--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মছন্দৰী শাকৰ নানা গুণাগুণ আছে। পেটৰ ৰোগত মছন্দৰী এবিধ মহাঔষধি।

ডিজিটেল ডেস্কঃ মছন্দৰী শাকৰ নানা গুণাগুণ আছে। পেটৰ ৰোগত মছন্দৰী এবিধ মহাঔষধি। বাৰী, আৰু ঘৰৰ আশে-পাশে চেঁচুকীয়া জীপাল ঠাইত যথাসময়ত ই আপোনা-আপুনি লহপহীয়াকৈ গজি উঠে। মচন্দৰীত অতি বেছি পৰিমাণে ভিটামিন এ কেৰোটিন আৰু কেলছিয়াম পোৱা যায়।ইংৰাজীত ইয়াক ফিচ মিন্ট(Fish Mint) বা চামেলিয়ন প্লেন্ট বুলি জনা যায়। পাতবোৰৰ মাছৰ দৰে এক অস্বাভাৱিক গোন্ধ আছে। সেইবাবেই ইয়াক ফিচ মিন্ট বুলি জনা যায়।


ইয়াৰ বিশেষ উগ্ৰ গোন্ধটো বহুতৰে প্ৰিয় নহয়। এই শাকবিধ জোল হিচাপেও ৰান্ধি খাব পাৰি। মছন্দৰীৰ সৈতে মাছৰ জোলকণ খাবলৈ বৰ সোৱাদ। পাতত দি সিজাই, নিমখ-তেল সানি পিটিকা কৰি খাব পাৰি আৰু পটাত পিচি চাটনি হিচাপেও খাব পাৰি। 


১) নহৰুৰ ৰসৰ সৈতে ইয়াৰ ৰস মিহলাই পান কৰিলে অভোক বা অৰুচি আঁতৰি যায়।


২) পেটৰ বেমাৰী বিশেষকৈ ‘ক্ৰণিক ডিচেন্ট্ৰী’ত ভোগা ৰোগীৰ বাবে ই মহৌষধ।


৩) আঘাতপ্ৰাপ্ত ছালৰ বিভিন্ন সমস্যা নিৰাময় কৰাত সহায় কৰে।


৪) ব্ৰংকাইটিছ, নিউমোনিয়া জ্বৰ আদিতো ই ফলপ্ৰসূ আৰু উপশমদায়ক।


৫) ইয়াক নিয়মিয়াকৈ খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।


৬) মছন্দৰীৰ পাতে ৰক্তকণিকা বৃদ্ধি, হৃদৰোগ প্ৰতিৰোধ আৰু মাংসপেশী আটিল কৰে।


৭) মছন্দৰীয়ে বেক্টেৰিয়াৰ সৈতেও যুঁজ দিব পাৰে।


৮) মছন্দৰীৰ পাত খালে দৃষ্টিশক্তি আৰু স্নায়ু সবল হয়।


৯) শ্বাস-প্রশ্বাসত কষ্ট পালে মছন্দৰীৰ পাত সিজাই নিমখ, জালুক আদি সানি খালে শ্বাস-কষ্টৰ পৰা উপশম পাব পাৰি।


১০) মছন্দৰীৰ ব্যৱহাৰে শৰীৰৰ ওজন হ্ৰাস কৰাত বিশেষভাৱে সহায় কৰে।


১১) স্বাস্থ্যকৰ কলেষ্টৰেল স্তৰ উন্নত কৰাতো মছুন্দৰীয়ে সহায় কৰে।


১২) কেঁচা মছন্দৰী খালে ৰক্ত শৰ্কৰা স্তৰ (Blood sugar level) হ্ৰাস কৰাত সহায় কৰিব পাৰে। ই ইনছুলিন (Insulin) উৎপাদনত আৰু গ্লুকোজৰ সহনশীলতা উন্নত কৰাত সহায় কৰি ডায়েবেটিচৰ সৈতে যুঁজ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ