--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ আই পি এলত বহু ডাঙৰ ডাঙৰ তাৰকা ব্যৰ্থ হয়। বহু দলে নিলামত বহু টকা খৰচ কৰি সেই ক্ৰিকেটাৰসকলক ক্ৰয় কৰিছিল। কিন্তু সেই ক্ৰিকেটাৰসকলে দেখুৱাব নোৱাৰিলে উন্নত প্ৰদৰ্শন৷ এইবাৰৰ আই পি এলত ব্যৰ্থ হোৱা ৫ গৰাকী ক্ৰিকেটাৰক নিৰ্বাচিত কৰা হৈছে-

বেন ষ্ট’কছঃ চেন্নাই ছুপাৰ কিংছে যেতিয়া নিলামত ইংলেণ্ডৰ অল-ৰাউণ্ডাৰগৰাকীক ক্ৰয় কৰিছিল, তেতিয়া ভবা হৈছিল যে তেওঁলোকে হয়তো ভৱিষ্যতে তেওঁক অধিনায়ক হিচাপে বিবেচনা কৰিব। কিন্তু এইবাৰ আই পি এলত ষ্ট’কছক তেনেকৈ খেলিব নোৱাৰিলে। ইংলেণ্ড টেষ্টৰ অধিনায়কজনৰ বাবে চেন্নাইয়ে খৰচ কৰিছিল ১৬ কোটি ২৫ লাখ টকা৷ অল ৰাউণ্ডাৰগৰাকীয়ে চেন্নাইৰ হৈ মাত্ৰ দুখন মেচহে খেলিছিল। ১৫ ৰান সংগ্ৰহ কৰে। তেওঁ এটা অভাৰ বলিং কৰি খৰচ কৰে ১৮ ৰান। পৰৱৰ্তী মেচকেইখন আঁঠুৰ আঘাতৰ বাবে ষ্ট’কছে খেলিব পৰা নাছিল।

হেৰী ব্ৰুকঃ তেওঁক ইংলেণ্ড দলৰ ভৱিষ্যত তাৰকা বুলি কোৱা হয়। ব্ৰুকে আইপিএলত এটা শতক অৰ্জন কৰিলেও বাকীকেইখন মেচত চূড়ান্ত ব্যৰ্থ হয়৷ এইবাৰৰ আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এইগৰাকী বেটছমেনে ১১খন মেচত ১৯০ ৰান সংগ্ৰহ কৰে। ১৩ কোটি ২৫ লাখ টকা ব্যয় কৰি ব্ৰুকক হায়দৰাবাদে ক্ৰয় কৰিছিল। কেকেআৰৰ বিৰুদ্ধে এটা শতকৰ বাহিৰে সমগ্ৰ আইপিএলত ব্যৰ্থ হৈছিল ব্ৰুক। তেওঁৰ দলটোৱেও প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিলে।

জোফ্ৰা আৰ্চাৰঃ মুম্বাই ইণ্ডিয়ানছে জোফ্ৰা আৰ্চাৰৰ বাবে খৰচ কৰিছিল ৮ কোটি টকা৷ মুম্বাইৰ পেচ এটেক এইবাৰ এইগৰাকী ইংৰাজ পেচাৰক কেন্দ্ৰ কৰি গঢ়ি তোলাৰ কথা আছিল। যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত মুম্বাইৰ আশা আছিল আৰ্চাৰ। কিন্তু তেওঁ মাত্ৰ পাঁচখন মেচহে খেলিব পাৰে। ইয়াৰ পিছত তেওঁ আঘাতপ্ৰাপ্ত হৈ প্ৰতিযোগিতাৰ পৰা আঁতৰি যায়। শেষত ৰোহিত শৰ্মাই আৰ্চাৰৰ সলনি ক্ৰীছ জৰ্ডানক দলত লয়৷

ছেম কাৰেন: ইংলেণ্ডৰ আন এজন অলৰাউণ্ডাৰ বিফল হ’ল। এইবাৰৰ আই পি এলৰ নিলামত আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল কেৰেন। তেওঁক ১৮ কোটি ৫০ লাখ টকাত ক্ৰয় কৰিছিল পঞ্জাব কিংছে। কিন্তু ১৪খন মেচত তেওঁ ২৭৪ ৰান সংগ্ৰহ আৰু ১০টা উইকেট দখল কৰে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে