--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ পুনৰ আহিছে আন এটা সুখবৰ। অসমৰ হৃদয় হাজৰিকাই চলিত তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত শুকুৰবাৰে  সোণৰ পদক লাভ কৰি ৰাজ্যখনক প্ৰথমটো সফলতা দিবলৈ সক্ষম হৈছে। নতুন দিল্লীৰ ডাঃ কাৰ্ণী সিং শুটিং ৰেঞ্জত শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা শুটিং প্রতিযোগিতাত গুৱাহাটীৰ ঐতিয্যমণ্ডিত কটন বিশ্ববিদ্যালয়ক প্রতিনিধিত্ব কৰা হৃদয়ে  পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক অৰ্জন কৰে । 

উল্লেখ্য যে কোৱালিফায়িং ৰাউণ্ডত চতুর্থ স্থানত থাকি ফাইনেলত প্ৰৱেশ কৰা হৃদয়ে খিতাপ জয়ৰ যুঁজত প্ৰথম ৰাউণ্ডত শীৰ্ষ আঠজন শ্বুটাৰৰ ভিতৰত পঞ্চম স্থানত আছিল যদিও চমকপ্রদ প্ৰদৰ্শনৰে প্ৰত্যাৱৰ্তন কৰি দ্বিতীয় ৰাউণ্ডৰ পৰাই শীর্ষস্থানত উপনীত হয় আৰু  দক্ষতাৰে পৰবৰ্তী আটাইকেইটা ৰাউণ্ডতে সফলতা ধৰি ৰাখি সোণ জয়ৰে মেচ সমাপ্ত কৰে। মুঠ ২৫২.৫ পইণ্টৰে সোণ অৰ্জন কৰিবলৈ সক্ষম হয় অসমৰ তাৰকা শ্বুটাৰজনে ।

 উল্লেখ্য যে হৃদয়ে ফাইনেলৰ প্ৰথম ৰাউণ্ডত ৫২.১ পইণ্টৰে মেচ আৰম্ভ কৰি দ্বিতীয় ৰাউণ্ডত .১ পইণ্টৰ অগ্ৰগতিৰে ১০৫.৫ পইণ্ট অৰ্জন কৰি প্ৰথমস্থানত উপনীত হয়। এই অগ্ৰগতিৰ পাছতে আত্মবিশ্বাসেৰে খেলি পৰবৰ্তী প্ৰতিটো ৰাউণ্ডতে কোনো ভুল নকৰাকৈ নিজৰ শীৰ্ষস্থান সুৰক্ষিত ৰাখে। তৃতীয় ৰাউণ্ডত ১২৬.৯ পইণ্ট, চতুৰ্থ ৰাউণ্ডত ১৪৮ পইণ্ট, পঞ্চম ৰাউণ্ডত ১৬৯.২ পইণ্ট, ষষ্ঠ ৰাউণ্ডত ২১০.১ পইণ্ট, সপ্তম ৰাউণ্ডত ২৩১.২ পইণ্ট আৰু অন্তিম ৰাউণ্ডত ২৫২.৫ পইণ্টৰে স্বৰ্ণ জয় নিশ্চিত কৰে। 
উল্লেখ্য যে সদ্য সমাপ্ত বিশ্বকাপ শ্বুটিং প্রতিযোগিতাত ৰূপ অৰ্জন কৰি ছিনিয়ৰ পৰ্যায়ত প্ৰথমটো আন্তর্জাতিক পদক লাভ কৰিছিল অসমৰ প্ৰতিভাবান শ্বুটাৰ হৃদয়ে। বাকুত অনুষ্ঠিত হোৱা বিশ্বকাপ শ্বুটিঙত পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰাক্তন জুনিয়ৰ বিশ্ব চেম্পিয়ন হৃদয়ে। 

ইফালে, অসমৰ তিনিগৰাকী পেডলাৰে চলিত তৃতীয় খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ মহিলাৰ দলীয় শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি আশাৰ ৰেঙণি দেখুৱাইছিল  যদিও আজি তিনিওগৰাকীয়েই  পৰাস্ত হোৱাত ছেমিফাইনেলত উপনীত হ'ব নোৱাৰিলে। লক্ষ্ণৌৰ বি বি ডি বেডমিণ্টন একাডেমীৰ ইনড'ৰ হলত অনুষ্ঠিত হোৱা টেবুল টেনিছত অসমৰ আন্তৰ্জাতিক খেলুৱৈ তৃষা গগৈয়ে প্রতিনিধিত্ব কৰা দিল্লী বিশ্ববিদ্যালয়ৰ মহিলা দলটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত ইউনিভাৰচিটী অব কলকতাৰ বিৰুদ্ধে পৰাজিত হয়। 

ইফালে, অসম কন্যা আকাংক্ষা ভূঞা আৰু জিতাক্ষী মজুমদাৰে প্ৰতিনিধিত্ব কৰা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ মহিলা দলেও কোৱাৰ্টাৰ ফাইনেলত চেন্নাই বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে খেলি পৰাজিত  হৈ অভিযান সামৰে ৷ 















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে