--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আয়ুৰ্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দুবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত নিঃসৰণ হলে দুবৰি ৰস খালে আৰু নাকৰ ফুটাত দিলে উপশম হয়।

ডিজিটেল ডেস্কঃ দুবৰি বন সকলোৱে চিনি পোৱা এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। দুবৰিৰ আছে ঔষধি গুণ। ভাৰতীয় সংস্কৃতিত দুবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দুবৰি বন ব্যৱহাৰ কৰা হয়।


দুবৰিৰ মূল আদিভূমি আফ্ৰিকা মহাদেশ বুলি জনা যায়। আয়ুৰ্বেদত দুবৰিক বাত, পিত্ত আৰু কফৰ মহৌষধ হিচাপে গণ্য কৰা হয়। সাধাৰণ কটা-ছিঙাৰ পৰা আৰম্ভ কৰি বিভিন্ন গুৰুতৰ ৰোগত দুবৰি ব্যৱহাৰ কৰা হয়। সৌন্দৰ্যবৰ্ধনৰ বাবেও দুবৰিক উদ্যান ঘাঁহ হিচাপে ব্যবহাৰ কৰা হয়।


আহকচোন জানো দুবৰি বনৰ উপকাৰিতাৰ বিষয়ে


১) দুবৰি বন সন্তান গৰ্ভধাৰণত অসমৰ্থ হলে ব্যৱহাৰ কৰা হয়। আয়ুৰ্বেদিক শাস্ত্ৰমতে দুবৰি বন সন্তান ধাৰণৰ ক্ষেত্ৰত সম্ভৱনাময় ঔষধ। গৰ্ভধাৰণৰত অসমৰ্থ হʼলে দুবৰি বন আলোৱা চাউল একেলগে বটি বড়া বনাই ভাতৰ লগত সপ্তাহত তিনি/চাৰিদিনকৈ খালে উপকাৰ পোৱা যায়।


২) আমাশয় আৰু উদৰাময়েত দুবৰি বনৰ ৰস ঔষধ হিচাপে খোৱা হয়।


৩) আয়ুৰ্বেদিক শাস্ত্ৰমতে ৰক্তপিত্ত ৰোগত দুবৰি বন মহৌষধ। এই ৰোগত মুখ, নাকৰ বাহিৰেও শৰীৰৰ বিভিন্ন অংশৰে ৰক্ত নিঃসৰণ হলে দুবৰি ৰস খালে আৰু নাকৰ ফুটাত দিলে উপশম হয়।


৪) চুলি সৰা ৰোগতো দুবৰি ব্যৱহাৰ কৰা হয়।


৫) দাঁতৰ আলুৰ পৰা তেজ ওলোৱা ৰোগত বা পায়োৰিয়া ৰোগত দুবৰি বনৰ পাতেৰে দাঁত মাজিলে ভাল।

৬) কটা-ছিঙাত ইয়াৰ পাত থেতালি আক্ৰান্ত স্থানত প্ৰলেপ দিলে ৰক্তক্ষৰণ বন্ধ হৈ যায়।


৭) নিয়ৰত তিতা কোমল দুবৰি বনৰ ওপৰত খোজ কাঢ়িলে স্বাস্থ্য ভালে থাকে।


৮) এনিমিয়া বা ৰক্তহীনতাত দুবৰি বন উপযোগী


৯) দুবৰি বনে detoxing agent ৰূপে লিভাৰ, শৰীৰৰ কোষ আৰু তেজ Chlorophyllৰ দ্বাৰ পৰিষ্কাৰ কৰে।


১০) দুবৰি বনৰ ৰসৰ লগত দুখিলা নিম পাতে শৰীৰৰ ছুগাৰৰ মাত্ৰা কমায়। অকল দুবৰি বনৰ ৰসেও তেজৰ শৰ্কৰা কমাই মধুমেহ নিয়ন্ত্ৰণ কৰাত সহায়ক হʼব পাৰে।


১১) দুবৰি বনৰ ৰসে মূত্ৰনিষ্কাশনৰ পৰিমাণ বৃদ্ধি কৰি বৃক্কত হোৱা পাথৰ প্ৰাকৃতিকভাৱে শৰীৰৰ পৰা উলিয়াই দিব পাৰে। লগত প্ৰস্ৰাৱৰ সংক্ৰমণ/ইউৰিণেৰী ইনফেক্সন আৰোগ্য কৰে।


১২) দুবৰি বনৰ ৰসে হাওঁফাওঁ পৰিষ্কাৰ কৰি চৰ্দি, কাঁহ, ব্ৰংকাইটিছ আৰু হাপানি ৰোগ নিৰাময় কৰে।


১৩) দুবৰি বনৰ ৰসে অতিমাত্ৰা ভোকলগা নিয়ন্ত্ৰণ কৰি Obesity দূৰ কৰে।


১৪) দুবৰি বনত ভিটামিন A আৰু C আছে যি এণ্টিঅক্সিডেণ্ট হিচাপে হাৰ্ট ষ্ট্ৰোক আৰু কেন্সাৰ (Cancer) প্ৰতিৰোধ কৰে।


উল্লেখ্য যে উপৰোক্ত ৰোগ তথা বিভিন্ন সমস্যাসমূহ নিৰাময়ত দুবৰি বনৰ উপকাৰিতা ল’বলৈ ইয়াক জুচ, ৰস, পেষ্ট আদি ৰূপত ব্যৱহাৰ কৰিব পাৰি।


অৰ্শ বা পাইলছ ৰোগীসকলে দূৱৰি বন সেৱন কৰিব নালাগে। ই দেহৰ ক্ষতি কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু