--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বি অমিতাভ বচ্চন আৰু অনুষ্কা শৰ্মাই  হেলমেট অবিহনে বাইক চলোৱাৰ বাবে মুম্বাই আৰক্ষীৰ পৰা আইনী জাননী লাভ কৰিছে। হেলমেট অবিহনে বাইক চলাই থকা এই দুজন বলিউদ তাৰকাৰ ভিডিঅ' ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলে অনুষ্কা আৰু অমিতাভক উপহাস কৰিবলৈ আৰম্ভ কৰিছিল।

নেটিজেনসকলৰ হেঁচাত মুম্বাই আৰক্ষীয়ে তাৰকাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ বাধ্য হৈছে।শেহতীয়াকৈ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত, অনুষ্কাক নিৰাপত্তাৰক্ষীৰ বাইকত বহি থকা দেখা গৈছে। তেওঁৰ মূৰত পিছে হেলমেট নাই। তেনেদৰেই অভিনেত্ৰীগৰাকী তেওঁৰ  গন্তব্যস্থানত উপস্থিত  হৈছিল। সূত্ৰ অনুসৰি ৰাস্তাত গছ বাগৰি পৰাৰ লগে লগে অনুষ্কাৰ গাড়ীখন আৱদ্ধ হৈ পৰে। আৰু সেইকাৰণে অনুষ্কাই  বাইকত উঠিবলৈ  বাধ্য  হৈ পৰিছিল। 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Manav Manglani (@manav.manglani)



বিগ বিয়ে তেওঁৰ জীৱনৰ বহু ঘটনা  সামাজিক মাধ্যমত প্ৰকাশ কৰিবলৈ লৈছিল। গতিকে তেওঁ তেওঁৰ 'বাইক বিষয়'ক কথাও   বিতংভাৱে কৈছিল। তেওঁ তেনে ফটো শ্বেয়াৰো কৰিছিল। ছবিখনত অমিতাভক হালধীয়া টি-চাৰ্ট, টুপী আৰু হাফ পেণ্ট পিন্ধা এজন লোকৰ বাইকত বহি যোৱা  দেখা গৈছে।  বিগ বিয়ে আনকি  লোকজনক ধন্যবাদ জনাবলৈও নাপাহৰিলে।  
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Amitabh Bachchan (@amitabhbachchan)



তেওঁ শ্বেয়াৰ কৰা ছবিখনৰ শিৰোনাম দিছিল, "ধন্যবাদ ভাই... মই তোমাক চিনি নাপাওঁ।।। কিন্তু যদি সহায় কৰে আৰু মোক গন্তব্যস্থানলৈ লৈ যায়...  অনুষ্কা আৰু অমিতাভৰ ভিডিঅ' দেখি অনুৰাগীসকলে আমোদ পোৱাৰ  সময়তে মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ ভিডিঅ' দেখি হতবাক হৈ পৰিছে।













FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু