ্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দুবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত নিঃসৰণ হলে দুবৰি ৰস খালে আৰু নাকৰ ফুটাত দিলে উপশম হয়।

ডিজিটেল ডেস্কঃ দুবৰি বন সকলোৱে চিনি পোৱা এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। দুবৰিৰ আছে ঔষধি গুণ। ভাৰতীয় সংস্কৃতিত দুবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দুবৰি বন ব্যৱহাৰ কৰা হয়।


দুবৰিৰ মূল আদিভূমি আফ্ৰিকা মহাদেশ বুলি জনা যায়। আয়ুৰ্বেদত দুবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। সাধাৰণ কটা-ছিঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুতৰ ৰোগত দুবৰি ব্যৱহাৰ কৰা হয়। সৌন্দৰ্যবৰ্ধনৰ বাবেও দুবৰিক উদ্যান ঘাঁহ হিচাপে ব্যবহাৰ কৰা হয়।


আহকচোন জানো দুবৰি বনৰ উপকাৰিতাৰ বিষয়ে


১) দুবৰি বন সন্তান গৰ্ভধাৰণত অসমৰ্থ হলে ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদিক শাস্ত্ৰমতে দুবৰি বন সন্তান ধাৰণৰ ক্ষেত্ৰত সম্ভৱনাময় ঔষধ। গৰ্ভধাৰণৰত অসমৰ্থ হʼলে দুবৰি বন আলোৱা চাউল একেলগে বটি বড়া বনাই ভাতৰ লগত সপ্তাহত তিনি/চাৰিদিনকৈ খালে উপকাৰ পোৱা যায়।


২) আমাশয় আৰু উদৰাময়েত দুবৰি বনৰ ৰস ঔষধ হিচাপে খোৱা হয়।


৩) আয়ুৰ্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দুবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত নিঃসৰণ হলে দুবৰি ৰস খালে আৰু নাকৰ ফুটাত দিলে উপশম হয়।


৪) চুলি সৰা ৰোগতো দুবৰি ব্যৱহাৰ কৰা হয়।


৫) দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোগত বা পায়োৰিয়া ৰোগত দুবৰি বনৰ পাতেৰে দাঁত মাজিলে ভাল।

৬) কটা-ছিঙাত ইয়াৰ পাত থেতালি আক্ৰান্ত স্থানত প্ৰলেপ দিলে ৰক্তক্ষৰণ বন্ধ হৈ যায়।


৭) নিয়ৰত তিতা কোমল দুবৰি বনৰ ওপৰত খোজ কাঢ়িলে স্বাস্থ্য ভালে থাকে।


৮) এনিমিয়া বা ৰক্তহীনতাত দুবৰি বন উপযোগী


৯) দুবৰি বনে detoxing agent ৰূপে লিভাৰ, শৰীৰৰ কোষ আৰু তেজ Chlorophyllৰ দ্বাৰ পৰিষ্কাৰ কৰে।


১০) দুবৰি বনৰ ৰসৰ লগত দুখিলা নিম পাতে শৰীৰৰ ছুগাৰৰ মাত্ৰা কমায়। অকল দুবৰি বনৰ ৰসেও তেজৰ শৰ্কৰা কমাই মধুমেহ নিয়ন্ত্ৰণ কৰাত সহায়ক হʼব পাৰে।


১১) দুবৰি বনৰ ৰসে মূত্ৰনিষ্কাশনৰ পৰিমাণ বৃদ্ধি কৰি বৃক্কত হোৱা পাথৰ প্ৰাকৃতিকভাৱে শৰীৰৰ পৰা উলিয়াই দিব পাৰে। লগত প্ৰস্ৰাৱৰ সংক্ৰমণ/ইউৰিণেৰী ইনফেক্সন আৰোগ্য কৰে।


১২) দুবৰি বনৰ ৰসে হাওঁফাওঁ পৰিষ্কাৰ কৰি চৰ্দি, কাঁহ, ব্ৰংকাইটিছ আৰু হাপানি ৰোগ নিৰাময় কৰে।


১৩) দুবৰি বনৰ ৰসে অতিমাত্ৰা ভোকলগা নিয়ন্ত্ৰণ কৰি Obesity দূৰ কৰে।


১৪) দুবৰি বনত ভিটামিন A আৰু C আছে যি এণ্টিঅক্সিডেণ্ট হিচাপে হাৰ্ট ষ্ট্ৰোক আৰু কেন্সাৰ (Cancer) প্ৰতিৰোধ কৰে।


উল্লেখ্য যে উপৰোক্ত ৰোগ তথা বিভিন্ন সমস্যাসমূহ নিৰাময়ত দুবৰি বনৰ উপকাৰিতা ল’বলৈ ইয়াক জুচ, ৰস, পেষ্ট আদি ৰূপত ব্যৱহাৰ কৰিব পাৰি।


অৰ্শ বা পাইলছ ৰোগীসকলে দূৱৰি বন সেৱন কৰিব নালাগে। ই দেহৰ ক্ষতি কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি