--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ আই পি এলত বহু ডাঙৰ ডাঙৰ তাৰকা ব্যৰ্থ হয়। বহু দলে নিলামত বহু টকা খৰচ কৰি সেই ক্ৰিকেটাৰসকলক ক্ৰয় কৰিছিল। কিন্তু সেই ক্ৰিকেটাৰসকলে দেখুৱাব নোৱাৰিলে উন্নত প্ৰদৰ্শন৷ এইবাৰৰ আই পি এলত ব্যৰ্থ হোৱা ৫ গৰাকী ক্ৰিকেটাৰক নিৰ্বাচিত কৰা হৈছে-

বেন ষ্ট’কছঃ চেন্নাই ছুপাৰ কিংছে যেতিয়া নিলামত ইংলেণ্ডৰ অল-ৰাউণ্ডাৰগৰাকীক ক্ৰয় কৰিছিল, তেতিয়া ভবা হৈছিল যে তেওঁলোকে হয়তো ভৱিষ্যতে তেওঁক অধিনায়ক হিচাপে বিবেচনা কৰিব। কিন্তু এইবাৰ আই পি এলত ষ্ট’কছক তেনেকৈ খেলিব নোৱাৰিলে। ইংলেণ্ড টেষ্টৰ অধিনায়কজনৰ বাবে চেন্নাইয়ে খৰচ কৰিছিল ১৬ কোটি ২৫ লাখ টকা৷ অল ৰাউণ্ডাৰগৰাকীয়ে চেন্নাইৰ হৈ মাত্ৰ দুখন মেচহে খেলিছিল। ১৫ ৰান সংগ্ৰহ কৰে। তেওঁ এটা অভাৰ বলিং কৰি খৰচ কৰে ১৮ ৰান। পৰৱৰ্তী মেচকেইখন আঁঠুৰ আঘাতৰ বাবে ষ্ট’কছে খেলিব পৰা নাছিল।

হেৰী ব্ৰুকঃ তেওঁক ইংলেণ্ড দলৰ ভৱিষ্যত তাৰকা বুলি কোৱা হয়। ব্ৰুকে আইপিএলত এটা শতক অৰ্জন কৰিলেও বাকীকেইখন মেচত চূড়ান্ত ব্যৰ্থ হয়৷ এইবাৰৰ আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এইগৰাকী বেটছমেনে ১১খন মেচত ১৯০ ৰান সংগ্ৰহ কৰে। ১৩ কোটি ২৫ লাখ টকা ব্যয় কৰি ব্ৰুকক হায়দৰাবাদে ক্ৰয় কৰিছিল। কেকেআৰৰ বিৰুদ্ধে এটা শতকৰ বাহিৰে সমগ্ৰ আইপিএলত ব্যৰ্থ হৈছিল ব্ৰুক। তেওঁৰ দলটোৱেও প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিলে।

জোফ্ৰা আৰ্চাৰঃ মুম্বাই ইণ্ডিয়ানছে জোফ্ৰা আৰ্চাৰৰ বাবে খৰচ কৰিছিল ৮ কোটি টকা৷ মুম্বাইৰ পেচ এটেক এইবাৰ এইগৰাকী ইংৰাজ পেচাৰক কেন্দ্ৰ কৰি গঢ়ি তোলাৰ কথা আছিল। যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত মুম্বাইৰ আশা আছিল আৰ্চাৰ। কিন্তু তেওঁ মাত্ৰ পাঁচখন মেচহে খেলিব পাৰে। ইয়াৰ পিছত তেওঁ আঘাতপ্ৰাপ্ত হৈ প্ৰতিযোগিতাৰ পৰা আঁতৰি যায়। শেষত ৰোহিত শৰ্মাই আৰ্চাৰৰ সলনি ক্ৰীছ জৰ্ডানক দলত লয়৷

ছেম কাৰেন: ইংলেণ্ডৰ আন এজন অলৰাউণ্ডাৰ বিফল হ’ল। এইবাৰৰ আই পি এলৰ নিলামত আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল কেৰেন। তেওঁক ১৮ কোটি ৫০ লাখ টকাত ক্ৰয় কৰিছিল পঞ্জাব কিংছে। কিন্তু ১৪খন মেচত তেওঁ ২৭৪ ৰান সংগ্ৰহ আৰু ১০টা উইকেট দখল কৰে।















FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু