--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঞ্জয় লীলা ভাঞ্চালীৰ 'হিৰমণ্ডি' ৱেব চিৰিজ চলি আছে। বহুদিন ধৰি বলীউডত কাম কৰি আহিলেও এই ধাৰাবাহিকখনৰ বাবে দৃষ্টি আকৰ্ষণ কৰিছে অভিনেতা জেছন শ্বাহে। ব্ৰিটিছ আৰক্ষীৰ ‘কাৰ্টৰাইট’ৰ চৰিত্ৰত তেওঁক দেখা গৈছে। ইয়াৰ উপৰিও তেওঁক পৰ্দাত অভিনেত্ৰী সোণাক্ষী সিঙৰ সৈতে অন্তৰংগ দৃশ্যত দেখা গৈছিল।

প্ৰথমতে জেচনে ‘কাৰ্টৰাইট’ৰ চৰিত্ৰটো বুজিব পৰা নাছিল। গতিকে পৰ্দাত চৰিত্ৰটোক চিত্ৰিত কৰিবলৈ তেওঁ বহুত চেষ্টা  কৰিবলগীয়া হৈছিল। জেচনে কয়, "প্ৰথমে মই ভাবিছিলো যে 'কাৰ্টৰাইট' এটা অতি একচনধৰ্মী চৰিত্ৰ। পৰ্দাত আহি সকলোকে মাৰধৰ কৰিব। চিত্ৰনাট্য পঢ়াৰ পিছত সেইখিনিয়েই বুজিলোঁ। যদিও গোটেই ধাৰাবাহিকখনৰ চিত্ৰনাট্য পঢ়া নাই। গোটেইখিনি পঢ়িলে 'কাৰ্টৰাইট' চৰিত্ৰটো ভালকৈ বুজি পালোঁহেঁতেন।’’

জেচনে লগতে কয়, " অবিৰত শ্বুটিং হোৱা নাছিল। তিনিদিন শ্বুটিং কৰিছিলোঁ আৰু তিনি সপ্তাহ ছুটীত আছিলোঁ। এইদৰেই কৰা হৈছিল।'' যাৰ ফলত চৰিত্ৰটো বুজিবলৈ কঠিন হৈ পৰিছিল বুলিও তেওঁ কয়। কিন্তু সোনাক্ষীৰ সৈতে অন্তৰংগ দৃশ্যত কাম কৰাৰ পূৰ্বে এটা বেলেগ অভিজ্ঞতা হৈছিল৷

জেছনে কয় যে শ্বুটিঙৰ পূৰ্বে তিনিজন সহ-পৰিচালকে তেওঁৰ সৈতে পৃথকে পৃথকে কথা পাতিছিল। সোনাক্ষীৰ লগত বিচনাৰ দৃশ্যটো বুজাবলৈ তাক সুকীয়াকৈ লৈ যোৱা হ’ল। জেচনে ক’লে যে তেওঁ বৰ অস্বস্তিত পৰিছে। তেওঁ কয়, “তিনিজন সহ-পৰিচালক আহি মোক এটা কোণলৈ লৈ গ’ল। আমি এটা ষ্টুডিঅ’ত আছিলো। তেওঁলোকে ক’ব বিচাৰিছিল, ‘আপুনি আজি সোণাক্ষীৰ লগত শ্বুটিং কৰি আছা। জানেনে?' মই মনতে ক’লোঁ, ‘অৱশ্যেই মই জানো সোনাক্ষী সিং কোন। মই সোণাক্ষীক বেয়াকৈ চুই দিম বুলি ভাবিছানে? এই সকলোবোৰ চিন্তা মোৰ মনলৈ আহি আছিল।''

মন কৰিবলগীয়া যে ‘হিৰমণ্ডি’ত অভিনয় কৰাসকল হ’ল মনীষা কইৰালা, ৰিচা চাধা, অদিতি ৰাও হাইদাৰী, সঞ্জিদা শ্বেখ, শৰ্মিন ছেগাল আদি বহুকেইজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ