--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ জিলিকি উঠিল আদিল হুছেইন। অসমক পুনৰ গৌৰৱান্বিত কৰিলে আদিলে। আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হ'ল অসম সন্তান আদিল হুছেইনে৷ এইবাৰ লণ্ডনত অনুষ্ঠিত 'ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল'ত 'ফুটপ্ৰিন্টছ্ অন ৱাটাৰ' (Footprints on Water) নামৰ ছবিখনত কৰা অনবদ্য অভিনয়ৰ জৰিয়তে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'ল খ্যাতনামা বলিষ্ঠ অভিনেতাগৰাকীয়ে৷

উল্লেখ্য যে ১৩ মে'ত আদিল হুছেইন অভিনীত বলীউডৰ ছবিখনৰ 'ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল'ত প্ৰিমিয়াৰ হৈছিল৷ ছবিখন পৰিচালনা কৰিছে নাটালিয়া শ্যামে। ব্ৰিটেইনলৈ হোৱা অনুপ্ৰৱেশ আৰু প্ৰৱজনকাৰীসকলে ব্ৰিটেইনত সন্মুখীন হোৱা নানা সমস্যাক বিষয়বস্তু হিচাবে লৈ ছবিখনৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে৷ ব্ৰিটেইনত অনুপ্ৰৱেশ কৰাৰ পাচত এগৰাকী পিতৃয়ে নিজ সন্তানক হেৰুৱাৰ কৰুণ কাহিনীৰ লগতে সন্তানৰ সন্ধান কৰাৰ বৰ্ণনা কৰা হৈছে ছবিখনত৷

এই ছবিখনতে এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে আদিল হুছেইনে৷ আদিল হুছেইনৰ অভিনয়ৰ প্ৰশংসত পঞ্চমুখ হৈ পৰিছে চিনেপ্ৰেমীসকল। মন কৰিবলগীয়া যে, 'ফুটপ্ৰিণ্টছ্ অন ৱাটাৰ' ছবিখনে ইয়াৰ পূৰ্বে নিউয়ৰ্কত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত পৰিচালকৰ প্ৰথম ছবিৰ শিতানত শ্ৰেষ্ঠ ছবি হিচাবেও পুৰস্কৃত হৈছিল। উক্ত ছবি মহোৎসৱতো আদিল হুছেইনে শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনয়ন লাভ কৰিছিল। আদিল হুছেইনৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে অসমবাসী।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু