--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঞ্জয় লীলা ভাঞ্চালীৰ 'হিৰমণ্ডি' ৱেব চিৰিজ চলি আছে। বহুদিন ধৰি বলীউডত কাম কৰি আহিলেও এই ধাৰাবাহিকখনৰ বাবে দৃষ্টি আকৰ্ষণ কৰিছে অভিনেতা জেছন শ্বাহে। ব্ৰিটিছ আৰক্ষীৰ ‘কাৰ্টৰাইট’ৰ চৰিত্ৰত তেওঁক দেখা গৈছে। ইয়াৰ উপৰিও তেওঁক পৰ্দাত অভিনেত্ৰী সোণাক্ষী সিঙৰ সৈতে অন্তৰংগ দৃশ্যত দেখা গৈছিল।

প্ৰথমতে জেচনে ‘কাৰ্টৰাইট’ৰ চৰিত্ৰটো বুজিব পৰা নাছিল। গতিকে পৰ্দাত চৰিত্ৰটোক চিত্ৰিত কৰিবলৈ তেওঁ বহুত চেষ্টা  কৰিবলগীয়া হৈছিল। জেচনে কয়, "প্ৰথমে মই ভাবিছিলো যে 'কাৰ্টৰাইট' এটা অতি একচনধৰ্মী চৰিত্ৰ। পৰ্দাত আহি সকলোকে মাৰধৰ কৰিব। চিত্ৰনাট্য পঢ়াৰ পিছত সেইখিনিয়েই বুজিলোঁ। যদিও গোটেই ধাৰাবাহিকখনৰ চিত্ৰনাট্য পঢ়া নাই। গোটেইখিনি পঢ়িলে 'কাৰ্টৰাইট' চৰিত্ৰটো ভালকৈ বুজি পালোঁহেঁতেন।’’

জেচনে লগতে কয়, " অবিৰত শ্বুটিং হোৱা নাছিল। তিনিদিন শ্বুটিং কৰিছিলোঁ আৰু তিনি সপ্তাহ ছুটীত আছিলোঁ। এইদৰেই কৰা হৈছিল।'' যাৰ ফলত চৰিত্ৰটো বুজিবলৈ কঠিন হৈ পৰিছিল বুলিও তেওঁ কয়। কিন্তু সোনাক্ষীৰ সৈতে অন্তৰংগ দৃশ্যত কাম কৰাৰ পূৰ্বে এটা বেলেগ অভিজ্ঞতা হৈছিল৷

জেছনে কয় যে শ্বুটিঙৰ পূৰ্বে তিনিজন সহ-পৰিচালকে তেওঁৰ সৈতে পৃথকে পৃথকে কথা পাতিছিল। সোনাক্ষীৰ লগত বিচনাৰ দৃশ্যটো বুজাবলৈ তাক সুকীয়াকৈ লৈ যোৱা হ’ল। জেচনে ক’লে যে তেওঁ বৰ অস্বস্তিত পৰিছে। তেওঁ কয়, “তিনিজন সহ-পৰিচালক আহি মোক এটা কোণলৈ লৈ গ’ল। আমি এটা ষ্টুডিঅ’ত আছিলো। তেওঁলোকে ক’ব বিচাৰিছিল, ‘আপুনি আজি সোণাক্ষীৰ লগত শ্বুটিং কৰি আছা। জানেনে?' মই মনতে ক’লোঁ, ‘অৱশ্যেই মই জানো সোনাক্ষী সিং কোন। মই সোণাক্ষীক বেয়াকৈ চুই দিম বুলি ভাবিছানে? এই সকলোবোৰ চিন্তা মোৰ মনলৈ আহি আছিল।''

মন কৰিবলগীয়া যে ‘হিৰমণ্ডি’ত অভিনয় কৰাসকল হ’ল মনীষা কইৰালা, ৰিচা চাধা, অদিতি ৰাও হাইদাৰী, সঞ্জিদা শ্বেখ, শৰ্মিন ছেগাল আদি বহুকেইজন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু