--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ জিলিকি উঠিল আদিল হুছেইন। অসমক পুনৰ গৌৰৱান্বিত কৰিলে আদিলে। আকৌ এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াবলৈ সক্ষম হ'ল অসম সন্তান আদিল হুছেইনে৷ এইবাৰ লণ্ডনত অনুষ্ঠিত 'ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল'ত 'ফুটপ্ৰিন্টছ্ অন ৱাটাৰ' (Footprints on Water) নামৰ ছবিখনত কৰা অনবদ্য অভিনয়ৰ জৰিয়তে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'ল খ্যাতনামা বলিষ্ঠ অভিনেতাগৰাকীয়ে৷

উল্লেখ্য যে ১৩ মে'ত আদিল হুছেইন অভিনীত বলীউডৰ ছবিখনৰ 'ইউ কে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল'ত প্ৰিমিয়াৰ হৈছিল৷ ছবিখন পৰিচালনা কৰিছে নাটালিয়া শ্যামে। ব্ৰিটেইনলৈ হোৱা অনুপ্ৰৱেশ আৰু প্ৰৱজনকাৰীসকলে ব্ৰিটেইনত সন্মুখীন হোৱা নানা সমস্যাক বিষয়বস্তু হিচাবে লৈ ছবিখনৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে৷ ব্ৰিটেইনত অনুপ্ৰৱেশ কৰাৰ পাচত এগৰাকী পিতৃয়ে নিজ সন্তানক হেৰুৱাৰ কৰুণ কাহিনীৰ লগতে সন্তানৰ সন্ধান কৰাৰ বৰ্ণনা কৰা হৈছে ছবিখনত৷

এই ছবিখনতে এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছে আদিল হুছেইনে৷ আদিল হুছেইনৰ অভিনয়ৰ প্ৰশংসত পঞ্চমুখ হৈ পৰিছে চিনেপ্ৰেমীসকল। মন কৰিবলগীয়া যে, 'ফুটপ্ৰিণ্টছ্ অন ৱাটাৰ' ছবিখনে ইয়াৰ পূৰ্বে নিউয়ৰ্কত অনুষ্ঠিত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত পৰিচালকৰ প্ৰথম ছবিৰ শিতানত শ্ৰেষ্ঠ ছবি হিচাবেও পুৰস্কৃত হৈছিল। উক্ত ছবি মহোৎসৱতো আদিল হুছেইনে শ্ৰেষ্ঠ অভিনেতাৰ বাবে মনোনয়ন লাভ কৰিছিল। আদিল হুছেইনৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে অসমবাসী।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে